জম্মু অঞ্চলত সংযোগ আৰু অধিক বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে নতুন জম্মু ৰে’লৱে সংমণ্ডল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
তেলেংগানাৰ চাৰ্লাপল্লী নিউ টাৰ্মিনেল ষ্টেচনো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
পূব উপকূলীয় ৰে’লৱেৰ ৰায়গড়া ৰে’লৱে সংমণ্ডল ভৱনৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ জানুৱাৰীত দিনৰ ১২:৩০ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন ৰে'ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

অঞ্চলটোত সংযোগ আৰু অধিক উন্নীতকৰণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে নতুন জম্মু ৰে’ল বিভাগৰ শুভাৰম্ভ কৰিব। তদুপৰি, তেওঁ তেলেংগানাৰ চাৰ্লাপল্লী নিউ টাৰ্মিনেল ষ্টেচন উদ্বোধন কৰাৰ লগতে পূব উপকূলীয় ৰে’লৱেৰ ৰায়গাডা ৰে’লৱে ডিভিজন বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰিব।

পাঠানকোট-জম্মু-উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা, ভোগপুৰ ছিৰৱাল-পাঠানকোট, বটালা-পাঠানকোট আৰু পাঠানকোট পৰা যোগীন্দৰ নগৰ অংশকে ধৰি ৭৪২.১ কিলোমিটাৰ অংশৰ জম্মু ৰে’লৱে সংমণ্ডল সৃষ্টি কৰিলে জম্মু আৰু কাশ্মীৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ যথেষ্ট লাভ হ'ব, জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী আৰু আশা-আকাংক্ষা পূৰণ হোৱাৰ লগতে ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ উন্নত হ’ব। ইয়াৰ জৰিয়তে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব, আন্তঃগাঁথনি উন্নয়ন হ’ব, পৰ্যটনক প্ৰসাৰিত হ’ব আৰু অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়ন হ’ব।

তেলেংগানাৰ মেডচাল-মালকাজগিৰি জিলাৰ চাৰ্লাপল্লী নিউ টাৰ্মিনেল ষ্টেচনক প্ৰায় ৪১৩ কোটি টকা ব্যয় সাপেক্ষে দ্বিতীয় প্ৰৱেশৰ ব্যৱস্থাৰ লগতে নতুন কোচিং টাৰ্মিনেল হিচাপে গঢ়ি তোলা হৈছে। যাত্ৰীসকলৰ বাবে ভাল সুবিধা থকা এই পৰিৱেশ অনুকূল টাৰ্মিনেলটোৱে চহৰখনৰ বৰ্তমানৰ কোচিং টাৰ্মিনেল যেনে ছেকেণ্ডৰাবাদ, হায়দৰাবাদ আৰু কাচেগুড়াৰ ভিৰ হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীয়ে পূব উপকূলীয় ৰে’লৱেৰ ৰায়গড়া ৰে’লৱে সংমণ্ডল ভৱনৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ জৰিয়তে ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ সংযোগ উন্নত হ’ব আৰু অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়ন হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future