প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ জুন, ২০২৩ তাৰিখে পুৱা ১০:৩০ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে নতুনকৈ নিযুক্তি পোৱা প্ৰায় ৭০,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে নিযুক্তিপ্ৰাপ্তসকলক সম্বোধনো কৰিব।
দেশৰ ৪৩টা স্থানত অনুষ্ঠিত হ’ব ৰ’জগাৰ মেলা। এই পদক্ষেপৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহৰ লগতে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত নিযুক্তি প্ৰক্ৰিয়া চলি আছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত হোৱা নতুন নিযুক্তিপ্ৰাপ্তসকলে বিত্তীয় সেৱা বিভাগ, ডাক বিভাগ, বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰাজহ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, পাৰমাণৱিক শক্তি বিভাগ, ৰে’ল মন্ত্ৰালয়, হিচাপ নিৰীক্ষণ বিভাগ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয় আদিত যোগদান কৰিব।
নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব বুলি প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক পদক্ষেপ হিচাপে চিহ্নিত হৈছে ৰোজগাৰ মেলা। ৰোজগাৰ মেলাই অধিক নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সহায়ক হিচাপে কাম কৰাৰ লগতে যুৱক-যুৱতীসকলক তেওঁলোকৰ সবলীকৰণ আৰু ৰাষ্ট্ৰীয় উন্নয়নত অংশগ্ৰহণৰ অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলে আইজিঅ’টি কৰ্মযোগী পৰ্টেলৰ অনলাইন মডিউল কৰ্মযোগী প্ৰাৰম্ভৰ জৰিয়তেও নিজকে প্ৰশিক্ষণ দিয়াৰ সুযোগ লাভ কৰিছে, য’ত ‘যিকোনো ঠাইতে যিকোনো ডিভাইচ’ শিক্ষণ ফৰ্মেটৰ বাবে ৪০০ৰো অধিক ই-লাৰ্নিং পাঠ্যক্ৰম উপলব্ধ কৰা হৈছে।


