প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ আগষ্টত পুৱা ১১ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত গুজৰাটৰ সোমনাথত একাধিক পৰিকল্পনা উদ্ঘাটন আৰু শিলান্যাস কৰিব। যিবিলাক পৰিকল্পনা উদ্ঘাটন কৰা হ'ব তাৰ ভিতৰত সোমনাথ ভ্ৰমণ স্থলী, সোমনাথ প্ৰদৰ্শনী কেন্দ্ৰ আৰু পুৰণি (জুনা) সোমনাথৰ পুনৰ্নিৰ্মিত মন্দিৰ পৰিসৰ অন্তৰ্ভুক্ত আছে। এই সময়ত প্ৰধানমন্ত্ৰীয়ে শ্ৰী পাৰ্বতী মন্দিৰৰ আধাৰশিলাও স্থাপন কৰিব।

 

সোমনাথ ভ্ৰমণ স্থলীক 'প্ৰসাদ (তীৰ্থযাত্ৰা কায়াকল্প আৰু আধ্যাত্মিক, ঐতিহ্য সংবৰ্ধন অভিযান) যোজনা'ৰ জৰিয়তে ৪৭ কোটি টকাতকৈও অধিক ব্যয়েৰে বিকশিত কৰা হৈছে। 'পৰ্যটক সুবিধা কেন্দ্ৰ'ৰ পৰিসৰত বিকশিত সোমনাথ প্ৰদৰ্শনী কেন্দ্ৰত পুৰণি সোমনাথ মন্দিৰৰ খণ্ডিত অংশ আৰু পুৰণি সোমনাথৰ নগৰ শৈলীৰ মন্দিৰ বাস্তুকলাযুক্ত মূৰ্তিসমূহ প্ৰদৰ্শন কৰা হয়।

 

পুৰণি (জুনা) সোমনাথৰ পুনৰ্নিৰ্মিত মন্দিৰ পৰিসৰৰ শ্ৰী সোমনাথ ট্ৰাষ্টৰ দ্বাৰা ৩.৫ কোটি টকাৰ মুঠ ব্যয়েৰে সম্পূৰ্ণ কৰা হৈছে। এই মন্দিৰক 'অহিল্যাবাই মন্দিৰ' হিচাপেও জনা যায় কিয়নো এই মন্দিৰ ৰাণী অহিল্যাবাইৰ দ্বাৰা তেতিয়া নিৰ্মাণ কৰা হৈছিল, যেতিয়া তেওঁ পাইছিল যে পুৰণি মন্দিৰ খণ্ডিত হৈ গ'ল। তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ লগতে ইয়াৰ ক্ষমতা বৃদ্ধি কৰিবলৈ সম্পূৰ্ণ পুৰণি মন্দিৰ পৰিসৰৰ সামগ্ৰিকভাৱে পুনৰ বিকাশ কৰা হৈছে। 

 

শ্ৰী পাৰ্বতী মন্দিৰৰ নিৰ্মাণ ৩০ কোটি টকাৰ মুঠ ব্যয়েৰে কৰাৰ প্ৰস্তাৱ আছে। ইয়াত সোমপুৰা ছালাত শৈলীত মন্দিৰৰ নিৰ্মাণ, গৰ্ভ গৃহ আৰু নৃত্য মণ্ডপৰ বিকাশ কৰা অন্তৰ্ভুক্ত হ'ব।

 

 কেন্দ্ৰীয় গৃহমন্ত্ৰী, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী, গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীও অনুষ্ঠানত উপস্থিত থাকিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi