ভাৰতৰ প্ৰধান উদ্যোগৰ লগতে ১০০ ৰোধিক এমএছএমইয়ে যোগান ধৰা থলুৱা আহিলা আৰু যন্ত্ৰপাতিৰ ব্যৱহাৰেৰে আইএনএছ বিক্ৰান্ত নিৰ্মাণ কৰা হৈছে
এয়া ভাৰতৰ সামুদ্ৰিক ইতিহাসত নিৰ্মিত সৰ্ববৃহৎ জাহাজ আৰু ইয়াত অত্যাধুনিক অট'মেশ্যন বৈশিষ্ট্য আছে
ঔপনিৱেশিক অতীতৰ অৱসান ঘটাই প্ৰধানমন্ত্ৰীয়ে নতুন নেভেল পতাকা মুকলি কৰে, ছত্ৰপতি শিৱাজীলৈ উৎসৰ্গা এই পতাকা
“আইএনএছ বিক্ৰান্ত কেৱল এখন যুদ্ধ জাহাজেই নহয়। এয়া ২১ শতিকাৰ ভাৰতৰ কঠোৰ পৰিশ্ৰম, প্ৰতিভা, প্ৰভাৱ আৰু অংগীকাৰৰ সাক্ষ্য”
“ভাৰত আত্ম-নিৰ্ভৰশীল হোৱাৰ এক অনন্য প্ৰতীক আইএনএছ বিক্ৰান্ত”
“আইএনএছ বিক্ৰান্ত থলুৱা সম্ভাৱনা, থলুৱা সম্পদ আৰু থলুৱা দক্ষতাৰ প্ৰতীক”
"এতিয়ালৈকে ভাৰতীয় নৌসেনাৰ পতাকাত দাসত্বৰ পৰিচয় চিহ্নিত হৈ ৰৈছিল। কিন্তু আজিৰেপৰা ছত্রপতি শিৱাজীৰ অনুপ্ৰেৰণাৰে সাগৰত আৰু আকাশত উৰিব নৌসেনাৰ নতুন পতাকা”
"নৌসেনাৰ বহু মহিলা সৈনিকক বিক্ৰান্তত সংস্থাপিত কৰা হ'ব। সাগৰৰ অপৰিসীম শক্তি, সীমাহীন নাৰী শক্তিৰে ই নব্য ভাৰতৰ সন্মানীয় পৰিচয় হৈ পৰিছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথমখন থলুৱা বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্তৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঔপনিৱেশিক অতীতৰ অৱসান ঘটাই আৰু সমৃদ্ধ ভাৰতীয় সামুদ্ৰিক ঐতিহ্যৰ প্ৰতিফলন ঘটাই নতুন নেভেল পতাকা (নিচান) ও মুকলি কৰে।

উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি কয়, ভাৰতৰ কেৰালা উপকূলত প্ৰতিজন ভাৰতীয়ই নতুন ভৱিষ্যতৰ প্ৰত্যুষৰ সাক্ষী হৈ হৈছে। আইএনএছ বিক্ৰান্তত অনুষ্ঠিত হৈ থকা এই অনুষ্ঠান হৈছে বিশ্বৰ দিগন্তত ভাৰতৰ উত্থানশীল আত্মাৰ প্ৰতি এক শ্ৰদ্ধাৰ্ঘ্য। তেখেতে কয়, আজি আমি স্বাধীনতা সংগ্ৰামীসকলৰ সপোনৰ এক প্ৰকাশ দেখিবলৈ পাইছো। তেওঁলোকে এখনি সামৰ্থ্যবান আৰু শক্তিশালী ভাৰতৰ কল্পনা কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “বিক্ৰান্ত বিশাল, ব্যাপক আৰু বিস্তৃত। বিক্ৰান্ত বিশিষ্ট, বিক্ৰান্ত বিশেষো। বিক্ৰান্ত কেৱল এখন যুদ্ধ জাহাজেই নহয়। এয়া ২১ শতিকাৰ ভাৰতৰ কঠোৰ পৰিশ্ৰম, প্ৰতিভা, প্ৰভাৱ আৰু অংগীকাৰৰ সাক্ষ্য। লক্ষ্য যদি দিগন্ত, যাত্ৰা যদি দীঘলীয়া, সাগৰ আৰু প্ৰত্যাহ্বানৰাজি যদি অন্তহীন – তেনে ক্ষেত্ৰত ভাৰতৰ উত্তৰ হ’ল বিক্ৰান্ত। আজাদী কা অমৃত মহোৎসৱৰ মহাৰ্ঘ্য অমৃত হৈছে বিক্ৰান্ত। ভাৰত আত্ম-নিৰ্ভৰশীল হোৱাৰ এক অনন্য প্ৰতিফলনেই বিক্ৰান্ত।”

ৰাষ্ট্ৰখনৰ নতুন উদ্দীপনা সন্দৰ্ভত মন্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজি ভাৰতৰ বাবে কোনো প্ৰত্যাহ্বান অতিশয় কঠিন নহয়। তেখেতে কয়, “আজি ভাৰতে বিশ্বৰ থলুৱা প্ৰযুক্তিৰে বিশাল বিমানবাহী জাহাজ নিৰ্মাণ কৰা দেশসমূহৰ সৈতে সমানে-সমানে থিয় দিছে। আজি আইএনএছ বিক্ৰান্তে দেশখনক এক নতুন আত্মবিশ্বাসেৰে ভৰাই তুলিছে আৰু দেশখনত এক নতুন আস্থাৰ সৃষ্টি কৰিছে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে নৌসেনা, কোচিন শ্বীপয়াৰ্ডৰ অভিযন্তা, বিজ্ঞানী আৰু বিশেষভাৱে প্ৰকল্পটোত কাম কৰা শ্ৰমিকসকলে আগবঢ়োৱা বৰঙণিক স্বীকৃতি জনাই আৰু প্ৰশংসা কৰে। তদুপৰি তেখেতে অ'নামৰ সুখৰ আৰু শুভ উপলক্ষৰ কথা ব্যক্ত কৰি ই শান্তিৰ সঞ্চাৰ কৰিছে বুলি কয়।

