যোগে সমগ্ৰ বিশ্বক একত্ৰিত কৰিছেঃপ্ৰধানমন্ত্ৰী
যোগ সকলোৰে বাবে, ইসীমা, পটভূমি, বয়স বা সামৰ্থ্যৰ উৰ্ধতঃপ্ৰধানমন্ত্ৰী
যোগে আমাক বিশ্বখনৰ সৈতে একতাৰ দিশত এক যাত্ৰাত ধাৱমান কৰে, ই আমাক বিচ্ছিন্ন ব্যক্তিৰ বিপৰীতে প্ৰকৃতিৰ অংশ হোৱা কথাটো শিকাইছেঃপ্ৰধানমন্ত্ৰী
যোগ হৈছে আমাক মোৰ পৰা আমিলৈ ৰূপান্তৰিত কৰা এক ব্যৱস্থাঃপ্ৰধানমন্ত্ৰী
যোগ হৈছে শ্বাস ল’বলৈ, সন্তুলন ৰক্ষা কৰিবলৈ, পুনৰ সম্পূৰ্ণ হ’বলৈমানৱতাৰপ্ৰয়োজনীয় পজ বুটামঃপ্ৰধানমন্ত্ৰী
এই যোগ দিৱস মানৱতাৰ বাবে যোগ ২.০-ৰ আৰম্ভণি হওঁক, অভ্যন্তৰীণ শান্তি বিশ্ব নীতি হৈ উঠকঃপ্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD)কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়েআন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদানেৰে যোগ অধিবেশনত অংশগ্ৰহণ কৰে।

ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সমগ্ৰ ভাৰত আৰু বিশ্বৰ জনসাধাৰণলৈ উষ্ম শুভেচ্ছা জ্ঞাপনেৰে কয় যে এইবাৰ ইয়াৰ ১১ সংখ্যক উদযাপনৰ অংশ হিচাপে আজি ২১ জুনত বিশ্বখন একত্ৰিত হৈ সামূহিকভাৱে যোগাভ্যাস কৰিছে। তেখেতে কয় যে যোগৰ সাৰমৰ্ম হৈছে "একত্ৰিত হোৱা", আৰু যোগে বিশ্বখনক একত্ৰিত কৰা কাৰ্য্য মনোমুগ্ধকৰ। বিগত দশকটোত যোগৰ পৰিক্ৰমাত আলোকপাতেৰে শ্ৰী মোদীয়ে ভাৰতে ৰাষ্ট্ৰসংঘৰ মজিয়াত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ধাৰণাটোৰ প্ৰস্তাৱ জনোৱাৰমুহূৰ্তটোৰকথা স্মৰণ কৰে। তেখেতে কয় যে ১৭৫খন দেশে এই প্ৰস্তাৱলৈ সমৰ্থন আগবঢ়োৱা কাৰ্য্য বহল বিশ্ব ঐক্যৰ এক বিৰল উদাহৰণ আছিল।তেখেতে কয় যে এই সমৰ্থন কেৱল এটা প্ৰস্তাৱৰ বাবে নাছিল, বৰঞ্চ ই মানৱ জাতিৰ বৃহত্তৰ মংগলৰ বাবে বিশ্বৰ সামূহিক প্ৰচেষ্টাকে প্ৰতিনিধিত্ব কৰিছিল। “এঘাৰ বছৰৰ পাছত যোগাসন সমগ্ৰ বিশ্বৰ লক্ষ-লক্ষ লোকৰ জীৱনশৈলীৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে”, তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে দিব্যাংগজনে ব্ৰেইল মাধ্যমেৰে যোগাসনৰ পুথিঅধ্যয়ন আৰু বিজ্ঞানীসকলে মহাকাশত যোগাসন কৰি থকা কাৰ্য্য প্ৰত্যক্ষৰে গৌৰৱ প্ৰকাশ কৰে। তেখেতে যোগ অলিম্পিয়াডত গ্ৰামাঞ্চলসমূহৰ যুৱক-যুৱতীসকলৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে সেয়া ছিডনী অপেৰা হাউচেই হওঁক, মাউন্ট এভাৰেষ্টৰ শিখৰেই হওঁক বা মহাসাগৰৰ বিশাল বিস্তৃতিয়েই হওঁক, বাৰ্তাটো একেই, “যোগ সকলোৰে বাবে, ইসীমা, পটভূমি, বয়স বা সামৰ্থ্যৰ উৰ্ধত।”

 

বিশাখাপট্টনমত থকাৰ সন্তুষ্টি প্ৰকাশেৰে তেখেতে চহৰখনক প্ৰকৃতি আৰু প্ৰগতিৰ মিলনভূমি বুলি উল্লেখেৰেসৰ্বাংগসুন্দৰভাৱে এই কাৰ্য্যসূচী আয়োজনৰ বাবে ৰাইজক প্ৰশংসা কৰে আৰু ইয়াৰ নেতৃত্ব প্ৰদানৰ বাবে শ্ৰী চন্দ্ৰবাবু নাইডু আৰু শ্ৰী পৱন কল্যাণক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশে এক উল্লেখযোগ্য পদক্ষেপ আৰম্ভ কৰিছে—সেয়া হৈছে যোগান্ধ্ৰ অভিযান (Yogandhra Abhiyan)। লগতে তেখেতে শ্ৰী নাৰা লোকেশৰ এই প্ৰচেষ্টাক বিশেষভাৱে শলাগ লৈ যোগাসন কেনেকৈ প্ৰকৃত সামাজিক উদযাপন হ’ব পাৰে আৰু সমাজৰ প্ৰতিটো শ্ৰেণীকে কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰে, তাৰেইউদযাপন বুলি কয়। শ্ৰী মোদীয়ে কয় যে বিগত ডেৰ মাহত শ্ৰী লোকেশে যোগান্ধ্ৰ অভিযানৰ জৰিয়তে দৃষ্টান্তমূলক দায়বদ্ধতা প্ৰদৰ্শন কৰিছে আৰু তেওঁ এই প্ৰচেষ্টাৰ বাবে প্ৰশংসাৰ পাত্ৰ।

জনসাধাৰণৰ অংশগ্ৰহণৰ এক স্পন্দনশীল মনোভাৱক প্ৰতিফলিতকৰণেৰে দুই কোটিৰো অধিক লোকে যোগান্ধ্র অভিযানত যোগদান কৰিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই মনোভাৱেই এখনি বিকশিত ভাৰতৰ আধাৰশিলাস্থাপন কৰিছে। তেখেতেকয় যে নাগৰিকে নিজেই কোনো অভিযানৰদায়িত্ব গ্ৰহণেৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰামাত্ৰেকে কোনো লক্ষ্যইঅসম্ভৱ নহয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিশাখাপট্টনমৰ সমগ্ৰ অনুষ্ঠানটোত জনসাধাৰণৰ সদিচ্ছা আৰু উৎসাহপূৰ্ণ প্ৰচেষ্টাৰমনোভাৱ দৃশ্যমান হৈছে।

এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু,“একবিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ”-ত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়বস্তুৱে এক গভীৰ সত্যকে প্ৰতিফলিত কৰিছেঃ পৃথিৱীৰ প্ৰতিটো জীৱনৰ স্বাস্থ্য আন্তঃসংযোগী। তেখেতে কয় যে জনতাৰ মংগল আমাৰ খাদ্য উৎপাদন কৰা মাটিৰ গুণাগুণ, আমাক পানী যোগান ধৰা নদী, আমাৰ পৰিবেশ তন্ত্ৰৰ অংশীদাৰ জীৱ-জন্তু আৰু আমাক পুষ্টি প্ৰদান কৰা উদ্ভিদৰ ওপৰতে নিৰ্ভৰ কৰে। শ্ৰী মোদীয়ে কয় যে যোগে আমাক এই আন্তঃসংযোগৰ প্ৰতি সজাগ কৰে আৰু আমাক বিশ্বখনৰ সৈতে একতাৰ দিশত এক যাত্ৰাত ধাৱমান কৰে। “যোগে আমাক আমি বিচ্ছিন্ন ব্যক্তিৰ বিপৰীতে প্ৰকৃতিৰ অংশ হোৱা কথাটোক শিকাইছে। প্ৰথম অৱস্থাত আমি নিজৰ স্বাস্থ্য আৰু সুস্থতা সম্পৰ্কে যত্ন ল'বলৈ শিকোঁ, কিন্তু ক্ৰমান্বয়ে এই যত্ন আমাৰ পৰিবেশ, সমাজ আৰু গ্ৰহটোলৈয়ো বিস্তাৰিত হয়। যোগাসন হৈছে এক গভীৰ ব্যক্তিগত অনুশাসন, যিয়েএকে সময়তেএক সামূহিক ব্যৱস্থা হিচাপেওক্ৰিয়া কৰে—যি ব্যৱস্থাই আমাক মোৰ পৰা আমিলৈ ৰূপান্তৰিত কৰে", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

““মোৰ পৰা আমিলৈ”-ৰ মনোভাৱে ভাৰতৰ আত্মাকেসমাহিত কৰিছে”, শ্ৰী মোদীয়ে কয়। তেখেতে আৰু কয় যে এগৰাকী ব্যক্তিয়ে নিজ-স্বাৰ্থ পৰিহাৰেৰে সামগ্ৰিকভাৱে সমাজৰ বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰা মাত্ৰেকে মানৱতাৰ কল্যাণ সম্ভৱ হৈ উঠে। তেখেতে ভাৰতীয় সংস্কৃতিৰ কথা উল্লেখেৰে কয় যে এই পৰম্পৰাই আমাক “সৰ্ৱে ভৱন্তু সুখিনঃ”-ৰ প্ৰমূল্যবোধ সম্পৰ্কে শিকাই—সকলোৰে কল্যাণ সাধনহৈছে স্বকীয় পবিত্ৰ কৰ্তব্য আৰু ‘মই’-ৰ পৰা ‘আমি’-লৈ এই যাত্ৰাই সেৱা, সমৰ্পণআৰু সহ-অৱস্থানৰ আধাৰ গঢ়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই চিন্তাধাৰাই সামাজিক সম্প্ৰীতিক উদ্দীপনা যোগায়।

বিশ্বৰ ভিন্ন প্ৰান্তৰ জনসাধাৰণৰ ক্ৰমবৰ্ধমান মানসিক চাপ, অশান্তি, অস্থিৰতাক লৈ উদ্বেগ প্ৰকাশেৰে শ্ৰী মোদীয়ে কয় যে এনে সময়তে যোগে শান্তিৰ পথ প্ৰশস্ত কৰিছে। “যোগ হৈছে শ্বাস ল’বলৈ, সন্তুলন ৰক্ষা কৰিবলৈ, পুনৰ সম্পূৰ্ণ হ’বলৈ মানৱতাৰ প্ৰয়োজনীয় পজ বুটাম”, তেখেতেকয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্ব সমাজলৈ বিশেষ আহ্বান জনাই কয়, “এই যোগ দিৱস মানৱতাৰ বাবে যোগ ২.০-ৰ আৰম্ভণি হওঁক, অভ্যন্তৰীণ শান্তি বিশ্ব নীতি হৈ উঠক।” তেখেতে কয় যে যোগ কেৱল ব্যক্তিগত অনুশীলন হৈ থাকিব নালাগে, বৰঞ্চ বিশ্ব অংশীদাৰিত্বৰ এক মাধ্যমলৈ ৰূপান্তৰিত হ’ব লাগে। তেখেতে প্ৰতিখনৰাষ্ট্ৰ আৰু প্ৰতিখন সমাজকে যোগাসনকস্বকীয় জীৱনশৈলী আৰু ৰাজহুৱা নীতিৰ সৈতে একত্ৰিতকৰণৰ আহ্বান জনায়। এই আহ্বানৰ জৰিয়তে শ্ৰী মোদীয়ে এখনি শান্তিপূৰ্ণ, সুষমআৰু বহনক্ষম বিশ্বক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক সামূহিক প্ৰচেষ্টাৰ কল্পনা কৰে। “যোগে বিশ্বক সংঘাতৰ পৰা সহযোগিতালৈআৰু মানসিক চাপৰ পৰা সমাধানলৈ পথ প্ৰদৰ্শন কৰিব লাগে”, তেখেতে লগতে কয়।

 

ভাৰতে যোগৰ বৈশ্বিক প্ৰসাৰত সহায়ৰ অৰ্থে আধুনিক গৱেষণাৰ জৰিয়তে যোগ বিজ্ঞানক সমৃদ্ধকৰণৰ বাবেগ্ৰহণ কৰা প্ৰচেষ্টাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানসমূহে যোগ গৱেষণাত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছে, ইয়াৰ লক্ষ্য হৈছে সম-সাময়িক চিকিৎসা পদ্ধতিত ইয়াৰ বৈজ্ঞানিক প্ৰাসংগিকতা প্ৰতিপন্ন কৰা। তেখেতে কয় যে ভাৰতে ইয়াৰ চিকিৎসা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ জৰিয়তে যোগৰ ক্ষেত্ৰত প্ৰমাণভিত্তিক চিকিৎসাৰ প্ৰসাৰ ঘটাইছে। এই দিশত দৃষ্টান্তমূলক অৱদান আগবঢ়োৱাৰ বাবে শ্ৰী মোদীয়ে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS), নতুন দিল্লীক প্ৰশংসা কৰে। এইমছৰ গৱেষণাৰ তথ্যৰ উদ্ধৃতি দাঙিধৰি তেখেতে কয় যে যোগে হৃদযন্ত্ৰ আৰু স্নায়ুজনিত বিকাৰৰ চিকিৎসাৰ লগতে মহিলাৰ স্বাস্থ্য আৰু মানসিক সুস্থতাৰ অগ্ৰগতিৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ প্ৰদৰ্শন কৰিছে।

শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ জৰিয়তে সমগ্ৰ দেশতে যোগ আৰু সুস্থতাৰ বাৰ্তাক সক্ৰিয়ভাৱে প্ৰসাৰিত কৰা হৈছে। তেখেতে কয় যে এই প্ৰচেষ্টাত ডিজিটেল প্ৰযুক্তিয়ে এটি উল্লেখযোগ্য ভূমিকা পালন কৰিছে। যোগ পৰ্টেল আৰু যোগান্ধ্ৰ পৰ্টেলৰ জৰিয়তে দেশজুৰি এক নিযুতৰো অধিক কাৰ্য্যসূচীৰ পঞ্জীয়ন সম্পন্ন হৈছে, এই কাৰ্য্যই সমগ্ৰ দেশতে যোগৰ প্ৰসাৰতাৰ উল্লেখযোগ্য সম্প্ৰসাৰণৰ ইংগিত বহন কৰিছে। তেখেতে কয় যে ভাৰতৰ প্ৰতিটো প্ৰান্ততে সম্পন্ন হোৱা কাৰ্য্যসূচীসমূহে যোগৰ ক্ৰমবৰ্ধমান প্ৰভাৱকে প্ৰতিফলিত কৰে।

 

বিশ্বজুৰি“হিল ইন ইণ্ডিয়া” মন্ত্ৰৰ জনপ্ৰিয়তা বৃদ্ধিৰ কথা উল্লেখেৰেভাৰতৰ উপশম লাভৰ ক্ষেত্ৰত অগ্ৰণী গন্তব্যস্থান হিচাপে উত্থানত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে এই বিকাশত যোগে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেখেতে সন্তুষ্টি প্ৰকাশেৰে কয় যে অনুশীলনৰ মানদণ্ড নিশ্চিত কৰিবলৈ কমন যোগ প্ৰট’কল যুগুত কৰা হৈছে। ৬.৫ লাখৰো অধিক স্বেচ্ছাসেৱকক প্ৰশিক্ষণ প্ৰদান আৰু প্ৰায় ১৩০ প্ৰতিষ্ঠানক স্বীকৃতি প্ৰদান কৰা যোগ প্ৰমাণীকৰণ ব’ৰ্ডৰ প্ৰচেষ্টাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক সামগ্ৰিক সুস্থতা বাতাবৰণ গঢ়ি তোলাৰ অংশ হিচাপে চিকিৎসা মহাবিদ্যালয়সমূহত ১০-দিনীয়া যোগ মডিউলক অন্তৰ্ভুক্তকৰণ কাৰ্য্যৰ কথা উল্লেখ কৰে। তেখেতে কয় যে সমগ্ৰ ৰাষ্ট্ৰৰ আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত প্ৰশিক্ষণপ্ৰাপ্ত যোগ শিক্ষক নিয়োগ কৰা হৈছে। ভাৰতৰ সুস্থতা ব্যৱস্থাৰ জৰিয়তে বিশ্ব সমাজ লাভান্বিত হোৱাটো নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ ই-আয়ুষ ভিছা প্ৰদানৰ কথা ঘোষণা কৰিছিল।

মেদবহুলতাৰ উদ্বেগৰ প্ৰতি দৃষ্টি আকৰ্ষণেৰেইয়াক ক্ৰমবৰ্ধমান বিশ্ব প্ৰত্যাহ্বান বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে মন কী বাত কাৰ্য্যসূচীত এই বিষয়টো সন্দৰ্ভত বিতংভাৱে কৰা আলোচনাৰ কথা স্মৰণেৰে দৈনন্দিত খাদ্যাভাসত তেলৰ ব্যৱহাৰ ১০ শতাংশ হ্ৰাসৰ প্ৰয়াস আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ভাৰত আৰু বিশ্বৰ নাগৰিকসকলক এই পদক্ষেপত যোগদান কৰিবলৈ পুনৰ আহ্বান জনায়। ব্যক্তিসকলে কেনেকৈ খাদ্যত কমেও ১০ শতাংশ তেলৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰে, সেই সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে কয় যে তেল সেৱন হ্ৰাস, অ-স্বাস্থ্যসন্মত খাদ্য পৰিহাৰ, যোগাভ্যাস কৰাটো এটি সুস্থ জীৱনশৈলীৰ বাবে অতিশয় প্ৰয়োজনীয় কথা।

 

যোগক সকলোকে এক জন আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এনে এক আন্দোলনৰ পোষকতা কৰে, যিয়ে বিশ্বক শান্তি, সু-স্বাস্থ্যআৰু সম্প্ৰীতিৰ দিশত ধাৱমান কৰাব। তেখেতে প্ৰতিগৰাকীলোককে জীৱনৰসন্তুলনৰক্ষা কৰিবলৈ যোগাসনেৰে দিনটো আৰম্ভ কৰিবলৈআৰু প্ৰতিখন সমাজকে মানসিক চাপৰ পৰা মুক্ত হ’বলৈ যোগক আকোৱালি ল’বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে “যোগে মানৱ জাতিক একত্ৰিতকৰা এক মাধ্যম হিচাপে কাম কৰিব লাগে, এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ এক বৈশ্বিক সংকল্প হ’ব লাগে” বুলি কৈ তেখেতৰ ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী চৈয়দ আব্দুল নাজিৰ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন. চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী শ্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপু, শ্ৰী যাদৱ প্ৰতাপৰাও গণপাত্ৰ, ডাঃচন্দ্ৰ শেখৰ পেম্মাছানি, শ্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা আদিকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

 

পটভূমি

প্ৰধানমন্ত্ৰীয়ে১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশাখাপট্টনমৰ পৰা ইয়াৰ ৰাষ্ট্ৰীয় উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদান কৰে। তেখেতে প্ৰায় ৫ লাখ অংশগ্ৰহণকাৰীৰ সৈতে বিশাখাপট্টনমৰ সমুদ্ৰ সৈকতত অনুষ্ঠিত কমন যোগ প্ৰট’কল (CYP) অধিবেশনত অংশগ্ৰহণৰ লগতে দেশখনক এক ঐক্যবদ্ধ যোগাসন প্ৰদৰ্শন কাৰ্য্যত নেতৃত্ব দিয়ে। সমগ্ৰ ভাৰতৰ ৩.৫ লাখৰো অধিক স্থানত একেলগে যোগ সংগমমকাৰ্য্যসূচী অনুষ্ঠিত হয়। এইবাৰ মাইগভ আৰু মাইভাৰতৰ দৰে প্লেটফৰ্মত যোগ আনপ্লাগডৰ অধীনত পৰিয়ালৰ সৈতে যোগৰ দৰে বিশেষ প্ৰতিযোগিতা আৰু যুৱক-যুৱতীকেন্দ্ৰিক পদক্ষেপ হাতত লোৱাহয়, এই পদক্ষেপে গণ অংশগ্ৰহণক উৎসাহিত কৰে।

 

এই বৰ্ষৰ বিষয়বস্তু “এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ”-এ মানৱ আৰু গ্ৰহৰ সুস্থতাৰ ক্ষেত্ৰত আন্তঃসংযোগক উজ্জ্বল কৰি তুলিছে আৰু ভাৰতৰ “সৰ্বে সন্তু নিৰাময়া” (সকলো ব্যাধিমুক্ত হওঁক) দৰ্শনেৰে বদ্ধমূল সামূহিক সুস্থতাৰ বৈশ্বিক দৃষ্টিভংগীক অনুৰণিত কৰিছে। ২০১৫-ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে (UNGA) ভাৰতৰ ২১ জুন দিনটোকআন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালনৰ প্ৰস্তাৱ গ্ৰহণৰ পিছৰে পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লী, চণ্ডীগড়, লক্ষ্ণৌ, মহীশূৰ, নিউইয়ৰ্ক (ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়)আৰু শ্ৰীনগৰকে প্ৰমুখ্য কৰি ভিন্ন স্থানৰ পৰা এই দিৱস উদযাপনৰ নেতৃত্ব প্ৰদান কৰি আহিছে। তেতিয়াৰ পৰাই এই দিৱস এক ব্যাপক বিশ্ব স্বাস্থ্য আন্দোলনলৈ ৰূপান্তৰিত হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Exclusive: Just two friends in a car, says Putin on viral carpool with PM Modi

Media Coverage

Exclusive: Just two friends in a car, says Putin on viral carpool with PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India–Russia friendship has remained steadfast like the Pole Star: PM Modi during the joint press meet with Russian President Putin
December 05, 2025

Your Excellency, My Friend, राष्ट्रपति पुतिन,
दोनों देशों के delegates,
मीडिया के साथियों,
नमस्कार!
"दोबरी देन"!

आज भारत और रूस के तेईसवें शिखर सम्मेलन में राष्ट्रपति पुतिन का स्वागत करते हुए मुझे बहुत खुशी हो रही है। उनकी यात्रा ऐसे समय हो रही है जब हमारे द्विपक्षीय संबंध कई ऐतिहासिक milestones के दौर से गुजर रहे हैं। ठीक 25 वर्ष पहले राष्ट्रपति पुतिन ने हमारी Strategic Partnership की नींव रखी थी। 15 वर्ष पहले 2010 में हमारी साझेदारी को "Special and Privileged Strategic Partnership” का दर्जा मिला।

पिछले ढाई दशक से उन्होंने अपने नेतृत्व और दूरदृष्टि से इन संबंधों को निरंतर सींचा है। हर परिस्थिति में उनके नेतृत्व ने आपसी संबंधों को नई ऊंचाई दी है। भारत के प्रति इस गहरी मित्रता और अटूट प्रतिबद्धता के लिए मैं राष्ट्रपति पुतिन का, मेरे मित्र का, हृदय से आभार व्यक्त करता हूँ।

Friends,

पिछले आठ दशकों में विश्व में अनेक उतार चढ़ाव आए हैं। मानवता को अनेक चुनौतियों और संकटों से गुज़रना पड़ा है। और इन सबके बीच भी भारत–रूस मित्रता एक ध्रुव तारे की तरह बनी रही है।परस्पर सम्मान और गहरे विश्वास पर टिके ये संबंध समय की हर कसौटी पर हमेशा खरे उतरे हैं। आज हमने इस नींव को और मजबूत करने के लिए सहयोग के सभी पहलुओं पर चर्चा की। आर्थिक सहयोग को नई ऊँचाइयों पर ले जाना हमारी साझा प्राथमिकता है। इसे साकार करने के लिए आज हमने 2030 तक के लिए एक Economic Cooperation प्रोग्राम पर सहमति बनाई है। इससे हमारा व्यापार और निवेश diversified, balanced, और sustainable बनेगा, और सहयोग के क्षेत्रों में नए आयाम भी जुड़ेंगे।

आज राष्ट्रपति पुतिन और मुझे India–Russia Business Forum में शामिल होने का अवसर मिलेगा। मुझे पूरा विश्वास है कि ये मंच हमारे business संबंधों को नई ताकत देगा। इससे export, co-production और co-innovation के नए दरवाजे भी खुलेंगे।

दोनों पक्ष यूरेशियन इकॉनॉमिक यूनियन के साथ FTA के शीघ्र समापन के लिए प्रयास कर रहे हैं। कृषि और Fertilisers के क्षेत्र में हमारा करीबी सहयोग,food सिक्युरिटी और किसान कल्याण के लिए महत्वपूर्ण है। मुझे खुशी है कि इसे आगे बढ़ाते हुए अब दोनों पक्ष साथ मिलकर यूरिया उत्पादन के प्रयास कर रहे हैं।

Friends,

दोनों देशों के बीच connectivity बढ़ाना हमारी मुख्य प्राथमिकता है। हम INSTC, Northern Sea Route, चेन्नई - व्लादिवोस्टोक Corridors पर नई ऊर्जा के साथ आगे बढ़ेंगे। मुजे खुशी है कि अब हम भारत के seafarersकी polar waters में ट्रेनिंग के लिए सहयोग करेंगे। यह आर्कटिक में हमारे सहयोग को नई ताकत तो देगा ही, साथ ही इससे भारत के युवाओं के लिए रोजगार के नए अवसर बनेंगे।

