প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ নৱেম্বৰৰ পুৱা ১০ বাজি ৩০ মিনিটত বাৰাণসীত বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন তথা শিলান্যাস ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কৰিব। এই প্ৰকল্পবোৰৰ বাবে ব্যয় হ’ব ৬১৪ কোটি টকা। প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পবোৰৰ হিতাধিকাৰীসলৰ সৈতে অনুষ্ঠানত মত বিনিময় কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও এই অনুষ্ঠান উপস্থিত থাকিব।

 

উদ্বোধন কৰিবলগীয়া প্ৰকল্পবোৰ হ’ল :- সাৰনাথত লাইট এণ্ড ছাউণ্ড প্ৰদৰ্শনী, ৰামনগৰত লালবাহাদুৰ শাস্ত্ৰী হাস্পতালৰ উন্নয়ণ, পয়ঃনিষ্কাসন প্ৰকল্প, গো-ৰক্ষাৰ বাবে কিছু আন্তঃগাঁথনিৰ উন্নয়ন, বহুমুখী বীজ সংগ্ৰহালয়, ১০০ মেট্ৰিকটন ক্ষমতাসম্পন্ন কৃষিপণ্যৰ গুদাম, আইপিডিএছ-ৰ দ্বিতীয় পৰ্যায়, সম্পূৰ্ণানন্দ ষ্টেডিয়ামৰ ক্ৰীড়াবিদসকলৰ বাবে হোষ্টেল, বাৰাণসী চহৰৰ পোহৰৰ ব্যৱস্থা তথা ১০৫ টা অংগনৱাড়ী কেন্দ্ৰ আৰু ১০২ টা গোশালা কেন্দ্ৰ। 

 

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভালেমান উন্নয়নমূলক প্ৰকল্পৰো শিলান্যাস কৰিব। এইবোৰ হ’ল :- দশাশ্বমেধ ঘাট আৰু খিৰকিয়া ঘাটৰ সংস্কাৰ, পিএচি পুলিচ বাহিনীৰ বেৰেকৰ সংস্কাৰ, কাশীৰ ভালেমান ৱাৰ্ডৰ কিছু উন্নয়নমূলক প্ৰকল্প, বানিয়াবাগ উদ্যানৰ সংস্কাৰ, গিৰিজা দেৱী সাংস্কৃতিক শঙ্কুলৰ বহুমুখী হলৰ উন্নয়ন, চহৰৰ কিছু পথ মেৰামতি আৰু পৰ্যটনকেন্দ্ৰৰ উন্নয়ন।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026