যোগে সমগ্ৰ বিশ্বক একত্ৰিত কৰিছেঃপ্ৰধানমন্ত্ৰী
যোগ সকলোৰে বাবে, ইসীমা, পটভূমি, বয়স বা সামৰ্থ্যৰ উৰ্ধতঃপ্ৰধানমন্ত্ৰী
যোগে আমাক বিশ্বখনৰ সৈতে একতাৰ দিশত এক যাত্ৰাত ধাৱমান কৰে, ই আমাক বিচ্ছিন্ন ব্যক্তিৰ বিপৰীতে প্ৰকৃতিৰ অংশ হোৱা কথাটো শিকাইছেঃপ্ৰধানমন্ত্ৰী
যোগ হৈছে আমাক মোৰ পৰা আমিলৈ ৰূপান্তৰিত কৰা এক ব্যৱস্থাঃপ্ৰধানমন্ত্ৰী
যোগ হৈছে শ্বাস ল’বলৈ, সন্তুলন ৰক্ষা কৰিবলৈ, পুনৰ সম্পূৰ্ণ হ’বলৈমানৱতাৰপ্ৰয়োজনীয় পজ বুটামঃপ্ৰধানমন্ত্ৰী
এই যোগ দিৱস মানৱতাৰ বাবে যোগ ২.০-ৰ আৰম্ভণি হওঁক, অভ্যন্তৰীণ শান্তি বিশ্ব নীতি হৈ উঠকঃপ্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD)কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়েআন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদানেৰে যোগ অধিবেশনত অংশগ্ৰহণ কৰে।

ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সমগ্ৰ ভাৰত আৰু বিশ্বৰ জনসাধাৰণলৈ উষ্ম শুভেচ্ছা জ্ঞাপনেৰে কয় যে এইবাৰ ইয়াৰ ১১ সংখ্যক উদযাপনৰ অংশ হিচাপে আজি ২১ জুনত বিশ্বখন একত্ৰিত হৈ সামূহিকভাৱে যোগাভ্যাস কৰিছে। তেখেতে কয় যে যোগৰ সাৰমৰ্ম হৈছে "একত্ৰিত হোৱা", আৰু যোগে বিশ্বখনক একত্ৰিত কৰা কাৰ্য্য মনোমুগ্ধকৰ। বিগত দশকটোত যোগৰ পৰিক্ৰমাত আলোকপাতেৰে শ্ৰী মোদীয়ে ভাৰতে ৰাষ্ট্ৰসংঘৰ মজিয়াত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ধাৰণাটোৰ প্ৰস্তাৱ জনোৱাৰমুহূৰ্তটোৰকথা স্মৰণ কৰে। তেখেতে কয় যে ১৭৫খন দেশে এই প্ৰস্তাৱলৈ সমৰ্থন আগবঢ়োৱা কাৰ্য্য বহল বিশ্ব ঐক্যৰ এক বিৰল উদাহৰণ আছিল।তেখেতে কয় যে এই সমৰ্থন কেৱল এটা প্ৰস্তাৱৰ বাবে নাছিল, বৰঞ্চ ই মানৱ জাতিৰ বৃহত্তৰ মংগলৰ বাবে বিশ্বৰ সামূহিক প্ৰচেষ্টাকে প্ৰতিনিধিত্ব কৰিছিল। “এঘাৰ বছৰৰ পাছত যোগাসন সমগ্ৰ বিশ্বৰ লক্ষ-লক্ষ লোকৰ জীৱনশৈলীৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে”, তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে দিব্যাংগজনে ব্ৰেইল মাধ্যমেৰে যোগাসনৰ পুথিঅধ্যয়ন আৰু বিজ্ঞানীসকলে মহাকাশত যোগাসন কৰি থকা কাৰ্য্য প্ৰত্যক্ষৰে গৌৰৱ প্ৰকাশ কৰে। তেখেতে যোগ অলিম্পিয়াডত গ্ৰামাঞ্চলসমূহৰ যুৱক-যুৱতীসকলৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে সেয়া ছিডনী অপেৰা হাউচেই হওঁক, মাউন্ট এভাৰেষ্টৰ শিখৰেই হওঁক বা মহাসাগৰৰ বিশাল বিস্তৃতিয়েই হওঁক, বাৰ্তাটো একেই, “যোগ সকলোৰে বাবে, ইসীমা, পটভূমি, বয়স বা সামৰ্থ্যৰ উৰ্ধত।”

 

বিশাখাপট্টনমত থকাৰ সন্তুষ্টি প্ৰকাশেৰে তেখেতে চহৰখনক প্ৰকৃতি আৰু প্ৰগতিৰ মিলনভূমি বুলি উল্লেখেৰেসৰ্বাংগসুন্দৰভাৱে এই কাৰ্য্যসূচী আয়োজনৰ বাবে ৰাইজক প্ৰশংসা কৰে আৰু ইয়াৰ নেতৃত্ব প্ৰদানৰ বাবে শ্ৰী চন্দ্ৰবাবু নাইডু আৰু শ্ৰী পৱন কল্যাণক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশে এক উল্লেখযোগ্য পদক্ষেপ আৰম্ভ কৰিছে—সেয়া হৈছে যোগান্ধ্ৰ অভিযান (Yogandhra Abhiyan)। লগতে তেখেতে শ্ৰী নাৰা লোকেশৰ এই প্ৰচেষ্টাক বিশেষভাৱে শলাগ লৈ যোগাসন কেনেকৈ প্ৰকৃত সামাজিক উদযাপন হ’ব পাৰে আৰু সমাজৰ প্ৰতিটো শ্ৰেণীকে কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰে, তাৰেইউদযাপন বুলি কয়। শ্ৰী মোদীয়ে কয় যে বিগত ডেৰ মাহত শ্ৰী লোকেশে যোগান্ধ্ৰ অভিযানৰ জৰিয়তে দৃষ্টান্তমূলক দায়বদ্ধতা প্ৰদৰ্শন কৰিছে আৰু তেওঁ এই প্ৰচেষ্টাৰ বাবে প্ৰশংসাৰ পাত্ৰ।

জনসাধাৰণৰ অংশগ্ৰহণৰ এক স্পন্দনশীল মনোভাৱক প্ৰতিফলিতকৰণেৰে দুই কোটিৰো অধিক লোকে যোগান্ধ্র অভিযানত যোগদান কৰিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই মনোভাৱেই এখনি বিকশিত ভাৰতৰ আধাৰশিলাস্থাপন কৰিছে। তেখেতেকয় যে নাগৰিকে নিজেই কোনো অভিযানৰদায়িত্ব গ্ৰহণেৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰামাত্ৰেকে কোনো লক্ষ্যইঅসম্ভৱ নহয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিশাখাপট্টনমৰ সমগ্ৰ অনুষ্ঠানটোত জনসাধাৰণৰ সদিচ্ছা আৰু উৎসাহপূৰ্ণ প্ৰচেষ্টাৰমনোভাৱ দৃশ্যমান হৈছে।

এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু,“একবিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ”-ত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়বস্তুৱে এক গভীৰ সত্যকে প্ৰতিফলিত কৰিছেঃ পৃথিৱীৰ প্ৰতিটো জীৱনৰ স্বাস্থ্য আন্তঃসংযোগী। তেখেতে কয় যে জনতাৰ মংগল আমাৰ খাদ্য উৎপাদন কৰা মাটিৰ গুণাগুণ, আমাক পানী যোগান ধৰা নদী, আমাৰ পৰিবেশ তন্ত্ৰৰ অংশীদাৰ জীৱ-জন্তু আৰু আমাক পুষ্টি প্ৰদান কৰা উদ্ভিদৰ ওপৰতে নিৰ্ভৰ কৰে। শ্ৰী মোদীয়ে কয় যে যোগে আমাক এই আন্তঃসংযোগৰ প্ৰতি সজাগ কৰে আৰু আমাক বিশ্বখনৰ সৈতে একতাৰ দিশত এক যাত্ৰাত ধাৱমান কৰে। “যোগে আমাক আমি বিচ্ছিন্ন ব্যক্তিৰ বিপৰীতে প্ৰকৃতিৰ অংশ হোৱা কথাটোক শিকাইছে। প্ৰথম অৱস্থাত আমি নিজৰ স্বাস্থ্য আৰু সুস্থতা সম্পৰ্কে যত্ন ল'বলৈ শিকোঁ, কিন্তু ক্ৰমান্বয়ে এই যত্ন আমাৰ পৰিবেশ, সমাজ আৰু গ্ৰহটোলৈয়ো বিস্তাৰিত হয়। যোগাসন হৈছে এক গভীৰ ব্যক্তিগত অনুশাসন, যিয়েএকে সময়তেএক সামূহিক ব্যৱস্থা হিচাপেওক্ৰিয়া কৰে—যি ব্যৱস্থাই আমাক মোৰ পৰা আমিলৈ ৰূপান্তৰিত কৰে", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

““মোৰ পৰা আমিলৈ”-ৰ মনোভাৱে ভাৰতৰ আত্মাকেসমাহিত কৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে আৰু কয় যে এগৰাকী ব্যক্তিয়ে নিজ-স্বাৰ্থ পৰিহাৰেৰে সামগ্ৰিকভাৱে সমাজৰ বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰা মাত্ৰেকে মানৱতাৰ কল্যাণ সম্ভৱ হৈ উঠে। তেখেতে ভাৰতীয় সংস্কৃতিৰ কথা উল্লেখেৰে কয় যে এই পৰম্পৰাই আমাক “সৰ্ৱে ভৱন্তু সুখিনঃ”-ৰ প্ৰমূল্যবোধ সম্পৰ্কে শিকাই—সকলোৰে কল্যাণ সাধনহৈছে স্বকীয় পবিত্ৰ কৰ্তব্য আৰু ‘মই’-ৰ পৰা ‘আমি’-লৈ এই যাত্ৰাই সেৱা, সমৰ্পণআৰু সহ-অৱস্থানৰ আধাৰ গঢ়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই চিন্তাধাৰাই সামাজিক সম্প্ৰীতিক উদ্দীপনা যোগায়।

বিশ্বৰ ভিন্ন প্ৰান্তৰ জনসাধাৰণৰ ক্ৰমবৰ্ধমান মানসিক চাপ, অশান্তি, অস্থিৰতাক লৈ উদ্বেগ প্ৰকাশেৰে শ্ৰী মোদীয়ে কয় যে এনে সময়তে যোগে শান্তিৰ পথ প্ৰশস্ত কৰিছে। “যোগ হৈছে শ্বাস ল’বলৈ, সন্তুলন ৰক্ষা কৰিবলৈ, পুনৰ সম্পূৰ্ণ হ’বলৈ মানৱতাৰ প্ৰয়োজনীয় পজ বুটাম”, তেখেতেকয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্ব সমাজলৈ বিশেষ আহ্বান জনাই কয়, “এই যোগ দিৱস মানৱতাৰ বাবে যোগ ২.০-ৰ আৰম্ভণি হওঁক, অভ্যন্তৰীণ শান্তি বিশ্ব নীতি হৈ উঠক।” তেখেতে কয় যে যোগ কেৱল ব্যক্তিগত অনুশীলন হৈ থাকিব নালাগে, বৰঞ্চ বিশ্ব অংশীদাৰিত্বৰ এক মাধ্যমলৈ ৰূপান্তৰিত হ’ব লাগে। তেখেতে প্ৰতিখনৰাষ্ট্ৰ আৰু প্ৰতিখন সমাজকে যোগাসনকস্বকীয় জীৱনশৈলী আৰু ৰাজহুৱা নীতিৰ সৈতে একত্ৰিতকৰণৰ আহ্বান জনায়। এই আহ্বানৰ জৰিয়তে শ্ৰী মোদীয়ে এখনি শান্তিপূৰ্ণ, সুষমআৰু বহনক্ষম বিশ্বক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক সামূহিক প্ৰচেষ্টাৰ কল্পনা কৰে। “যোগে বিশ্বক সংঘাতৰ পৰা সহযোগিতালৈআৰু মানসিক চাপৰ পৰা সমাধানলৈ পথ প্ৰদৰ্শন কৰিব লাগে”, তেখেতে লগতে কয়।

 

ভাৰতে যোগৰ বৈশ্বিক প্ৰসাৰত সহায়ৰ অৰ্থে আধুনিক গৱেষণাৰ জৰিয়তে যোগ বিজ্ঞানক সমৃদ্ধকৰণৰ বাবেগ্ৰহণ কৰা প্ৰচেষ্টাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানসমূহে যোগ গৱেষণাত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছে, ইয়াৰ লক্ষ্য হৈছে সম-সাময়িক চিকিৎসা পদ্ধতিত ইয়াৰ বৈজ্ঞানিক প্ৰাসংগিকতা প্ৰতিপন্ন কৰা। তেখেতে কয় যে ভাৰতে ইয়াৰ চিকিৎসা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ জৰিয়তে যোগৰ ক্ষেত্ৰত প্ৰমাণভিত্তিক চিকিৎসাৰ প্ৰসাৰ ঘটাইছে। এই দিশত দৃষ্টান্তমূলক অৱদান আগবঢ়োৱাৰ বাবে শ্ৰী মোদীয়ে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS), নতুন দিল্লীক প্ৰশংসা কৰে। এইমছৰ গৱেষণাৰ তথ্যৰ উদ্ধৃতি দাঙিধৰি তেখেতে কয় যে যোগে হৃদযন্ত্ৰ আৰু স্নায়ুজনিত বিকাৰৰ চিকিৎসাৰ লগতে মহিলাৰ স্বাস্থ্য আৰু মানসিক সুস্থতাৰ অগ্ৰগতিৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ প্ৰদৰ্শন কৰিছে।

শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ জৰিয়তে সমগ্ৰ দেশতে যোগ আৰু সুস্থতাৰ বাৰ্তাক সক্ৰিয়ভাৱে প্ৰসাৰিত কৰা হৈছে। তেখেতে কয় যে এই প্ৰচেষ্টাত ডিজিটেল প্ৰযুক্তিয়ে এটি উল্লেখযোগ্য ভূমিকা পালন কৰিছে। যোগ পৰ্টেল আৰু যোগান্ধ্ৰ পৰ্টেলৰ জৰিয়তে দেশজুৰি এক নিযুতৰো অধিক কাৰ্য্যসূচীৰ পঞ্জীয়ন সম্পন্ন হৈছে, এই কাৰ্য্যই সমগ্ৰ দেশতে যোগৰ প্ৰসাৰতাৰ উল্লেখযোগ্য সম্প্ৰসাৰণৰ ইংগিত বহন কৰিছে। তেখেতে কয় যে ভাৰতৰ প্ৰতিটো প্ৰান্ততে সম্পন্ন হোৱা কাৰ্য্যসূচীসমূহে যোগৰ ক্ৰমবৰ্ধমান প্ৰভাৱকে প্ৰতিফলিত কৰে।

 

বিশ্বজুৰি“হিল ইন ইণ্ডিয়া” মন্ত্ৰৰ জনপ্ৰিয়তা বৃদ্ধিৰ কথা উল্লেখেৰেভাৰতৰ উপশম লাভৰ ক্ষেত্ৰত অগ্ৰণী গন্তব্যস্থান হিচাপে উত্থানত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে এই বিকাশত যোগে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেখেতে সন্তুষ্টি প্ৰকাশেৰে কয় যে অনুশীলনৰ মানদণ্ড নিশ্চিত কৰিবলৈ কমন যোগ প্ৰট’কল যুগুত কৰা হৈছে। ৬.৫ লাখৰো অধিক স্বেচ্ছাসেৱকক প্ৰশিক্ষণ প্ৰদান আৰু প্ৰায় ১৩০ প্ৰতিষ্ঠানক স্বীকৃতি প্ৰদান কৰা যোগ প্ৰমাণীকৰণ ব’ৰ্ডৰ প্ৰচেষ্টাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক সামগ্ৰিক সুস্থতা বাতাবৰণ গঢ়ি তোলাৰ অংশ হিচাপে চিকিৎসা মহাবিদ্যালয়সমূহত ১০-দিনীয়া যোগ মডিউলক অন্তৰ্ভুক্তকৰণ কাৰ্য্যৰ কথা উল্লেখ কৰে। তেখেতে কয় যে সমগ্ৰ ৰাষ্ট্ৰৰ আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত প্ৰশিক্ষণপ্ৰাপ্ত যোগ শিক্ষক নিয়োগ কৰা হৈছে। ভাৰতৰ সুস্থতা ব্যৱস্থাৰ জৰিয়তে বিশ্ব সমাজ লাভান্বিত হোৱাটো নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ ই-আয়ুষ ভিছা প্ৰদানৰ কথা ঘোষণা কৰিছিল।

মেদবহুলতাৰ উদ্বেগৰ প্ৰতি দৃষ্টি আকৰ্ষণেৰেইয়াক ক্ৰমবৰ্ধমান বিশ্ব প্ৰত্যাহ্বান বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে মন কী বাত কাৰ্য্যসূচীত এই বিষয়টো সন্দৰ্ভত বিতংভাৱে কৰা আলোচনাৰ কথা স্মৰণেৰে দৈনন্দিত খাদ্যাভাসত তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাসৰ প্ৰয়াস আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ভাৰত আৰু বিশ্বৰ নাগৰিকসকলক এই পদক্ষেপত যোগদান কৰিবলৈ পুনৰ আহ্বান জনায়। ব্যক্তিসকলে কেনেকৈ খাদ্যত কমেও ১০ শতাংশ তেলৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰে, সেই সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে কয় যে তেল সেৱন হ্ৰাস, অ-স্বাস্থ্যসন্মত খাদ্য পৰিহাৰ, যোগাভ্যাস কৰাটো এটি সুস্থ জীৱনশৈলীৰ বাবে অতিশয় প্ৰয়োজনীয় কথা।

 

যোগক সকলোকে এক জন আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এনে এক আন্দোলনৰ পোষকতা কৰে, যিয়ে বিশ্বক শান্তি, সু-স্বাস্থ্যআৰু সম্প্ৰীতিৰ দিশত ধাৱমান কৰাব। তেখেতে প্ৰতিগৰাকীলোককে জীৱনৰসন্তুলনৰক্ষা কৰিবলৈ যোগাসনেৰে দিনটো আৰম্ভ কৰিবলৈআৰু প্ৰতিখন সমাজকে মানসিক চাপৰ পৰা মুক্ত হ’বলৈ যোগক আকোৱালি ল’বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে “যোগে মানৱ জাতিক একত্ৰিতকৰা এক মাধ্যম হিচাপে কাম কৰিব লাগে, এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ এক বৈশ্বিক সংকল্প হ’ব লাগে” বুলি কৈ তেখেতৰ ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী চৈয়দ আব্দুল নাজিৰ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন. চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী শ্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপু, শ্ৰী যাদৱ প্ৰতাপৰাও গণপাত্ৰ, ডাঃচন্দ্ৰ শেখৰ পেম্মাছানি, শ্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা আদিকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

 

