প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৮ জানুৱাৰীত দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে গুজৰাটৰ গান্ধীনগৰত আয়োজিত তৃতীয় বিশ্ব আলু সন্মিলনত ভাষণ আগবঢ়াব৷

আলু গৱেষণা, বাণি্জ্য আৰু উদ্যোগ তথা মূল্য শৃঙ্খল ব্যৱস্থাপনাৰ সা-সুবিধাকে ধৰি বর্তমান দশকৰ বাবে এক ৰূপৰেখা চূড়ান্ত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্রীয়ে তেওঁৰ মতামত আগবঢ়াব বুলি আশা কৰা হৈছে৷

বিশ্ব আলু সন্মিলনৰ তৃতীয় সংস্কৰণ এইবাৰ গান্ধীনগৰত আয়োজন কৰা হৈছে। প্ৰতি ১০ বছৰৰ ব্যৱধানত আলু ক্ষেত্রৰ সাফল্যক লৈ আলোচনা কৰা তথা অহা দশকটোৰ বাবে একটি ৰূপৰেখা চূড়ান্ত কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হয়৷৷ যোৱা দুটা দশকত বিশ্ব আলু সন্মিলন যথাক্ৰমে ১৯৯৯ আৰু ২০০৮ চনত অনুষ্ঠিত কৰা হৈছিল৷

এই সন্মিলনে সংশ্লিষ্ট সকলোপক্ষকে একেটা মঞ্চত একগোট কৰাৰ ক্ষেত্রত সুযোগ প্ৰদান কৰে, যাতে আলু ক্ষেত্রৰ সৈতে জড়িত সকলো বিষয়ক লৈ বিশদ আলোচনা আৰু ভৱিষ্যৎ পৰিকল্পনাৰ সম্পর্কে মতামত আগবঢ়াব কৰিব পৰা যায়। আলু গৱেষণাৰ ক্ষেত্রত জ্ঞান আৰু উদ্ভাৱনৰ দিশৰ পৰা দেশৰ সংশ্লিষ্ট সকলো পক্ষৰ মতামত জনাৰ ক্ষেত্ৰতো এই ধৰণৰ সন্মিলনে গুৰুত্ব লাভ কৰিছে।

গুজৰাট দেশৰ অগ্ৰণী আলু উৎপাদকাৰী ৰাজ্য। বিগত ১১ বছৰত ভাৰতত বৃদ্ধি পোৱা আলু খেতিৰ মুঠ এলেকাৰৰ ভিতৰত কেৱল গুজৰাটতে এই পৰিমাণ ১৭০ শতাংশ বাঢ়িছে৷ ৰাজ্যখনত ২০০৬-০৭ বৰ্ষত আলু খেতি ৪৯.৭ হাজাৰ হেক্টৰ ভূমিত হৈছিল৷ ২০১৭-১৮ চনত আলু খেতিৰ এলেকা ১৩৩ হাজাৰ হেক্টৰ বৃদ্ধি পাইছে৷ তদুপৰি, ৰাজ্যখনত বিগত এক দশক ধৰি হেক্টৰে প্ৰতি ৩০ টনতকৈ অধিক আলু উৎপাদন কৰি দেশৰ ভিতৰতে প্ৰথম স্থানত উপনীত হৈছে৷ কৃষি-কাৰ্যত ৰাজ্যখনে স্প্রিংকলাৰ আৰু গভীৰ জলসিঞ্চনৰ দৰে আধুনিক কৃষি পদ্ধতি কামত লগাই আহিছে৷

উল্লেখ্য যে গুজৰাটত উন্নতমানৰ শীতলীগৃহৰ সা-সুবিধা তথা পাৰস্পৰিক যোগাযোগৰ সুবিধাৰ পৰিপ্রেক্ষিতত ৰাজ্যখন আলু প্ৰক্রিয়াকৰণ উদ্যোগৰ ক্ষেত্রত গুৰুত্বপূর্ণ কেন্দ্ৰ হৈ উঠিছে।

আলু ৰপ্তানি ৰাজ্য ভিতৰত অধিকাংশই হয় গুজৰাটৰ পৰা৷ সেইবাবেই ৰাজ্যখন দেশৰ অন্যতম আলু কেন্দ্ৰস্থলত পৰিণত হৈছে।

এই পৰিপ্রেক্ষিতত গুজৰাটত তৃতীয় বিশ্ব আলু সন্মিলনৰ আয়োজন কৰা হৈছে। ভাৰতীয় কৃষি গবেষণা কেন্দ্রৰ চিমলাস্থিত প্ৰতিষ্ঠানে কেন্দ্রীয় আলু গৱেষণা কেন্দ্ৰ আৰু পেৰুৰ লিমাস্থিত আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰৰ সহযোগিতাত ভাৰতীয় আলু সংস্থাই এই সন্মিলনৰ আয়োজন কৰিছে।

এই সন্মিলনত তিনিটা গুৰুত্বপূর্ণ বিষয় আছে। সেইকেইটা হ’ল–আলু সন্মিলন, কৃষিজাত সামগ্ৰীৰ মেলা তথা আলু ক্ষেত্ৰত দিৱস৷ অহা ৩০ জানুৱাৰীলৈকে এই সন্মিলন চলিব৷ সন্মিলনত ২৮-৩০ তাৰিখলৈকে কৃষি ৰপ্তানিকলৈ আলোচনা হ’ব৷ এই আলোচনাত আলুকেন্দ্ৰিক উদ্যোগ তথা বাণিজ্য, প্ৰক্রিয়াকৰণ, আলু বীজ উৎপাদন, জৈৱ প্ৰযুক্তিৰ ব্যৱহাৰ, প্ৰযুক্তি হস্তান্তৰৰ ক্ষেত্রত চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বকে ধৰি কৃষি বিষয়ক বিভিন্ন বিষয়ক লৈ আলোচনা হ’ব৷

৩১ ডিচেম্বৰত আলু ক্ষেত্ৰ দিৱসত চৰজমিন আলু ভূমি পৰিদর্শন কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ এই কাৰ্যসূচীৰ অধীনত আলুৰ বিভিন্ন প্ৰজাতি, খেতি অনুসৰি আধুনিক প্ৰযুক্তিৰ প্ৰয়োগকে ধৰি বিভিন্ন ক্ষেত্ৰত অর্জিত সাফল্য হাতে-কামে দেখুওৱা হ’ব৷

তদুপৰি, সন্মিলনত আলু খেতিৰ যন্ত্ৰপাতিৰ অভাল, যোগান শৃংখল, উৎপাদনৰ পাছত অপচয়, প্ৰক্রিয়াকৰণৰ হাৰ বৃদ্ধি কৰা, ৰপ্তানি আৰু প্ৰযুক্তি ব্যৱহাৰত বৈচিত্র্যতা অনাৰ দৰে বিষয়ৰ সন্দৰ্ভতো আলোচনা কৰা হ’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Fresh data centre capacity sees 59% annual growth in Jan-Jun: Report

Media Coverage

Fresh data centre capacity sees 59% annual growth in Jan-Jun: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Andhra Pradesh meets the Prime Minister
July 22, 2026

The Chief Minister of Andhra Pradesh, Shri N. Chandrababu Naidu, today met Prime Minister Shri Narendra Modi.

In a post on X, the Prime Minister shared:

"Chief Minister of Andhra Pradesh, Shri @ncbn met Prime Minister @narendramodi.

@AndhraPradeshCM"