প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰী, ২০২১ৰ পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব৷ অনুষ্ঠানত মহোৎসৱৰ তিনিগৰাকী ৰাষ্ট্ৰীয় বঁটা বিজয়ীয়েও তেওঁলোকৰ বক্তব্য আগবঢ়াব৷ অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)ও উপস্থিত থাকিব৷

ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱঃ

ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱ(এনৱাইপিএফ)ৰ উদ্দেশ্য হৈছে ১৮ৰ পৰা ২৫ বছৰ বয়সৰ যুৱ প্ৰজন্মৰ মন্তব্য শুনা, যিসকলক ভোটদানৰ অনুমতি প্ৰদান কৰাৰ লগতে অহা বছৰসমূহত অসামৰিক সেৱাকে ধৰি বিভিন্ন কেৰিয়াৰৰ সৈতে জড়িত হ’ব৷ এনৱাইপিএফৰ ধাৰণা সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে ২০১৭ৰ ৩১ ডিচেম্বৰত তেওঁৰ মন কী বাতত অৱগত কৰিছিল৷ সেই ধাৰণাক প্ৰেৰণা হিচাপে লৈ ২০১৯ৰ ১২ জানুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ ‘নতুন ভাৰতৰ কণ্ঠ হওক আৰু সমাধান বিচৰাৰ লগতে নীতিৰ প্ৰতি বৰঙণি আগবঢাওক’ শীৰ্ষক বিষয়বস্তু হিচাপে লৈ প্ৰথম এনৱাইপিএফৰ আয়োজন কৰা হৈছিল৷ এই কাৰ্যসূচীত ৮৮,০০০ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছিল৷

২০২০ চনৰ ২৩ ডিচেম্বৰত ভাৰ্চুৱেল মাধ্যমেৰে দ্বিতীয় এনৱাইপিএফৰ শুভাৰম্ভ কৰা হৈছিল৷ সমগ্ৰ দেশৰ ২.৩৪লাখ যুৱক-যুৱতীয়ে প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰে৷ ইয়াৰ পাছতে ১ৰ পৰা ৫ জানুৱাৰী, ২০২১লৈ ভাৰ্চুৱেল ব্যৱস্থাৰে ৰাজ্যিক যুৱ সংসদ অনুষ্ঠিত কৰা হয়৷ দ্বিতীয় এনৱাইপিএফৰ চূড়ান্ত কাৰ্যসূচী ১১ জানুৱাৰীত সংসদৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত হ’ব৷ এই কাৰ্যসূচীত ৰাজ্য সভাৰ সাংসদ ৰূপা গাংগুলী, লোকসভাৰ সাংসদ শ্ৰী পাৰ্ভেশ ছাহিব সিং আৰু বিশিষ্ট সাংবাদিক শ্ৰী প্ৰফুল্ল কেটকাৰৰে গঠিত ৰাষ্ট্ৰীয় জুৰীৰ সন্মুখত ২৯গৰাকী বিজয়ীয়ে কথা কোৱাৰ সুযোগ লাভ কৰিব৷ শীৰ্ষ তিনিগৰাকী বিজয়ীয়ে ১২ জানুৱাৰীৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সন্মুখত বক্তব্য আগবঢ়োৱাৰ সুযোগ লাভ কৰিব৷

ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ

প্ৰতি বছৰৰ ১২ৰপৰা ১৬জানুৱাৰীলৈকে ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ আয়োজন কৰা হয়৷ ১২ জানুৱাৰী স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়৷ এই বছৰৰ এনৱাইপিএফ কাৰ্যসূচী ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ লগতে আয়োজন কৰা হৈছে৷

ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ উদ্দেশ্য হৈছে দেশৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ একে স্থানত সমবেত কৰা; তেওঁলোকক এখন ক্ষুদ্ৰ ভাৰত গঢ় দি এক মঞ্চ প্ৰদান কৰা, য’ত যুৱক-যুৱতীসকলে আনুষ্ঠানিক আৰু অনানুষ্ঠানিকভাৱে তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰক বিনিময় কৰিব পাৰে৷ ই ৰাষ্ট্ৰীয় সংহতি, সাম্প্ৰদায়িক সম্প্ৰীতি, ভাতৃত্ববোধ, সাহস আৰু দুঃসাহিক মনোভাৱৰ প্ৰতি উদ্গনি যোগায়৷ ইয়াৰ মৌলিক দিশটোৱেই হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত মনোভাৱক প্ৰচাৰ কৰা৷

ক’ভিড-১৯ৰ বাবে ২৪সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ ভাৰ্চুৱেল ব্যৱস্থাৰে আয়োজন কৰা হৈছে৷ চলিত বৰ্ষৰ মহোৎসৱৰ বিষয়বস্তু হৈছে ‘যুৱা-উৎসৱ নতুন ভাৰতৰ’, যিটোৱে নতুন ভাৰতৰ উদযাপনক জীৱন্ত ৰূপ দিব যুৱক-যুৱতীসকলে৷ ২৪সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ আৰম্ভণি আৰু দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠান দুয়োটা একেলগে ১২ জানুৱাৰী, ২০২১ত সংসদৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত হ’ব৷ ২৪সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠান ১৬ জানুৱাৰী, ২০২১ত নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত হ’ব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Remains One Of The Fastest-Growing Economies: SBI’s Ghosh

Media Coverage

India Remains One Of The Fastest-Growing Economies: SBI’s Ghosh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to former Prime Minister, Shri Atal Bihari Vajpayee on his Punya Tithi
August 16, 2026
PM highlights his extraordinary statesmanship and enduring focus on good governance

Prime Minister Shri Narendra Modi today paid homage to former Prime Minister, Shri Atal Bihari Vajpayee on his Punya Tithi, remembering him as an extraordinary statesman blessed with remarkable vision who dedicated his life to the service of our nation.

The Prime Minister noted that his words and efforts inspired generations and that his leadership strengthened our nation. He emphasized that Atal Ji's focus on good governance and public welfare will always continue to guide us.

In a post on X, the Prime Minister wrote:

"Remembering Atal Ji on his Punya Tithi. An extraordinary statesman blessed with remarkable vision, he dedicated his life to the service of our nation. His words and efforts inspired generations and his leadership strengthened our nation. His focus on good governance and public welfare will always continue to guide us."