এই ৰেলীৰ বিষয়বস্তু হ’ল- 'ৰাষ্ট্ৰপ্ৰথম-কৰ্তব্য নিষ্ঠা যুৱ'

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰী, ২০২৬ত দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত আবেলি প্ৰায় ৩.৩০ বজাত এনচিচিৰ বাৰ্ষিক প্ৰধানমন্ত্ৰী ৰেলীত ভাষণ প্ৰদান কৰিব।

ভাৰতৰ যুৱ সমাজৰ মাজত থকা কৰ্তব্য, অনুশাসন আৰু ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতিৰ প্ৰতিফলনস্বৰূপ এই বৰ্ষৰ ৰেলীৰ বিষয়বস্তু হৈছে 'ৰাষ্ট্ৰপ্ৰথম-কৰ্তব্য নিষ্ঠা যুৱ'।

২০২৬ বৰ্ষৰ গণৰাজ্য দিৱস উপলক্ষে এনচিচি প্ৰধানমন্ত্ৰী ৰেলী মাহজোৰা এনচিচি শিবিৰৰ সামৰণি অনুষ্ঠান। এই শিবিৰত ৮৯৮গৰাকী ছোৱালী কেডেটকে ধৰি সমগ্ৰ দেশৰ পৰা ২,৪০৬গৰাকী এনচিচি কেডেটে অংশগ্ৰহণ কৰে। এই ৰেলীত ২১খন বিদেশী ৰাষ্ট্ৰৰ ২০৭জন যুৱক-যুৱতী আৰু বিষয়াও অংশগ্ৰহণ কৰিব।

এই উপলক্ষে এনচিচি কেডেট, ৰাষ্ট্রীয় ৰংগশালা আৰু ৰাষ্ট্রীয় সেৱা আঁচনিৰ সদস্যসকলে এক সজীৱ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব। অনুষ্ঠানত ৰাষ্ট্র নির্মাণ, সমাজ সেৱা আৰু চৰিত্র বিকাশৰ ক্ষেত্রত তেওঁলোকৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হ'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
National Technology Day Special: India’s patent boom is rewiring the auto industry

Media Coverage

National Technology Day Special: India’s patent boom is rewiring the auto industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মে’ 2026
May 12, 2026

Building a Trusted India: Modi's Leadership in Finance, Manufacturing, and Global Partnerships