পটভূমি

প্ৰধানমন্ত্ৰীয়ে১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশাখাপট্টনমৰ পৰা ইয়াৰ ৰাষ্ট্ৰীয় উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদান কৰে। তেখেতে প্ৰায় ৫ লাখ অংশগ্ৰহণকাৰীৰ সৈতে বিশাখাপট্টনমৰ সমুদ্ৰ সৈকতত অনুষ্ঠিত কমন যোগ প্ৰট’কল (CYP) অধিবেশনত অংশগ্ৰহণৰ লগতে দেশখনক এক ঐক্যবদ্ধ যোগাসন প্ৰদৰ্শন কাৰ্য্যত নেতৃত্ব দিয়ে। সমগ্ৰ ভাৰতৰ ৩.৫ লাখৰো অধিক স্থানত একেলগে যোগ সংগমমকাৰ্য্যসূচী অনুষ্ঠিত হয়। এইবাৰ মাইগভ আৰু মাইভাৰতৰ দৰে প্লেটফৰ্মত যোগ আনপ্লাগডৰ অধীনত পৰিয়ালৰ সৈতে যোগৰ দৰে বিশেষ প্ৰতিযোগিতা আৰু যুৱক-যুৱতীকেন্দ্ৰিক পদক্ষেপ হাতত লোৱাহয়, এই পদক্ষেপে গণ অংশগ্ৰহণক উৎসাহিত কৰে।

 

এই বৰ্ষৰ বিষয়বস্তু “এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ”-এ মানৱ আৰু গ্ৰহৰ সুস্থতাৰ ক্ষেত্ৰত আন্তঃসংযোগক উজ্জ্বল কৰি তুলিছে আৰু ভাৰতৰ “সৰ্বে সন্তু নিৰাময়া” (সকলো ব্যাধিমুক্ত হওঁক) দৰ্শনেৰে বদ্ধমূল সামূহিক সুস্থতাৰ বৈশ্বিক দৃষ্টিভংগীক অনুৰণিত কৰিছে। ২০১৫-ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে (UNGA) ভাৰতৰ ২১ জুন দিনটোকআন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালনৰ প্ৰস্তাৱ গ্ৰহণৰ পিছৰে পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লী, চণ্ডীগড়, লক্ষ্ণৌ, মহীশূৰ, নিউইয়ৰ্ক (ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়)আৰু শ্ৰীনগৰকে প্ৰমুখ্য কৰি ভিন্ন স্থানৰ পৰা এই দিৱস উদযাপনৰ নেতৃত্ব প্ৰদান কৰি আহিছে। তেতিয়াৰ পৰাই এই দিৱস এক ব্যাপক বিশ্ব স্বাস্থ্য আন্দোলনলৈ ৰূপান্তৰিত হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Zojila Tunnel achieves final breakthrough at 11,578 feet, bringing Kashmir-Ladakh link closer

Media Coverage

Zojila Tunnel achieves final breakthrough at 11,578 feet, bringing Kashmir-Ladakh link closer
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses gratitude to Vice President Thiru CP Radhakrishnan Ji for his warm wishes
June 10, 2026

Prime Minister Shri Narendra Modi today expressed gratitude to Vice President Thiru CP Radhakrishnan Ji for his warm wishes. The Prime Minister stated that the trust and blessings of the people of India inspire him to work harder in service of the nation.

Shri Modi noted that all his efforts will continue to be guided by the aim of building a Viksit Bharat that is prosperous and proud of our civilisational heritage. The Prime Minister affirmed that no stone will be left unturned in fulfilling the dreams and aspirations of our fellow Indians.

The Prime Minister posted on X:

"Thank you for your warm wishes, Vice President Thiru CP Radhakrishnan Ji.

The trust and blessings of the people of India inspire me to work harder in service of the nation. All my efforts will continue to be guided by the aim of building a Viksit Bharat that is prosperous and proud of our civilisational heritage. No stone will be left unturned in fulfilling the dreams and aspirations of our fellow Indians.

@VPIndia

@CPR_VP"