এই ৰে’লকেইখনে উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকত পৰিবহণ সুবিধা বৃদ্ধি কৰিব
যাত্ৰীসকলক বিশ্বমানৰ অভিজ্ঞতা প্ৰদান, যাত্ৰাৰ সময় হ্ৰাস কৰা আৰু পৰ্যটনক উৎসাহ প্ৰদান কৰাৰ উদ্দেশ্যে নতুন ‘বন্দে ভাৰত ৰে’ল’ৰ সংযোজন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ জৰিয়তে ৩১ আগষ্ট, ২০২৪ তাৰিখে দুপৰীয়া ১২:৩০ বজাত তিনিখন বন্দে ভাৰত ৰে'লৰ যাত্ৰাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীৰ 'মে’ক ইন ইণ্ডিয়া' আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগী সাৰোগত কৰি নিৰ্মাণ কৰা অত্যাধুনিক ‘বন্দে ভাৰত এক্সপ্ৰেছ’য়ে ‘মিৰাট-লক্ষ্ণৌ’;        ‘মাদুৰাই – বেংগালুৰু’ আৰু ‘চেন্নাই – নাগৰকইল’ এই তিনিটা পথত যাতায়াতৰ সুবিধা উন্নত কৰিব।

‘মীৰাট চহৰ – লক্ষ্ণৌ’ সংযোগী ‘বন্দে ভাৰত’য়ে দুয়োখন চহৰৰ মাজত বৰ্তমানৰ দ্ৰুততম ৰে’লৰ তুলনাত যাত্ৰীসকলৰ যাতায়তী সময় প্ৰায় ১ ঘণ্টা ৰাহি কৰাত সহায় কৰিব। একেদৰে, ‘চেন্নাই এগম'ৰ– নাগৰকইল বন্দে ভাৰত’ আৰু ‘মাদুৰাই-বেংগালুৰু বন্দে ভাৰত ৰে'ল’ দুখনেও ক্ৰমে ২ ঘণ্টা আৰু প্ৰায় ১ ঘণ্টা ৩০ মিনিটতকৈয়ো অধিক সময় ৰাহি কৰিব।

এই নতুন ‘বন্দে ভাৰত ৰে'ল’কেইখনে অঞ্চলকেইটাৰ লোকসকলক দ্ৰুত আৰু আৰামেৰে ভ্ৰমণ কৰাৰ বাবে বিশ্বমানৰ সুবিধা প্ৰদান কৰিব আৰু তিনিখন ৰাজ্য- উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকক সেৱা আগবঢ়াব। এই ‘বন্দে ভাৰত এক্সপ্ৰেছ ৰে'ল’কেইখনৰ প্ৰৱৰ্তনে নিয়মীয়া ভ্ৰমণকাৰী, পেছাদাৰ, ব্যৱসায়ী আৰু ছাত্ৰ সকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে ৰে'ল সেৱাৰ এক নতুন মানৰ সূচনা কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Economic Journey: From Licence Raj To Pragmatic Governance

Media Coverage

India's Economic Journey: From Licence Raj To Pragmatic Governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi