কাইলৈ অৰ্থাৎ ২১ নৱেম্বৰ, ২০১৯ তাৰিখে ইয়াত অনুষ্ঠিত হ’বলগীয়া গাণনিক প্ৰধান আৰু উপ-গাণনিক প্ৰধানসকলৰ সন্মিলনত উপস্থিত থাকি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্মিলনতে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ ভাৰতীয় মহাগাণনিকৰ কাৰ্যালয় আৰু গাণনিক পঞ্জীয়কৰ কাৰ্যালয়সমূহৰ পৰা অহা গাণনিক প্ৰধান আৰু উপ-গাণনিক প্ৰধানসকলক সম্বোধন কৰি ভাষণ প্ৰদান কৰাৰ পূৰ্বে মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব।

উল্লেখ্য যে এইবাৰৰ সন্মিলনৰ মুখ্য বিষয়বস্তু হৈছে ‘Transforming Audit and Assurance in a Digital World’ (ডিজিটেল বিশ্বত স্বচ্ছ অডিট আৰু নিশ্চিতি), এই বিষয়বস্তুকেই সাৰোগত কৰি বিভিন্ন অভিজ্ঞতা আৰু শিকণ প্ৰক্ৰিয়া চলিব এই সন্মিলনত, তাৰ লগতে অনাগত কেইটামান বৰ্ষত ভাৰতীয় গণনা আৰু হিচাপ লেখ বিভাগৰ কাৰ্যাৱলী কেনেধৰণৰ হ’ব সেই সংক্ৰান্ততো আলোচনা চলিব। প্ৰযুক্তিখচিত এক প্ৰতিষ্ঠান বা সংগঠনত হিচাপ লেখ বিভাগটো কেনেদৰে স্বচ্ছ কৰি গঢ়ি তুলিব পাৰি সেই সন্দৰ্ভতো এক আলোচনাচক্ৰ অনুষ্ঠিত হ’ব।

উল্লেখ্য যে বিভাগটোৱে হিচাপ লেখ প্ৰক্ৰিয়াবোৰ One IA&AD – One System ৰ জৰিয়তে আভ্যন্তৰীণভাৱে স্বয়ংক্ৰিয় কৰি তুলিছে। অডিট গোটবোৰে নিজে গৈ অডিট কৰাৰ প্ৰয়োজনীয়তা ক্ৰমাত্ হ্ৰাস কৰি আনিছে বিভাগটোৱে। আৰু ইণ্টাৰেক্টিভ একাউণ্টছ আৰু ডিজিটেল অডিট ৰিপ’ৰ্টসমূহ দাখিল কৰিবলৈ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিভাগে।

প্ৰতিষ্ঠানগত জ্ঞানৰ ভিত্তিৰ পৰিবৰ্ধন, তথ্য-প্ৰযুক্তিৰ উত্তৰণৰ মাধ্যমেৰে জ্ঞান উৎসবোৰ যিকোনোসময়তে, যিকোনো স্থানতে উপলব্ধ কৰিবলৈ বিভাগটোৱে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। বিগত কেইটামান বৰ্ষত ভাৰতীয় লেখ আৰু গণনা বিভাগে বিভিন্ন উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে, যাৰ যোগেদি প্ৰযুক্তিখচিত তথা নৱ ভাৰতৰ নতুন সময়ৰ সৈতে খোজ মিলাবলৈ সক্ষম হৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Odisha’s Dhenkanal farmers export 3 tonne of mango to London

Media Coverage

Odisha’s Dhenkanal farmers export 3 tonne of mango to London
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মে’ 2026
May 14, 2026

Kisan Kalyan to Viksit Bharat: PM Modi Delivers Jobs, Markets & Dignity Across Rural and Industrial India