প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ভল’ডিমাইৰ জেলেনস্কিৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি জেলেনস্কিক ধন্যবাদ জ্ঞাপন কৰি সংঘাতৰ শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে ভাৰতৰ অটল তথা সামঞ্জস্যপূৰ্ণ স্থিতিৰ লগতে শান্তি সোনকালে পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত সকলো সম্ভৱপৰ সমৰ্থন আগবঢ়াবলৈ ভাৰতৰ প্ৰতিশ্ৰুতিৰ পুনৰবাৰ দোহাৰে।
ভাৰত-ইউক্ৰেইন দ্বিপাক্ষিক অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি নেতাদ্বয়ে পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা তথা অধিক বৃদ্ধিৰ উপায়ৰ বিষয়েও আলোচনা কৰে।
দুয়োগৰাকী নেতাই ভৱিষ্যতে যোগাযোগত অব্যাহত ৰাখিবলৈও সন্মতি প্ৰকাশ কৰে।
Glad to speak with President Zelenskyy and hear his perspectives on recent developments. I conveyed India’s consistent position on the need for an early and peaceful resolution of the conflict. India remains committed to making every possible contribution in this regard, as well…
— Narendra Modi (@narendramodi) August 11, 2025


