এই উদ্যোগৰ লক্ষ্য হৈছে সমগ্ৰ গুজৰাটত প্ৰায় ২৪,৮০০ বৰষুণৰ পানী সংৰক্ষণৰ গাঁথনি নিৰ্মাণ কৰা
ইয়াৰ উদ্দেশ্য হৈছে পানী সংৰক্ষণক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ দিয়াৰ প্ৰধানমন্ত্ৰীৰ সংকল্প পূৰ কৰা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে দুপৰীয়া ১২:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ চুৰাটত 'জল সঞ্চয় জন ভাগীদাৰী পদক্ষেপ' মুকলিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত ভাষণ দিব।

প্ৰধানমন্ত্ৰীৰ পানী সুৰক্ষাৰ দৃষ্টিভংগীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, এই পদক্ষেপৰ জৰিয়তে সামূহিক অংশীদাৰীত্ব আৰু মালিকীস্বত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি পানী সংৰক্ষণ কৰিব বিচৰা হোৱাৰ লগতে ই সমগ্ৰ সমাজ আৰু সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। গুজৰাট চৰকাৰৰ নেতৃত্বত জল সঞ্চয় পদক্ষেপৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি জল শক্তি মন্ত্ৰালয়ে ৰাজ্য চৰকাৰৰ সহযোগত গুজৰাটত "জল সঞ্চয় জন ভাগীদাৰী" পদক্ষেপ আৰম্ভ কৰিছে৷ গুজৰাট চৰকাৰে এক পানী সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিবলৈ নাগৰিক, স্থানীয় সংস্থা, উদ্যোগ আৰু অন্যান্য অংশীদাৰসকলক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছে৷

এই কাৰ্যসূচীৰ অধীনত সমগ্ৰ ৰাজ্যত প্ৰায় ২৪,৮০০ বৰষুণৰ পানী সংগ্ৰহ ৰখা গাঁথনি সামূহিক অংশীদাৰিত্বৰ সৈতে নিৰ্মাণ কৰা হৈছে। এই গাঁথনিবোৰে বৰষুণৰ পানী সংৰক্ষণ বৃদ্ধি কৰাত আৰু দীৰ্ঘম্যাদী পানীৰ স্থিৰতা নিশ্চিত কৰাত সহায় কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre launches Bhavya scheme to set up 100 industrial parks across country

Media Coverage

Centre launches Bhavya scheme to set up 100 industrial parks across country
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মে’ 2026
May 24, 2026

Strength, Growth & Global Trust: How PM Modi is Transforming India Across Frontiers