প্ৰধানমন্ত্ৰীয়ে দিল্লী মেট্ৰ’ৰ মজলিছ পাৰ্ক-মৌজপুৰ বাবৰপুৰ (পিংক লাইন) আৰু দীপালী চক-মজলিছ পাৰ্ক (মেজেন্টা লাইন) কৰিডৰ উদ্বোধন কৰিব
প্ৰধানমন্ত্ৰীয়ে দিল্লী মেট্ৰ’ৰ ফেজ ৫-এৰ সম্প্ৰসাৰণৰ অধীনত তিনিটা নতুন কৰিডৰৰো আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে সাধাৰণ চৰকাৰী আৱাসিক বাসস্থান (জিপিআৰএ) পুনৰ উন্নয়ন আঁচনিৰ অধীনত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপন কৰিব
ৰাজহুৱা কোষাগাৰক প্ৰভাৱিত নকৰাকৈ উদ্ভাৱনীমূলক, আত্মনিৰ্ভৰশীল এক বিত্তীয় আৰ্হিৰ জৰিয়তে এই প্ৰকল্পসমূহ পুনৰ বিকশিত কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ মাৰ্চৰ দিনৰ প্ৰায় ১২ বজাত দিল্লীত প্ৰায় ৩৩,৫০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ এক সমাৱেশতো ভাষণ দিব। অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে সৰোজিনী নগৰৰ জিপিআৰএ টাইপ-৫ আৱাস পৰিদৰ্শন কৰি মহিলা হিতাধিকাৰীসকলক গৃহ হস্তান্তৰ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় ১৮,৩০০ কোটি টকাৰ দিল্লী মেট্ৰ’ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ উদ্বোধন কৰিবলগীয়া দুটা নতুন দিল্লী মেট্ৰ’ কৰিডৰ হল- প্ৰায় ১২.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মজলিছ পাৰ্ক-মৌজপুৰ বাবৰপুৰ (পিংক লাইন) কৰিড’ৰ আৰু প্ৰায় ৯.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ দীপালী চ’ক-মজলিছ পাৰ্ক (মেজেন্টা লাইন) কৰিড’ৰ। এই নতুন সংযোগৰ জৰিয়তে দিল্লীৰ বুৰাৰী, জগতপুৰ-ৱাজিৰাবাদ, খাজুৰি খাছ, ভজনপুৰা, যমুনা বিহাৰ, মধুবন চক, হায়দৰপুৰ বদলি মোৰ, ভালাছোৱা, আৰু মজলিছ পাৰ্ককে ধৰি কেইবাটাও অঞ্চল উপকৃত হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লী মেট্ৰ’ৰ ফেজ ৫-এৰ অধীনত মুঠ প্ৰায় ১৬.১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ তিনিটা নতুন কৰিডৰৰ আধাৰশিলাও স্থাপন কৰিব। এই তিনিটা নতুন কৰিডৰ হ’ল- আৰ কে আশ্ৰম মাৰ্গৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ, এৰ’চিটিৰ পৰা ইন্দিৰা গান্ধী বিমানবন্দৰৰ টাৰ্মিনেল-১লৈ আৰু টোঘলকবাদৰ পৰা কালিন্দী কুঞ্জলৈ। এই কৰিডৰসমূহে ৰাষ্ট্ৰীয় ৰাজধানীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানলৈ প্ৰত্যক্ষ সংযোগ প্ৰদান কৰিব আৰু দক্ষিণ দিল্লী, নয়ডা আৰু বিমানবন্দৰৰ মাজৰ যাত্ৰাসকলৰ বাবে সংযোগ উন্নত কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সাধাৰণ চৰকাৰী আৱাসিক বাসস্থান (জিপিআৰএ) পুনৰ উন্নয়ন আঁচনিৰ অধীনত ১৫,২০০ কোটি টকাৰ কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহ সৰোজিনী নগৰ, নেতাজী নগৰ, কস্তুৰবা নগৰ আৰু শ্ৰীনিবাসপুৰী আদি প্ৰধান অঞ্চলবোৰত অৱস্থিত। জিপিআৰএৰ এই কলনীবোৰ আধুনিকীকৰণ আৰু চৰকাৰী কৰ্মচাৰী তথা প্ৰশাসনিক কাৰ্যালয়ৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰৰ অভিলাষী কাৰ্যসূচীৰ অংশ।

এই প্ৰকল্পসমূহৰ পুনৰ উন্নয়ন এক অভিনৱ আত্মনিৰ্ভৰশীল বিত্তীয় আৰ্হিৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে, যি ৰাজহুৱা কোষাগাৰত বোজা নপৰাকৈ পুনৰ উন্নয়ন কৰাটো নিশ্চিত কৰে। এই আৰ্হিৰ অধীনত চৰকাৰে প্ৰকল্প প্ৰস্তাৱিত এলেকাবোৰৰ এটা সীমিত অংশ বাণিজ্যিক আৰু আৱাসিক স্থানৰ বাবে উন্নয়ন আৰু উপাৰ্জনৰ আহিলা কৰি সমগ্ৰ প্ৰকল্পটোৰ বিত্তীয় সাহায্য আগবঢ়াইছে। ইয়াৰ পৰা আহৰণ কৰা ৰাজহৰ সহায়ত আধুনিক চৰকাৰী গৃহ নিৰ্মাণ, আনুষংগিক আন্তঃগাঁথনি আৰু ৰাজহুৱা সা-সুবিধা পুনৰ উন্নয়ন কৰা হৈছে।

এই পুনৰ উন্নয়ন পৰিকল্পনাই চৰকাৰী কৰ্মচাৰীৰ বাবে ৯,৩৫০ টাতকৈও অধিক আধুনিক ফ্লেট উপলব্ধ কৰিব আৰু প্ৰায় ৪৮ লাখ বৰ্গফুটৰ কাৰ্যালয়ৰ স্থান সৃষ্টি কৰিব। যাৰ ফলত প্ৰশাসনিক দক্ষতা যথেষ্ট বৃদ্ধি পাব আৰু আৰ্থিক লাভ হ’ব বুলি আশা কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Hope for productive monsoon session': PM Modi highlights India's gains ahead of Parliament proceedings

Media Coverage

'Hope for productive monsoon session': PM Modi highlights India's gains ahead of Parliament proceedings
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"