ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে অৱগত কৰিলে প্ৰধানমন্ত্ৰী মোদীক
প্ৰধানমন্ত্ৰীয়ে সংঘাতৰ শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে ভাৰতৰ স্থিতি তথা শান্তি শীঘ্ৰে ঘূৰাই অনাৰ লক্ষ্যৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰতি দৃঢ় সমৰ্থন প্ৰকাশ কৰে
নেতাদ্বয়ে ভাৰত-ইউক্ৰেইনৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ভল’ডিমাইৰ জেলেনস্কিৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে। 

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি জেলেনস্কিক ধন্যবাদ জ্ঞাপন কৰি সংঘাতৰ শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে ভাৰতৰ অটল তথা সামঞ্জস্যপূৰ্ণ স্থিতিৰ লগতে   শান্তি সোনকালে পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা প্ৰচেষ্টাৰ প্ৰতি  সমৰ্থন  ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত সকলো সম্ভৱপৰ সমৰ্থন আগবঢ়াবলৈ ভাৰতৰ প্ৰতিশ্ৰুতিৰ  পুনৰবাৰ দোহাৰে।

ভাৰত-ইউক্ৰেইন দ্বিপাক্ষিক অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি নেতাদ্বয়ে  পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা তথা অধিক বৃদ্ধিৰ উপায়ৰ বিষয়েও আলোচনা কৰে।

দুয়োগৰাকী নেতাই ভৱিষ্যতে  যোগাযোগত অব্যাহত ৰাখিবলৈও  সন্মতি  প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026: Rare-earth hubs to be set up in Odisha, Kerala, Andhra, TN

Media Coverage

Budget 2026: Rare-earth hubs to be set up in Odisha, Kerala, Andhra, TN
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Haryana meets Prime Minister
February 02, 2026

Chief Minister of Haryana, Shri Nayab Saini met the Prime Minister, Shri Narendra Modi, at New Delhi, today.

The Prime Minister posted on X:

"Chief Minister of Haryana, Shri @NayabSainiBJP met Prime Minister @narendramodi."

@cmohry