দুদিনীয়া এই সমাগম এনইপি ২০২০ৰ শুভাৰম্ভৰ তৃতীয় বাৰ্ষিকী উপলক্ষে আয়োজিত হৈছে
প্ৰধানমন্ত্ৰীয়ে পিএম শ্ৰী আঁচনিৰ অধীনত পুঁজিৰ প্ৰথম কিস্তি মোকলাই দিব
প্ৰধানমন্ত্ৰীয়ে শিক্ষা আৰু দক্ষতাৰ পাঠ্যক্ৰমৰ ১২ টা ভাৰতীয় ভাষালৈ অনুবাদ কৰা কিতাপ উন্মোচন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৯ জুলাইত দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত পুৱা ১০ বজাত অখিল ভাৰতীয় শিক্ষা সমাগম উদ্বোধন কৰিব। এই সমাগম ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ তৃতীয় বাৰ্ষিকী উপলক্ষে আয়োজিত হৈছে।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পিএম শ্ৰী আঁচনিৰ অধীনত পুঁজিৰ প্ৰথম কিস্তি মোকলাই দিব। এই বিদ্যালয়সমূহে শিক্ষাৰ্থীসকলক এনেদৰে শিক্ষাদান কৰিব যাতে তেওঁলোকে ৰাষ্ট্ৰীয় শিক্ষা নীতি(এনইপি২০২০ৰ পৰিকল্পনা অনুসৰি এক ন্যায়সংগত, সামগ্ৰিক আৰু বহুজাতিক সমাজ গঢ়াত অংশগ্ৰহণ কৰিব পৰা নাগৰিক হৈ উঠিব পাৰে। প্ৰধানমন্ত্ৰীয়ে শিক্ষা আৰু দক্ষতা পাঠ্যক্ৰমৰ ১২ টা ভাৰতীয় ভাষালৈ অনুবাদ কৰা কিতাপো উন্মোচন কৰিব।

প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হৈ যুৱপ্ৰজন্মক সাজু কৰাৰ বাবে আৰু তেওঁলোকক অমৃত কালত দেশৰ নেতৃত্ব দিয়াৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যৰে এনইপি ২০২০ আৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য হৈছে তেওঁলোকক ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুত কৰা, আৰু তেওঁলোকক মৌলিক মানৱীয় মূল্যবোধৰে জড়িত কৰি ৰখা। ইয়াৰ কাৰ্যকৰীকৰণৰ তিনি বছৰৰ সময়ছোৱাত এই নীতিয়ে বিদ্যালয়, উচ্চ আৰু দক্ষতা শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধিছে। ২৯ আৰু ৩০ জুলাইত অনুষ্ঠিত হ'বলগীয়া দুদিনীয়া কাৰ্যসূচীয়ে শিক্ষাবিদ, খণ্ড বিশেষজ্ঞ, নীতি নিৰ্মাতা, উদ্যোগ প্ৰতিনিধি, বিদ্যালয়, উচ্চ শিক্ষা আৰু দক্ষতা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলক এনইপি ২০২০ ৰূপায়ণ সম্বন্ধীয় তেওঁলোকৰ অন্তৰ্দৃষ্টি, সফলতাৰ কাহিনী আৰু সৰ্বশ্ৰেষ্ঠ পদ্ধতিসমূহ ভাগ বতৰা কৰিবলৈ আৰু ইয়াক আগুৱাই নিয়াৰ বাবে ৰণনীতি প্ৰস্তুত কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব।

অখিল ভাৰতীয় শিক্ষা সমাগমত ষোল্লখন সত্ৰ অন্তৰ্ভুক্ত থাকিব, য'ত গুণগত শিক্ষা আৰু শাসনৰ প্ৰৱেশাধিকাৰ, ন্যায়সংগত আৰু সামগ্ৰিক শিক্ষা, সামাজিক-অৰ্থনৈতিকভাৱে সুবিধা বঞ্চিত গোটৰ বিষয়সমূহ, ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ৰেংকিং ফ্ৰেমৱৰ্ক, ভাৰতীয় জ্ঞান প্ৰণালী, শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয়কৰণকে ধৰি বিষয়সমূহৰ ওপৰত আলোচনা অনুষ্ঠিত হ'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi