ভাৰতৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসত শুভেচ্ছা জনোৱাৰ বাবেবিশ্বৰ নেতাসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"ধন্যবাদ প্ৰধানমন্ত্ৰী @AlboMP। অষ্ট্ৰেলিয়া দিৱসত আপোনাক আৰু অষ্ট্ৰেলিয়াৰ বন্ধুত্বপূৰ্ণ জনসাধাৰণলৈ শুভেচ্ছা জনাইছো।"

নেপালৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে ধন্যবাদ @cmprachandaji!"

ভূটানৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"উষ্ম শুভেচ্ছাৰ বাবে @PMBhutanড° লোটাই শ্বেৰিঙকঅশেষ ধন্যবাদ! আমাৰ দুয়োখনদেশৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে ভাৰতে ভূটানৰ সৈতে নিজৰ অনন্য অংশীদাৰিত্বক লৈ প্ৰতিশ্ৰুতিবদ্ধ।"

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"আপোনাৰ উষ্ম অভিবাদনৰ বাবে ধন্যবাদ, ৰাষ্ট্ৰপতি @ibusolih। ভাৰত-মালদ্বীপৰ অংশীদাৰিত্বই লাভ কৰা স্থায়ী অগ্ৰগতি দেখি মই আনন্দিত হৈছো, যিটো উমৈহতীয়া গণতান্ত্ৰিক মূল্যবোধৰ আধাৰত স্থাপিত।"

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"ভাৰতৰ গণতন্ত্ৰ দিৱসত আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে অশেষ ধন্যবাদ প্ৰধানমন্ত্ৰী@netanyahu। আমাৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে আমি আগ্ৰহী।"

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"ভাৰতৰ গণতন্ত্ৰ দিৱসত উষ্ম অভিবাদন জনোৱাৰ বাবে মোৰ প্ৰিয় বন্ধু @EmmanuelMacronৰ ওচৰতআমি কৃতজ্ঞ। ভাৰতৰ জি-২০ সভাপতিত্বআৰুভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্বৰ ২৫ বছৰীয়া জয়ন্তীৰ সফলতাৰ বাবে একেলগে কাম কৰাৰ আপোনাৰ প্ৰতিশ্ৰুতিৰ অংশীদাৰ। ভাৰত আৰু ফ্ৰান্স একেলগে বিশ্বৰ মংগলৰ বাবে এক শক্তি।"

মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"ধন্যবাদ, PM @KumarJugnauth। আধুনিক গণতন্ত্ৰ হিচাপে আমাৰ ভাগ কৰা যাত্ৰাত আমাৰ দুয়োখন দেশে জনকেন্দ্ৰিক উন্নয়নৰ ক্ষেত্ৰত ঘনিষ্ঠভাৱে অংশীদাৰিত্ব কৰি আহিছে।"

মৰিচাছৰ সৈতে আমাৰ মৰমৰ অংশীদাৰিত্বক আৰু অধিক উচ্চতালৈ লৈ যাবলৈ আমি আগ্ৰহী।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026