প্ৰধানমন্ত্ৰীয়ে শ্বিলঙৰ ‘নেইগ্ৰিমছ’-ত স্থাপিত ৭৫০০সংখ্যক ‘জনৌষধী কেন্দ্ৰ’টো ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰিব 

অহা ৭মাৰ্চত উদযাপন কৰিবলগীয়া ‘জনৌষধী দিৱস’ত ভাষণ দিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সেইদিনা পুৱা ১০বজাত তেওঁ ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে এই ভাষণ প্ৰদান কৰিব। একেটা অনুষ্ঠানতে তেওঁ শ্বিলঙৰ ‘নেইগ্ৰিমছ’-ত স্থাপিত ৭৫০০সংখ্যক ‘জনৌষধী কেন্দ্ৰ’টোও ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰিব। শ্ৰীমোদীয়ে ‘প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধী পৰিযোজনা’ৰ একাংশ হিতাধিকাৰীৰ সৈতে এক বাৰ্তালাপমূলক অনুষ্ঠানত মিলিত হোৱাৰ লগতে এই পৰিযোজনা ৰূপায়ণৰ ক্ষেত্ৰত উত্কৃষ্ট সেৱা আগবঢ়োৱা একাংশ অংশীদাৰক পুৰস্কাৰো প্ৰদান কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় সাৰ আৰু ৰসায়ণ বিভাগৰ মন্ত্ৰীগৰাকীয়েও অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধী পৰিযোজনা

সুলভ মূল্যত মান সম্পন্ন ঔষধ প্ৰদান কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। দেশৰ সকলো জিলাকে সামৰি ৰূপায়ণ কৰা এই পৰিযোজনাৰ অধীনত এই পৰ্যন্ত ৭৪৯৯টা জনৌষধী কেন্দ্ৰ স্থাপন কৰা হৈছে। সাধাৰণ বজাৰ মূল্যৰ হিচাপত এইসমূহ কেন্দ্ৰই বিপণন কৰা ঔষধ ৫০ৰ পৰা ৯০শতাংশ হাৰে কম মূল্যৰ হোৱাৰ পৰিপ্ৰেক্ষিতত ২০২০-২১বিত্তীয় বৰ্ষ(৪মাৰ্চ ২০২১ পৰ্যন্ত)ত সাধাৰণ ৰাইজৰ প্ৰায় ৩৬০০কোটি টকা ৰাহি কৰিছে।

জনৌষধী দিৱস-ৰ বিষয়ে

জনৌষধী সন্দৰ্ভত অধিক সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস হিচাপে ১মাৰ্চৰ পৰা ৭মাৰ্চলৈ এই সপ্তাহটো সমগ্ৰ দেশতে্ ‘জনৌষধী সপ্তাহ’ হিচাপে উদযাপনৰ ব্যৱস্থা কৰা হৈছে। “জন ঔষধী-সেৱা ভী, ৰোজগাৰ ভী” শীৰ্ষক প্ৰাতিপাদ্য প্ৰসংগৰে উদযাপিত সপ্তাহটোৰ অন্তিম দিন ৭মাৰ্চটো ‘জনৌষধী দিৱস’ হিচাপে উদযাপন কৰা হ’ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FPOs’ sales rise via commodity exchanges in FY26

Media Coverage

FPOs’ sales rise via commodity exchanges in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মে’ 2026
May 11, 2026

Society Above Politics: PM Modi’s Call for a Stronger, Self-Reliant & Sacred Bharat