মাননীয় প্ৰধানমন্ত্ৰী

মহিন্দ্ৰা ৰাজপক্ষ,

নমস্কাৰ

আয়ুবোবান,

ৱনাক্কম

মহোদয়,

মই এই ভাৰ্চুৱেল সন্মিলনলৈ আপোনাক স্বাগতম জনাইছো৷ সদায়ৰ দৰে আপোনাৰ প্ৰথমটো চৰকাৰী ভ্ৰমণত আপোনাক স্বাগতম জনাবলৈ পাই সুখী অনুভৱ কৰিলোহেঁতেন৷ এই নিমন্ত্ৰণ আপোনাৰ বাবে সদায়েই থাকিব৷ বৰ্তমানৰ স্থিতিলৈ লক্ষ্য ৰাখি আমি ভাৰ্চুৱেল সন্মিলনত মিলিত হ’বলৈ পাই সুখী অনুভৱ কৰিছো৷ এই সন্মিলনৰ বাবে আপুনি মোৰ নিমন্ত্ৰণ স্বীকাৰ কৰিলে, ইয়াৰ বাবে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো৷

মই আপোনাক প্ৰধানমন্ত্ৰী পদ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনাইছো৷ সংসদীয় নিৰ্বাচনত এছএলপিপিৰ দুৰ্দান্ত জয়ৰ বাবে আপোনাক পুনৰবাৰ অভিনন্দন জনাইছো৷ এই ঐতিহাসিক জয়ত আপোনাৰ নেতৃত্বত জনসাধাৰণৰ বিশ্বাস প্ৰদৰ্শিত হৈছে৷

ভাৰত আৰু শ্ৰীলংকাৰ সম্বন্ধ বহু বৰ্ষকাল পুৰণি৷ মোৰ চৰকাৰৰ চুবুৰীয়া প্ৰথম নীতি আৰু সাগৰ তত্বৰ অধীনত শ্ৰীলংকাৰ সৈতে সম্বন্ধৰ আমি বিশেষ আৰু উচ্চ প্ৰাথমিকতা প্ৰদান কৰো৷

 

ভাৰত আৰু শ্ৰীলংকা বিমষ্টেক, আইঅ’আৰএ, ছাৰ্ক মঞ্চসমূহতো ঘনিষ্ঠ সহযোগিতা প্ৰদৰ্শিত কৰে৷ আপোনালোকৰ দলে শেহতীয়াকৈ জয় লাভ কৰাৰ পিছত ভাৰত আৰু শ্ৰীলংকাৰ সম্বন্ধত নতুন ঐতিহাসিক অধ্যায় সংযোজিত হৈছে৷ দুয়োখন দেশৰ লোকে নতুন আশা আৰু উৎসাহৰ সৈতে আমাৰ ফালে প্ৰত্যক্ষ কৰিছে৷

মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনালোকে লাভ কৰা শক্তিশালী জনাদেশ আৰু সমৰ্থনৰ দ্বাৰা দ্বিপাক্ষিক সহযোগিতাৰ সকলো ক্ষেত্ৰত উন্নতি কৰাত সহায় লাভ হ’ব৷ এতিয়া মই প্ৰধানমন্ত্ৰী ৰাজপক্ষক মুকলি মন্তব্য প্ৰদান কৰিবলৈ মিনতি জনাইছো৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival