অহা ১৩ ছেপ্তেম্বৰত ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লিয়াম খণ্ডৰ সৈতে জড়িত বিহাৰত থকা তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰিব। উল্লেখ্য যে এই প্ৰকল্পেকেইটাত আছে পাৰাদ্বীপ-হালদিয়া-দুৰ্গাপুৰ পাইপলাইন অ’গমেণ্টেশ্যন প্ৰকল্পৰ দুৰ্গাপুৰ বংকা খণ্ড আৰু দুটা ৰন্ধন গেছৰ বটলিং কাৰখানা। সংশ্লিষ্ট প্ৰকল্পকেইটা কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ক্ৰমে ইণ্ডিয়ান অইল আৰু এইচপিচিএলৰ দ্বাৰা পৰিচালিত হৈছে।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপৰিও বিহাৰৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব।

পাইপলাইন প্ৰকল্পৰ দুৰ্গাপুৰ – বংকা শাখা

ইণ্ডিয়ান অইলে নিৰ্মাণ কৰি উলিওৱা ১৯৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুৰ্গাপুৰ – বংকা পাইপলাইন অংশটো হৈছে পাৰাদ্বীপ-হালদিয়া-দুৰ্গাপুৰ পাইপলাইন অ’গমেণ্টেশ্যন প্ৰকল্পৰ এক অংশ। উল্লেখ্য যে এই প্ৰকল্পটোৰ আধাৰশিলা ২০১৯ চনৰ ১৭ ফেব্ৰুৱাৰীত স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্গাপুৰ – বংকা শাখাটো হৈছে বিহাৰৰ বংকাস্থিত নতুন বটলিং প্লাণ্টৰ সৈতে সংযোজিত ৬৭৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাৰাদ্বীপ-হালদিয়া-দুৰ্গাপুৰ পাইপলাইনৰ এক পৰিৱৰ্ধিত অংশ। ১৪ ইঞ্চি ব্যাসৰ এই পাইপলাইন তিনিখনকৈ ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে, সেয়া ক্ৰমে পশ্চিমবঙ্গ (৬০ কিলোমিটাৰ), ঝাৰখণ্ড (৯৮ কিমি) আৰু বিহাৰ (৩৫ কিমি)। সম্প্ৰতি  পাৰাদ্বীপ শোধনাগাৰ, হালদিয়া শোধনাগাৰ আৰু আইপিপিএল হালদিয়াৰ পৰা অহা পাইপলাইন ছিষ্টেমত ৰন্ধন গেছ ভৰোৱা কাম সম্পাদন কৰিব পৰা যাব। এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত ৰন্ধন গেছ ভৰোৱা ব্যৱস্থাটো পাৰাদ্বীপ ইম্প’ৰ্ট টাৰ্মিনেল আৰু বাৰাউণী শোধনাগাৰৰ পৰাও আহৰণ কৰিব পৰা যাব।

এই প্ৰকল্পৰ কাম সম্পাদন কৰাৰ ক্ষেত্ৰত সৰ্বমুঠ ১৫৪ টা ক্ৰছিং অতিক্ৰম কৰিবলগীয়া হৈছে, ইয়াৰ ভিতৰত ১৩ টা নদী ক্ৰছিঙো আছে। অজয় নদীৰ মাজেৰে ১০৭৭ মিটাৰ দৈৰ্ঘ্যৰ এক ক্ৰছিঙো অতিক্ৰম কৰা হৈছে এই নিৰ্মাণ কাৰ্যত। ৫ টা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩ টা ৰে’লপথো অতিক্ৰম কৰিবলগীয়া হৈছে এই প্ৰকল্পৰ কামৰ ক্ষেত্ৰত।

বিহাৰৰ বংকাস্থিত এলপিজি বটলিং প্লাণ্ট

বংকাস্থিত ইণ্ডিয়ান অইলৰ এই বটলিং প্লাণ্টটোৱে ৰাজ্যখনত ৰন্ধনগেছৰ ক্ষেত্ৰত দেখা দিয়া ক্ৰমবৰ্ধিত চাহিদা পূৰণৰ জৰিয়তে বিহাৰৰ ‘আত্মনিৰ্ভৰশীলতা’ বৃদ্ধি কৰিব। এই বটলিং প্লাণ্টটো নিৰ্মাণৰ বাবে ১৩১.৭৫ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ জৰিয়তে বিহাৰৰ ভগলপুৰ, বংকা, জামুই, আৰাৰিয়া, কিষাণগঞ্জ আৰু কাটিহাৰ জিলাৰ ৰন্ধন গেছৰ চাহিদা পূৰণ কৰিব। তদুপৰি এই প্লাণ্টটোৱে ঝাৰখণ্ডৰো গোড্ডা, দেওঘৰ, ডামকা, চাহিবগঞ্জ আৰু পাকুৰ জিলাৰো চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ব। এই প্লাণ্টটোত ৰন্ধন গেছ ৰখাৰ সামৰ্থ্য হৈছে ১৮০০ মেট্ৰিক টন, আৰু প্ৰতিদিনে ৪০০০০ টা চিলিণ্ডাৰ প্ৰতিদিনে প্ৰস্তুত কৰাৰ সামৰ্থ্য থাকিব। এই প্লাণ্টটোৱে বিহাৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ব্যাপক ৰূপত নিয়োগ সৃষ্টি কৰিবলৈ সক্ষম হ’ব।

বিহাৰৰ চম্পাৰণ (হৰসিধি)স্থিত এলপিজি প্লাণ্ট

HPCL ৰ 120 TMTPA এলপিজি বটলিং প্লাণ্টটো ১৩৬.৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে পূৱ চম্পাৰণ জিলাৰ হৰসিধিত। এই কাৰখানাটো নিৰ্মাণ কৰা হৈছে ২৯ একৰ ভূমিত আৰু বিগত ১০ এপ্ৰিল, ২০১৮ তাৰিখে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল। এই বটলিং প্লাণ্টটোৱে বিহাৰৰ পূৱ চম্পাৰণ, পশ্চিম চম্পাৰণ, মুজফৰপুৰ, ছিৱান, গোপালগঞ্জ আৰু সীতামৰ্হি জিলাৰ ৰন্ধনগেছৰ চাহিদা পূৰণ কৰিব।

উল্লেখ্য যে এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰণ দেখিবলৈ পোৱা যাব দুৰদৰ্শন নিউজযোগে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore

Media Coverage

Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived