প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ‘মহামহিম’ ইমানুৱেল মেক্ৰন আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ‘মহামহিম’ মিচেল মাৰ্টিনক ভাৰতৰ ৭৬ সংখ্যক ‘গণৰাজ্য দিৱস’ত শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে ‘এক্স’ত কৰা এটা ‘পোষ্ট’ৰ সঁহাৰি দি শ্ৰী মোদীয়ে কয়:

"মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি @EmmanuelMacron ভাৰতৰ ৭৬ সংখ্যক ‘গণৰাজ্য দিৱস’ত আপুনি প্ৰেৰণ কৰা শুভেচ্ছাৰ বাবে আন্তৰিকতাৰে প্ৰশংসা কৰিছো। এই দিনটোত যোৱা বছৰ আপোনাৰ গৰিমাপূৰ্ণ উপস্থিতি সঁচাকৈয়ে আমাৰ কৌশলগত অংশীদাৰিত্ব আৰু স্থায়ী বন্ধুত্বৰ এক উচ্চ বিন্দু আছিল। আমি মানৱতাৰ উন্নত ভৱিষ্যতৰ বাবে একেলগে কাম কৰি থকা, পেৰিছত অনুষ্ঠিতব্য ‘এআই একশ্যন ছামিট’ৰ সময়ত আপোনাক অচিৰেই লগ পাম।"

 

 

আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত প্ৰেৰণ কৰা এক ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি দি শ্ৰী মোদীয়ে কয়:

"প্ৰধানমন্ত্ৰী @MichealMartinTD আপোনাৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনাইছোঁ। মই নিশ্চিত যে গণতন্ত্ৰৰ প্ৰতি অংশীদাৰী আস্থা আৰু বিশ্বাস আধাৰিত ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বন্ধুত্বৰ স্থায়ী বন্ধন অনাগত সময়তো শক্তিশালী হৈ থাকিব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's banking sector resilient; 11-13% credit growth for January-June likely: Survey

Media Coverage

India's banking sector resilient; 11-13% credit growth for January-June likely: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 এপ্ৰিল 2026
April 20, 2026

Honouring Saints, Powering Futures: PM Modi’s Leadership That Blends Heritage, Highways and High Growth