আইএনএছ বিক্ৰান্তৰ প্ৰতিটো অংশৰে স্বকীয় গুণ আছে, এটা শক্তি আছে, ইয়াত এক নিজস্ব বিকাশৰ যাত্ৰা প্ৰোথিত হৈছে। ই থলুৱা সম্ভাৱনা, থলুৱা সম্পদ আৰু থলুৱা দক্ষতাৰ সাক্ষ্য। ইয়াৰ এয়াৰবেছত সংস্থাপন কৰা ষ্টীলো থলুৱা, ইয়াক ডিআৰডিঅ’ৰ বিজ্ঞানীসকলে প্ৰস্তুত আৰু ভাৰতীয় কোম্পানীয়ে উৎপাদন কৰিছে বুলিও তেখেতে কয়। কেৰিয়াৰখনৰ বৃহৎ সমানুপাত সম্পৰ্কে ব্যক্ত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ই এখনি ভাসমান চহৰৰ দৰে। ইয়াত ৫০০০ গৃহস্থীক শক্তি প্ৰদান কৰিব পৰাকৈ যথেষ্ট বিদ্যুৎ উৎপাদন হয় আৰু ব্যৱহৃত ৱাইৰ কোচিৰপৰা কাশীলৈ বিস্তৃত বুলিও তেখেতে কয়। তেখেতে কয় যে আইএনএছ বিক্ৰান্ত হৈছে লালকিল্লাৰ প্ৰাচীৰত ঘোষণা কৰা পঞ্চ প্ৰাণ উদ্দীপনাৰ জীৱন্ত মূৰ্তি।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় সামুদ্ৰিক পৰম্পৰা আৰু নৌসেনাৰ সামৰ্থ্য সম্পৰ্কে কয়। ছত্রপতি বীৰ শিৱাজী মহাৰাজে এই সাগৰীয় শক্তিৰ বলতেই এই নৌসেনা গঢ়ি তুলিছিল বুলিও তেখেতে উল্লেখ কৰি শত্ৰুপক্ষক পদানত কৰিছিল বুলি কয়। ইংৰাজ ভাৰতলৈ আহোতে ভাৰতীয় জাহাজৰ শক্তিৰ উমান পাই ভীতিগ্ৰস্ত হৈছিল আৰু ইয়াক সম্বল হিচাপে লৈ ব্যৱসায় কৰিছিল। সেয়েহে তেওঁলোকে ভাৰতৰ সামুদ্ৰিক শক্তিক দুৰ্বল কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছিল। সেই সময়ত ব্ৰিটিছ সংসদত আইন প্ৰণয়ন কৰি ভাৰতীয় জাহাজ আৰু ব্যৱসায়ীসকলৰ ওপৰত কেনেদৰে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, তাৰ সাক্ষ্য ইতিহাসে বহন কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ২০২২ ৰ ২ ছেপ্টেম্বৰক ঐতিহাসিক তাৰিখ হিচাপে অভিহিত কৰি ভাৰতে দাসত্বৰ সীমাবদ্ধতা, দাসত্বৰ বোজা আঁতৰাই পেলাইছে বুলি কয়। আজিৰেপৰা ভাৰতীয় নৌসেনাই নতুন পতাকা লাভ কৰিছে। এতিয়ালৈকে ভাৰতীয় নৌসেনাৰ পতাকাই দাসত্বৰ পৰিচয়ক প্ৰতিফলিত কৰি আহিছিল। কিন্তু আজিৰেপৰা ছত্রপতি শিৱাজীৰ অনুপ্ৰেৰণাৰে সাগৰত আৰু আকাশত উৰি যাব নৌসেনাৰ নতুন পতাকাখনি।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিক্ৰান্তই আমাৰ সামুদ্ৰিক অঞ্চলসমূহৰ সুৰক্ষাৰ অৰ্থে অভিযান আৰম্ভ কৰাৰ লগে-লগে নৌসেনাৰ একাধিক মহিলা সৈন্যকো তাত নিযুক্ত হ’ব। সাগৰৰ অপৰিসীম শক্তি, সীমাহীন নাৰী শক্তিৰে এয়া হৈ পৰিছে নব্য ভাৰতৰ সন্মানীয় পৰিচয়। এতিয়া ভাৰতীয় নৌসেনাই নিজৰ সকলো শাখা মহিলাৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বে যিসমূহ নিষেধাজ্ঞা আছিল, সেইসমূহ এতিয়া আঁতৰোৱা হৈছে। প্ৰবল ঢৌৰ সীমা নথকাৰ দৰে, ভাৰতৰ কন্যাসকলৰ বাবেও কোনো সীমা বা বাধা নাথাকিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এটোপ-দুটোপকৈ পানী লগ লাগি এখন সাগৰ ভৰি পৰে। তেখেতে এই স্বাধীনতা দিৱসত থলুৱা বন্দুকৰে জনোৱা অভিবাদনৰ কথা উল্লেখ কৰে। একেদৰে ভাৰতৰ প্ৰতিজন নাগৰিকেই ‘ভকেল ফৰ লোকেল’ উদ্দীপনা সজীৱ কৰি ৰাখিবলৈ আৰম্ভ কৰা মাত্ৰেকে, দেশখন আত্ম-নিৰ্ভৰশীল হৈ উঠিবলৈ বেছি পৰ নালাগিব।

পৰিৱৰ্তিত ভূ-কৌশলগত পৰিস্থিতি সন্দৰ্ভত মন্তব্য প্ৰদান কৰি তেখেতে কয় যে বিগত সময়ছোৱাত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ভাৰত মহাসাগৰত নিৰাপত্তাজনিত উদ্বেগক আওকাণ কৰি অহা হৈছিল। কিন্তু, আজি এই অঞ্চলত আমি দেশখনৰ প্ৰতিৰক্ষাৰ দৃষ্টিৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছো। সেইবাবেই আমি নৌসেনালৈ বাজেট বৃদ্ধিৰপৰা আৰম্ভ কৰি সামৰ্থ্য বৃদ্ধিলৈকে সকলো দিশতে কাম কৰি আছো বুলিও তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এখনি শক্তিশালী ভাৰতে এখন শান্তিপূৰ্ণ আৰু নিৰাপদ বিশ্বৰ উন্মেষ ঘটাব।

এই অনুষ্ঠানত কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ী বিজয়ন, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী ভি মুৰুলীধৰণ, শ্ৰী অজয় ভাট, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভাল, নৌসেনাৰ মুৰব্বী শ্ৰী আৰ হৰি কুমাৰ আৰু আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

আইএনএছ বিক্ৰান্ত

আইএনএছ বিক্ৰান্তক ভাৰতীয় নৌসেনাৰ নিজস্ব ৱাৰশ্বীপ ডিজাইন ব্যুৰ' (WDB) য়ে ডিজাইন কৰিছে আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ শ্বীপয়াৰ্ড, কোচিন শ্বীপয়াৰ্ড লিমিটেডে ইয়াক নিৰ্মাণ কৰিছে, বিক্ৰান্তত অত্যাধুনিক অট'মেশ্যন বৈশিষ্ট্যৰাজিৰ সংযোজন ঘটোৱা হৈছে আৰু এয়া হৈছে ভাৰতৰ সামুদ্ৰিক ইতিহাসত নিৰ্মিত সৰ্ববৃহৎ জাহাজ।

১৯৭১ ৰ যুদ্ধত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতৰ প্ৰথমখন এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ নামেৰেই এই থলুৱা বিমান বাহকৰ নামকৰণ কৰা হৈছে। ইয়াত বৃহৎ সংখ্যক থলুৱা সঁজুলি আৰু যন্ত্ৰপাতি আছে। দেশখনৰ প্ৰধান উদ্যোগসমূহৰ লগতে ১০০ ৰোধিক এমএছএমই এই প্ৰকল্পৰে জড়িত হৈছে। বিক্ৰান্তৰ অভিযান আৰম্ভৰ লগে-লগে ভাৰতৰ দুখন কাৰ্য্যক্ষম এয়াৰক্ৰাফ্ট কেৰিয়াৰ হৈ পৰিল। এই সমৃদ্ধিয়ে দেশখনৰ সামুদ্ৰিক নিৰাপত্তাক সুদৃঢ় কৰিব।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঔপনিৱেশিক অতীতৰ অৱসান ঘটাই আৰু সমৃদ্ধ ভাৰতীয় সামুদ্ৰিক ঐতিহ্যৰ প্ৰতিফলনৰে নতুন নেভেল পতাকা (নিচান) ও মুকলি কৰে।

 

 

 

 

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Amrit Bharat 3.0 rolls out with AC, Non-AC coaches; First trainset ready for service

Media Coverage

Amrit Bharat 3.0 rolls out with AC, Non-AC coaches; First trainset ready for service
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Shri A. Balakrishnan Ji
August 27, 2026

The Prime Minister, Shri Narendra Modi, condoled the passing of Shri A. Balakrishnan Ji, who served as the All India President of Vivekananda Kendra. Shri Modi recalled Shri Balakrishnan Ji’s remarkable contribution to society, noting that he devoted more than five decades of his life to the ideals of Swami Vivekananda and to the service of the nation. "He had a particularly deep association with the Northeast. He played an important role in educational, social and nation-building activities", Shri Modi noted.

The Prime Minister posted on X:

Deeply saddened by the passing of Shri A. Balakrishnan Ji, who served as the All India President of Vivekananda Kendra.

Balakrishnan Ji devoted more than five decades of his life to the ideals of Swami Vivekananda and to the service of society. As one of the early Jeevanvratis of Vivekananda Kendra, he worked tirelessly across the country. He had a particularly deep association with the Northeast. He played an important role in educational, social and nation-building activities.

My heartfelt condolences to the entire Vivekananda Kendra family and his admirers. Om Shanti.

@vkendra