প্রধানমন্ত্রীয়ে গুজৰাট ছায়েন্স ছিটিত একোৱাটিক্স আৰু ৰোবটিক্স গেলাৰী তথা নেচাৰ পার্কৰো উদ্বোধন কৰিব

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৬ জুলাইত ভিডিও কনফাৰেন্সৰ মাধ্যমত গুজৰাটত এলানি ৰে'ল প্রকল্প উদ্বোধন আৰু জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব। এই অনুষ্ঠানত তেওঁ গুজৰাট ছায়েন্স ছিটিত একোৱাটিক্স আৰু ৰোবটিক্স গেলাৰী তথা নেচাৰ পার্কৰো উদ্বোধন কৰিব।

যি ৰে'ল প্রকল্পসমূহৰ উদ্বোধন কৰা হ'ব, সেইবিলাক হ'ল : নব নির্মিত গান্ধীনগৰ কেপিটাল ৰে'ল ষ্টেচন, মাহেসানা – বাৰেঠাৰ মাজত লাইনৰ গজ পৰিবর্তন আৰু বৈদ্যুতিকীকৰণ, সুৰেন্দ্র নগৰ – পিপাভাও শাখাৰ বৈদ্যুতিকীকৰণ। শ্রী মোদীয়ে এই অনুষ্ঠানত গান্ধীনগৰ কেপিটাল – বাৰাণসী ছুপাৰ ফাষ্ট এক্সপ্রেছ আৰু গান্ধীনগৰ কেপিটালৰ পৰা বাৰেঠাৰৰ মাজত মেমু ট্রেনৰ যাত্রাৰ সূচনা কৰিব।

নব নির্মিত গান্ধীনগৰ কেপিটাল ৰে'ল ষ্টেচন : 

৭১ কোটি টকা ব্যয়েৰে নব নির্মিত গান্ধীনগৰ কেপিটাল ৰে'ল ষ্টেচনৰ কাম শেষ হৈছে। এই ষ্টেচনত আধুনিক বিমানবন্দৰৰ দৰে বিশ্বমানৰ সকলো ধৰণৰ সুযোগ সুবিধা থাকিব। অন্য ধৰণে সক্ষমসকলৰ সুবিধাৰ বাবে বিশেষ নজৰ ৰখা হৈছে। এইসকলৰ বাবে বিশেষ টিকট বুকিং কাউন্টাৰ, ৰেম্প, লিফট, গাড়ী পার্কিঙৰ ঠাই আছে। নব নির্মিত ৰে'ল ষ্টেচনটো পৰিবেশ বান্ধব ষ্টেচন। এই ষ্টেচনত অত্যাধুনিক সুযোগ সুবিধাৰ সমান্তৰালকৈ শিল্পৰ নান্দনিক স্পৰ্শ আছে। ষ্টেচনৰ বাহিৰত ৩২বিধৰ বিষয়বস্তু সম্বলিত আলোক সজ্জাৰ ব্যবস্থাও কৰা হৈছে। ইয়াৰ উপৰিও ষ্টেচনৰ মাজত এখন ফাইভ ষ্টাৰ হোটেল আছে।

মাহেসানা – বাৰেঠাৰ মাজত লাইনৰ গজ পৰিবর্তন আৰু বৈদ্যুতিকীকৰণ (বাড়নগৰ ষ্টেচন সহ) :

৫৫ কিলোমিটাৰ দীর্ঘ মাহেসানা – বাৰেঠা শাখাত ২৯৩ কোটি টকা ব্যয়েৰে ব্রডগজ লাইন কৰা হৈছে। ইয়াৰ উপৰিও ৭৪ কোটি টকা ব্যয়েৰে বৈদ্যুতিকীকৰণৰ কাম শেষ হৈছে। এই শাখাত বিসনগৰ, বাড়নগৰ, খেলাৰু আৰু বাৰেঠা ষ্টেচনত নব নির্মিত ভবন তৈয়াৰ কৰাৰ সমান্তৰালকৈ ১০টা ষ্টেচনৰ সংস্কাৰ কৰা হৈছে। বাড়নগৰ – মধেৰা – পাটন ঐতিহ্যবাহী চার্কিটৰ আওতাত বাড়নগৰ ষ্টেচনটোক নতুনকৈ সজোৱা হৈছে। এই ষ্টেচনটো মাহেসানা – বাৰেঠা শাখাৰ গুৰুত্বপূর্ণ ষ্টেচন। বাড়নগৰ ষ্টেচনত পাথৰৰ খোদাই কৰা মূর্তিৰ উপৰিও সমান্তৰালকৈ এলাকাৰ প্রাকৃতিক সৌন্দর্য্য অপৰিসীম। এতিয়াৰ পৰা এই ষ্টেচনত ব্রডগজ লাইন ব্যবহাৰ কৰি যাত্রী আৰু পণ্যবাহী ট্রেন বাধাহীনভাবে চলাচল কৰিব।

সুৰেন্দ্র নগৰ – পিপাভাও শাখাৰ বৈদ্যুতিকীকৰণ :

২৮৯ কোটি টকা ব্যয়েৰে এই প্রকল্পটো সম্পূর্ণ হৈছে। ইয়াৰ ফলত পালানপুৰ, আমেদাবাদ আৰু দেশৰ অন্যান্য অংশৰ সৈতে পিপাভাও বন্দৰত বাধাহীনভাবে পণ্য পৰিবহণ কৰা যাব। বৈদ্যুতিকীকৰণৰ ফলত আমেদাবাদ, বিৰামগাম আৰু সুৰেন্দ্রনগৰ ইয়ার্ডত ট্রেন চলাচলত কোনো সমস্যা নহ'ব। ট্রেনৰ ইঞ্জিন পৰিবর্তন কৰাৰ বাবে যি সময় নষ্ট হয়, সেয়া আৰু নহ'ব।

একোৱাটিক্স গেলাৰী :

অত্যাধুনিক একোৱাটিক্স গেলাৰীত যথেষ্ট সংখ্যক দিঘী আছে। ইয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ জলজ প্রাণীবিলাক আছে। মূল দিঘীত বিশ্বৰ নানা ঠাইৰ হাঙড় ৰখা হৈছে। ইয়াত ২৮ মিটাৰ দীর্ঘ এটি সুৰঙ্গ আছে, যাৰ মাজেৰে খোজকঢ়াৰ সময়ত অনন্য অভিজ্ঞতা সঞ্চিত হ'ব।

ৰোবটিক্স গেলাৰী :

ৰোবটিক্স প্রযুক্তিৰ বিভিন্ন তথ্য জনাৰ কাৰণে এই গেলাৰী তৈয়াৰ কৰা হৈছে। ইয়াত দর্শকসকলে নানা তথ্য জানিব পাৰিব। মূল প্রবেশ পথত ৰোবটৰ পৰিবর্তনক লৈ এটি বিশাল ৰেপ্লিকা আছে। ইয়াত সবাতোকৈ আকর্ষণীয় দিশটো হ'ল, মানুহৰ অনুভূতি সম্পন্ন ৰোবটে দর্শকসকলক স্বাগতম জনাব। দর্শকসকলে আনন্দত বিস্ময়ত উৎফুল্ল হৈ উঠিব। প্রদর্শশালাৰ বিভিন্ন তলত বিভিন্ন ক্ষেত্রত কাম কৰা ৰোবটৰ কামৰ ধাৰা সম্পর্কে জনোৱা হ'ব। ঔষধ, চিকিৎসা, মহাকাশ, প্রতিৰক্ষা সহ আমাৰ দৈনন্দিন জীবনত ৰোবটৰ ব্যবহাৰ সম্পর্কে বিভিন্ন তথ্য জনোৱা হ'ব।

নেচাৰ পার্ক :

কুঁৱলি উদ্যান, দাবা উদ্যান, নিজস্বী বা ছেলফি তোলাৰ ঠাই, ভাস্কর্য উদ্যান সহ বিভিন্ন নয়নাভিৰাম উপাদান এই উদ্যানত আছে। শিশুসকলে যাতে ভূলভূলাইয়াৰ স্বাদ পাব পাৰে, এই পার্কত তাৰ ব্যবস্থাও কৰা আছে। এই উদ্যানত বিলুপ্ত প্রাণী যেনে, মেমথ, হিংস্র চৰাই, বিৰাট দাঁত যুক্ত ছাবেৰ টুথ সিংহৰ ভাস্কর্য্য  আছে। ইয়াত এই সকলো বিলুপ্ত প্রাণী সম্পর্কে বিভিন্ন বৈজ্ঞানিক তথ্য লেখা থাকিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi