প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ১৪ এপ্ৰিল, ২০২১ তাৰিখে দিনৰ ১১বজাত ‘ভাৰতীয় বিশ্ববিদ্যালয় সন্মিলনী’ৰ ৯৫সংখ্যক বাৰ্ষিক সন্মিলন আৰু ‘উপাচাৰ্যমণ্ডলীৰ ৰাষ্ট্ৰীয় আলোচনাচক্ৰ’ সম্বোধন কৰিব। ‘ভিডিঅ’ কনফাৰেন্স’ৰ মাধ্যমেৰে সংযোজিত হ’ব লগা এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে শ্ৰী কিশোৰ মাকৱানাই ৰচনা কৰা ড০ বি আৰ আম্বেডকাৰৰ জীৱন আধাৰিত ৪খন গ্ৰন্থও আনুষ্ঠানিক ভাবে উন্মোচন কৰিব। অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীও উপস্থিত থাকিব। আহমেদাবাদৰ ‘ড০ বাবা চাহেব আম্বেডকাৰ মুক্ত বিশ্ববিদ্যালয়ে’ এই অনুষ্ঠানৰ আয়োজন কৰিছে।

ভাৰতীয় বিশ্ববিদ্যালয় সন্মিলনী আৰু উপাচাৰ্যমণ্ডলীৰ ৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ বিষয়ে

‘ভাৰতীয় বিশ্ববিদ্যালয় সন্মিলনী’(এআইইউ) হ’ল দেশৰ উচ্চতৰ শিক্ষাৰ এক অগ্ৰণী শীৰ্ষ সংস্থা। এই সন্মিলনীয়ে অহা ১৪ আৰু ১৫ এপ্ৰিল তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ইয়াৰ ৯৫সংখ্যক বাৰ্ষিক সন্মিলনখন অনুষ্ঠিত কৰিব। সভাত ‘এআইইউ’ৰ বিগত বৰ্ষৰ সাফল্যসমূহৰ তথ্য, বিস্তৃত বিত্তীয় প্ৰতিবেদন দাঙি ধৰাৰ লগতে আগন্তুক বৰ্ষ বাবে গ্ৰহণ কৰিব খোজা কৰ্মসূচী দাখিল কৰিব। এই মঞ্চতে উপাচাৰ্যসকলৰ মাণ্ডলিক সন্মিলনে প্ৰদান কৰা পৰামৰ্শাৱলী সন্মিলনীৰ সদস্যসকলক অৱগত কৰাৰ লগতে আগন্তুক বৰ্ষত ৰূপায়ণ কৰিব খোজা অন্যান্য প্ৰসংগসমূহৰ সন্দৰ্ভত আলোচনা কৰা হ’ব।

ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন, ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে বৰেণ্য ব্যক্তিত্বৰ উদ্যোগত ১৯২৫ চনতে গঢ় লৈ উঠা ‘এআইইউ’-ৰ ৯৬সংখ্যক প্ৰতিস্থা দিৱসটিও সন্মিলনত উদযাপন কৰা হ’ব।

সন্মিলনত ‘ইম্প্লিমেণ্টিং নেশ্যনেল এডুকেশ্যন প’লিচী-২০২০ টু ট্ৰেন্সফৰ্ম হায়াৰ এডুকেশ্যন ইন ইণ্ডিয়া’ শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত উপাচাৰ্যসকলৰ এক আলোচনাচক্ৰও অনুষ্ঠিত কৰা হ’ব।

উন্মোচিত কৰিব খোজা গ্ৰন্থসমূহৰ বিষয়ে

শ্ৰী কিশোৰ মাকৱানাই ৰচনা কৰা বাবা চাহেব ভীমৰাও আম্বেডকাৰৰ জীৱন আধাৰিত চাৰিখন গ্ৰন্থৰ এক সম্ভাৰ আনুষ্ঠানিক ভাবে উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে। গ্ৰন্থকেইখন হ’ল:

  1. ড০ আম্বেডকাৰ জীৱন দৰ্শন,
  2. ড০ আম্বেডকাৰ ব্যক্তি দৰ্শন,
  3. ড০ আম্বেডকাৰ ৰাষ্ট্ৰ দৰ্শনআৰু
  4. ড০ আম্বেডকাৰ আয়াম দৰ্শন।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 এপ্ৰিল 2026
April 21, 2026

Aatmanirbhar Bharat Goes Global: PM Modi Turns India into Manufacturing Superpower & Innovation Powerhouse