প্ৰধানমন্ত্ৰীয়ে ১১খন ৰাজ্যৰ ১১টা পিএচিএছত ‘সমবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ আঁচনি’ৰ পাইলট প্ৰজেক্ট উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে গুদাম আৰু অন্যান্য কৃষি সম্পৰ্কীয় আন্তঃগাঁথনি সৃষ্টিৰ বাবে অতিৰিক্ত ৫০০ পিএচিএছৰ আধাৰশিলাও স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে দেশজুৰি ১৮ হাজাৰ পিএচিএছত কম্পিউটাৰাইজেশ্যনৰ বাবে প্ৰকল্প উদ্বোধন কৰিব

দেশৰ সমবায় খণ্ডক শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমবায় খণ্ডৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ১১খন ৰাজ্যৰ ১১খন প্ৰাথমিক কৃষি ঋণ সমিতি (পিএচিএছ)ত পৰিচালিত হৈ থকা ‘সমবায় খণ্ডৰ বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ আঁচনি’ৰ পাইলট প্ৰকল্প উদ্বোধন কৰিব।

এই পদক্ষেপৰ অধীনত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে গুদাম আৰু অন্যান্য কৃষি সম্পৰ্কীয় আন্তঃগাঁথনি সৃষ্টিৰ বাবে অতিৰিক্ত ৫০০ পিএচিএছৰ আধাৰশিলাও স্থাপন কৰিব। এই পদক্ষেপৰ উদ্দেশ্য হৈছে পিএচিএছ গুদামবোৰক খাদ্যান্ন যোগান শৃংখলাৰ সৈতে বাধাহীনভাৱে একীকৃত কৰা, খাদ্য সুৰক্ষা শক্তিশালী কৰা তথা নাবাৰ্ডৰ দ্বাৰা সমৰ্থিত আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (এনচিডিচি)ৰ নেতৃত্বত সহযোগিতামূলক প্ৰচেষ্টাৰে দেশৰ অৰ্থনৈতিক বিকাশ প্ৰসাৰ কৰা। এই পদক্ষেপক কৃষি আন্তঃগাঁথনি পুঁজি (এআইএফ), কৃষি বিপণন আন্তঃগাঁথনি (এএমআই) আদি বিভিন্ন বৰ্তমানৰ আঁচনিৰ একত্ৰীকৰণৰ জৰিয়তে ৰূপায়ণ কৰি থকা হৈছে যাতে প্ৰকল্পটোত অংশগ্ৰহণ কৰা পেএচিএছক আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজসাহায্য আৰু সুত অনুদান লাভ আহৰণ কৰাত সক্ষম কৰি তুলিব পৰা যায়।

প্ৰধানমন্ত্ৰীয়ে দেশজুৰি ১৮ হাজাৰ পিএচিএছত কম্পিউটাৰাইজেশ্যনৰ বাবে প্ৰকল্প উদ্বোধন কৰিব, যি চৰকাৰৰ "সহযোগিতাৰে সমৃদ্ধি" ভিজনৰ অনুৰূপ। ইয়াৰ উদ্দেশ্য হৈছে সমবায় খণ্ডক পুনৰ শক্তিশালী কৰা তথা ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক সৱলীকৰণ কৰা।

এই গুৰুত্বপূৰ্ণ প্ৰকল্পত ২,৫০০ কোটি টকাতকৈ অধিক আৰ্থিক ব্যয়ৰে অনুমোদন জনোৱা হৈছে। এই পদক্ষেপত বাধাহীন একীকৰণ আৰু কানেক্টিভিটি সুনিশ্চিত কৰি সকলো কাৰ্যৰত পিএচিএছক সংহত উদ্যোগ সম্পদ পৰিকল্পনা (ইআৰপি) ভিত্তিক ৰাষ্ট্ৰীয় ছফ্টৱেৰলৈ ৰূপান্তৰিত কৰাটো অন্তৰ্ভুক্ত। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে এই পিএচিএছবোৰক ৰাজ্য সমবায় বেংক আৰু জিলা কেন্দ্ৰীয় সমবায় বেংকসমূহৰ মাধ্যমত নাবাৰ্ডৰ সৈতে সংযুক্ত কৰি, সিবিলাকৰ সঞ্চালন দক্ষতা আৰু শাসন বৃদ্ধি কৰা, এনেদৰে কোটি কোটি ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক উপকৃত হ'ব। নাবাৰ্ডে এই প্ৰকল্পৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাধাৰণ ছফ্টৱেৰ প্ৰস্তুত কৰিছে, যাক সমগ্ৰ দেশতে পিএচিএছৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ডিজাইন কৰা হৈছে। ইআৰপি ছফ্টৱেৰত ১৮,০০০ পিএচিএছৰ অনবৰ্ডিং সম্পূৰ্ণ হৈছে, যিটো প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Commendable performance of India’s marine exports amid uncertain times

Media Coverage

Commendable performance of India’s marine exports amid uncertain times
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 মে’ 2026
May 02, 2026

Viksit Bharat Unfolding: PM Modi Delivers Jobs, Clean Energy, Digital Justice & Economic Firepower