এই ৯খন নতুন বন্দে ভাৰত ৰেলে এঘাৰখন ৰাজ্যৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব
বন্দে ভাৰতে পুৰী, মাদুৰাই আৰু তিৰুপতিৰ দৰে গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থানসমূহক সংযুক্ত কৰিব
এই ৰেলসমূহ নিজা পথত দ্ৰুতগতিত চলিব আৰু ইয়াৰ ফলত যাত্ৰীসকলৰ যথেষ্ট সময় ৰাহি হ’ব
যাত্ৰীসকলক বিশ্বমানৰ অভিজ্ঞতা প্ৰদানৰ লগতে পৰ্যটনক উদ্দীপনা যোগাব নতুন ৰেলসমূহে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ ছেপ্টেম্বৰ, ২০২৩ত দিনৰ ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৯খন বন্দে ভাৰত ৰেলৰ ফ্লেগ অফ কৰিব।

এই নতুন বন্দে ভাৰত ৰেলসমূহে সমগ্ৰ দেশৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ লগতে এয়া হৈছে ৰেল যাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদানৰ অৰ্থে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক বাস্তৱায়িতকৰণৰ দিশত এক পদক্ষেপ। ফ্লেগ অফ কৰিবলগীয়া নতুন ৰেলসমূহ হ’লঃ

১) উদয়পুৰ–জয়পুৰ বন্দে ভাৰত এক্সপ্ৰেছ

২) তিৰুনেলভেলী-মাদুৰাই-চেন্নাই বন্দে ভাৰত এক্সপ্ৰেছ

৩) হায়দৰাবাদ–বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছ

৪) বিজয়াৱাড়া–চেন্নাই (ৰেনিগুন্টা হৈ) বন্দে ভাৰত এক্সপ্ৰেছ

৫) পাটনা–হাওৰা বন্দে ভাৰত এক্সপ্ৰেছ

৬) কাছাৰগোড-তিৰুৱনন্তপুৰম বন্দে ভাৰত এক্সপ্ৰেছ

৭) ৰৌৰকেলা-ভুৱনেশ্বৰ–পুৰী বন্দে ভাৰত এক্সপ্ৰেছ

৮) ৰাঁচী–হাওৰা বন্দে ভাৰত এক্সপ্ৰেছ

৯) জামনগৰ-আহমেদাবাদ বন্দে ভাৰত এক্সপ্ৰেছ 

এই ৯খন ৰেলে এঘাৰখন ৰাজ্য ক্ৰমে ৰাজস্থান, তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, বিহাৰ, পশ্চিম বংগ, কেৰালা, ওড়িশা, ঝাৰখণ্ড আৰু গুজৰাটৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব।

এই বন্দে ভাৰত ৰেলসমূহ দ্ৰুতগতিত চলিব আৰু ই যাত্ৰীসকলৰ যথেষ্ট সময় ৰাহিত সহায় কৰিব। বৰ্তমানৰ দ্ৰুত ৰেলৰ তুলনাত ৰৌৰকেলা-ভুৱনেশ্বৰ–পুৰী বন্দে ভাৰত এক্সপ্ৰেছ আৰু কাছাৰগোড-তিৰুৱনন্তপুৰম বন্দে ভাৰত এক্সপ্ৰেছ প্ৰায় ৩ ঘন্টা বেছি দ্ৰুত হ’ব; হায়দৰাবাদ–বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছ ২.৫ ঘন্টাৰো অধিক; তিৰুনেলভেলী-মাদুৰাই-চেন্নাই বন্দে ভাৰত এক্সপ্ৰেছ ২ ঘন্টাৰো অধিক; ৰাঁচী–হাওৰা বন্দে ভাৰত এক্সপ্ৰেছ, পাটনা–হাওৰা বন্দে ভাৰত এক্সপ্ৰেছ আৰু জামনগৰ-আহমেদাবাদ বন্দে ভাৰত এক্সপ্ৰেছ প্ৰায় ১ ঘন্টা আৰু উদয়পুৰ-জয়পুৰ বন্দে ভাৰত এক্সপ্ৰেছ প্ৰায় আধা ঘন্টা আগবঢ়া হ’ব।

সমগ্ৰ দেশৰ গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থানসমূহৰে যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগীৰে সংগতি ৰাখি ৰৌৰকেলা-ভুৱনেশ্বৰ–পুৰী বন্দে ভাৰত এক্সপ্ৰেছ আৰু তিৰুনেলভেলী-মাদুৰাই-চেন্নাই বন্দে ভাৰত এক্সপ্ৰেছে পুৰী আৰু মাদুৰাইৰ গুৰুত্বপূৰ্ণ ধৰ্মীয় চহৰসমূহক সংযোগ কৰিব। লগতে বিজয়াৱাড়া–চেন্নাই বন্দে ভাৰত এক্সপ্ৰেছ ৰেনিগুন্টা পথেৰে চলিব আৰু তিৰুপতি তীৰ্থযাত্ৰা কেন্দ্ৰৰ সৈতে সংযোগ স্থাপন কৰিব।

এই বন্দে ভাৰত ৰেলসমূহৰ প্ৰৱৰ্তনে দেশত ৰেল সেৱাৰ নতুন মানদণ্ডৰ সূচনা কৰিব। বিশ্বমানৰ সুবিধা আৰু কৱচ প্ৰযুক্তিকে প্ৰমুখ্য কৰি উন্নত সুৰক্ষা বৈশিষ্ট্যৰে সজ্জিত এই ৰেলসমূহ সাধাৰণ যাত্ৰী, পেছাদাৰী, ব্যৱসায়ী, ছাত্ৰ সমাজ আৰু পৰ্যটকসকলক আধুনিক, দ্ৰুত আৰু আৰামদায়ক ভ্ৰমণৰ উপায় প্ৰদানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
STEM Enrolment Crosses 1 Crore Mark, Women's Share Rises To 44%: Government Report

Media Coverage

STEM Enrolment Crosses 1 Crore Mark, Women's Share Rises To 44%: Government Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the courage and perseverance of India's Youth
July 20, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the courage and perseverance of India's Youth:

"प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।

दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥"

Shri Modi said that our youth is achieving historic success through their courage, self-confidence, and relentless hard work, and this is the greatest strength of a rapidly developing India.

The Prime Minister posted on X:

आज हमारे युवा साथी धैर्य, आत्मविश्वास और अथक परिश्रम से ऐतिहासिक सफलता हासिल कर रहे हैं। यही विकसित हो रहे भारत की सबसे बड़ी ताकत है।

प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।

दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