उसी प्रकार से Shipbuilding में हमारा गहरा सहयोग Make in India को सशक्त बनाने का सामर्थ्य रखता है। यह हमारेwin-win सहयोग का एक और उत्तम उदाहरण है, जिससे jobs, skills और regional connectivity – सभी को बल मिलेगा।

ऊर्जा सुरक्षा भारत–रूस साझेदारी का मजबूत और महत्वपूर्ण स्तंभ रहा है। Civil Nuclear Energy के क्षेत्र में हमारा दशकों पुराना सहयोग, Clean Energy की हमारी साझा प्राथमिकताओं को सार्थक बनाने में महत्वपूर्ण रहा है। हम इस win-win सहयोग को जारी रखेंगे।

Critical Minerals में हमारा सहयोग पूरे विश्व में secure और diversified supply chains सुनिश्चित करने के लिए महत्वपूर्ण है। इससे clean energy, high-tech manufacturing और new age industries में हमारी साझेदारी को ठोस समर्थन मिलेगा।

Friends,

भारत और रूस के संबंधों में हमारे सांस्कृतिक सहयोग और people-to-people ties का विशेष महत्व रहा है। दशकों से दोनों देशों के लोगों में एक-दूसरे के प्रति स्नेह, सम्मान, और आत्मीयताका भाव रहा है। इन संबंधों को और मजबूत करने के लिए हमने कई नए कदम उठाए हैं।

हाल ही में रूस में भारत के दो नए Consulates खोले गए हैं। इससे दोनों देशों के नागरिकों के बीच संपर्क और सुगम होगा, और आपसी नज़दीकियाँ बढ़ेंगी। इस वर्ष अक्टूबर में लाखों श्रद्धालुओं को "काल्मिकिया” में International Buddhist Forum मे भगवान बुद्ध के पवित्र अवशेषों का आशीर्वाद मिला।

मुझे खुशी है कि शीघ्र ही हम रूसी नागरिकों के लिए निशुल्क 30 day e-tourist visa और 30-day Group Tourist Visa की शुरुआत करने जा रहे हैं।

Manpower Mobility हमारे लोगों को जोड़ने के साथ-साथ दोनों देशों के लिए नई ताकत और नए अवसर create करेगी। मुझे खुशी है इसे बढ़ावा देने के लिए आज दो समझौतेकिए गए हैं। हम मिलकर vocational education, skilling और training पर भी काम करेंगे। हम दोनों देशों के students, scholars और खिलाड़ियों का आदान-प्रदान भी बढ़ाएंगे।

Friends,

आज हमने क्षेत्रीय और वैश्विक मुद्दों पर भी चर्चा की। यूक्रेन के संबंध में भारत ने शुरुआत से शांति का पक्ष रखा है। हम इस विषय के शांतिपूर्ण और स्थाई समाधान के लिए किए जा रहे सभी प्रयासों का स्वागत करते हैं। भारत सदैव अपना योगदान देने के लिए तैयार रहा है और आगे भी रहेगा।

आतंकवाद के विरुद्ध लड़ाई में भारत और रूस ने लंबे समय से कंधे से कंधा मिलाकर सहयोग किया है। पहलगाम में हुआ आतंकी हमला हो या क्रोकस City Hall पर किया गया कायरतापूर्ण आघात — इन सभी घटनाओं की जड़ एक ही है। भारत का अटल विश्वास है कि आतंकवाद मानवता के मूल्यों पर सीधा प्रहार है और इसके विरुद्ध वैश्विक एकता ही हमारी सबसे बड़ी ताक़त है।

भारत और रूस के बीच UN, G20, BRICS, SCO तथा अन्य मंचों पर करीबी सहयोग रहा है। करीबी तालमेल के साथ आगे बढ़ते हुए, हम इन सभी मंचों पर अपना संवाद और सहयोग जारी रखेंगे।

Excellency,

मुझे पूरा विश्वास है कि आने वाले समय में हमारी मित्रता हमें global challenges का सामना करने की शक्ति देगी — और यही भरोसा हमारे साझा भविष्य को और समृद्ध करेगा।

मैं एक बार फिर आपको और आपके पूरे delegation को भारत यात्रा के लिए बहुत बहुत धन्यवाद देता हूँ।