ভাৰত-ইউক্ৰেইনৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা দুই বিশ্বনেতাৰ
ভাৰতৰ জনকেন্দ্ৰিক দৃষ্টিভংগীক পুনৰবাৰ উল্লেখ কৰি সংঘাত সমাধানৰ বাবে আলোচনা আৰু কূটনীতিৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
ভাৰতে বিভিন্ন সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ সমৰ্থনত নিজৰ সামৰ্থ্যৰ সকলো কাম কৰি যাব। - প্ৰধানমন্ত্ৰী
ইউক্ৰেইনৰ জনসাধাৰণৰ বাবে ভাৰতৰ অবিৰত মানৱীয় সাহায্যৰ শলাগ ল’লে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লামিমিৰ জেলেনস্কিৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰত ভাৰত-ইউক্ৰেইনৰ অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে।

চলি থকা ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ বিষয়ে আলোচনা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনকেন্দ্ৰিক পন্থাৰ প্ৰতি থকা সমৰ্থনৰ কথা পুনৰবাৰ উল্লেখ কৰি আলোচনা আৰু কূটনীতিক আগুৱাই যোৱাৰ পথ হিচাপে গ্ৰহণৰ আহ্বান জনায়।

তেওঁ উল্লেখ কৰে যে ভাৰতে দেশসমূহৰ মাজত থকা সকলো সমস্যাৰ আগতীয়া আৰু শান্তিপূৰ্ণ সমাধানৰ বাবে কৰা প্ৰচেষ্টাক সমৰ্থন কৰে। তেওঁ লগতে কয় যে শান্তিপূৰ্ণ সমাধানৰ সমৰ্থনত ভাৰতে নিজৰ সামৰ্থ্য অনুসৰি সকলো কাম কৰি যাব।

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইনৰ জনসাধাৰণলৈ ভাৰতৰ অবিৰত মানৱীয় সাহায্যৰ শলাগ লয়।

দুয়োজন নেতাই যোগাযোগত থকাৰ মত পোষন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future