প্ৰধানমন্ত্ৰীক পুনৰ নিৰ্বাচিত হোৱাৰ বাবে উষ্ম অভিনন্দন জনায় প্ৰধানমন্ত্ৰী লাক্সনে
দুয়োগৰাকী নেতাই সহভাজিত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰে বদ্ধমূল দ্বিপাক্ষিক সম্পৰ্কক আগুৱাই নিয়াৰ অংগীকাৰৰ কথা দোহাৰে
তেওঁলোকে বাণিজ্য, পশুপালন, ঔষধ, শিক্ষা, মহাকাশ আদি ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিবলৈ সন্মতি প্ৰকাশ কৰে
প্ৰধানমন্ত্ৰীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ স্বাৰ্থ সুৰক্ষিতকৰণৰ বাবে প্ৰধানমন্ত্ৰী লাক্সনক ধন্যবাদ জনায়। তেওঁলোকৰ নিৰাপত্তা আৰু কল্যাণ নিশ্চিতকৰণৰ আশ্বাস প্ৰধানমন্ত্ৰী লাক্সনৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম ক্রিষ্টোফাৰ লাক্সনৰপৰা এটি টেলিফোন কল লাভ কৰে।

ইয়াতে ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পিছত পুনৰ নিৰ্বাচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী লাক্সনে উষ্ম অভিনন্দন জনায়।

দুয়োগৰাকী নেতাই ভাৰত-নিউজিলেণ্ডৰ সম্পৰ্ক সহভাজিত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু জনসাধাৰণৰ মাজৰ ঘনিষ্ঠ সম্পৰ্ক আধাৰিত বুলি উল্লেখেৰে তেওঁলোকে আগন্তুক বছৰসমূহত দ্বিপাক্ষিক সহযোগিতাক নতুন শিখৰলৈ লৈ যোৱাৰ দৃঢ় অংগীকাৰৰ কথা দোহাৰে।

তেওঁলোকে শেহতীয়াকৈ দুয়োপক্ষৰ মাজত হোৱা উচ্চ-পৰ্য্যায়ৰ যোগাযোগৰ ফলশ্ৰুতি সন্দৰ্ভত আলোকপাতেৰে বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা, পশুপালন, ঔষধ, শিক্ষা, মহাকাশ আদি ভিন্ন ক্ষেত্ৰত পাৰস্পৰিকভাৱে লাভজনক দ্বিপাক্ষিক সহযোগিতাক আগুৱাই নিবলৈ সন্মতি প্ৰকাশ কৰে।

নিউজিলেণ্ডত প্ৰৱাসী ভাৰতীয়সকলৰ স্বাৰ্থ সুৰক্ষিতকৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী লাক্সনক ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰী লাক্সনে তেওঁলোকৰ নিৰাপত্তা আৰু মংগলৰ সুনিশ্চিতকৰণৰ অৰ্থে অবিৰত প্ৰচেষ্টা অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰে।

দুয়োগৰাকী নেতাই আগন্তুক দিনতো যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Thought I Was Dreaming': Boatman Gouranga Biswas Recounts His 40-Minute Hooghly Ride With PM Modi

Media Coverage

'Thought I Was Dreaming': Boatman Gouranga Biswas Recounts His 40-Minute Hooghly Ride With PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength