ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বৰ প্ৰতি ৰাষ্ট্ৰপতি বাইডেনৰ দায়বদ্ধতাক শলাগ ল’লে প্ৰধানমন্ত্ৰীয়ে
দুয়োগৰাকী নেতাই আলোকপাত কৰে যে ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বৰ লক্ষ্য হৈছে দুয়োখন দেশৰ জনসাধাৰণৰ লগতে সমগ্ৰ মানৱ জাতিক উপকৃত কৰা
ইউক্ৰেইনৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু বৈশ্বিক বিষয়ত আলোচনা
ৰাষ্ট্ৰপতি বাইডেনক শেহতীয়া ইউক্ৰেইন ভ্ৰমণৰ বিষয়ে অৱগত কৰিলে প্ৰধানমন্ত্ৰীয়ে
দেশখনৰ শান্তি আৰু সুস্থিৰতা শীঘ্ৰে ঘূৰি অহাৰ বাবে ভাৰতৰ সম্পূৰ্ণ সমৰ্থন দোঁহাৰিলে প্ৰধানমন্ত্ৰীয়ে
দুয়োগৰাকী নেতাই আইন-শৃংখলা পুনৰুদ্ধাৰ আৰু বাংলাদেশৰ সংখ্যালঘু বিশেষকৈ হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰাত গুৰুত্ব আৰোপ
দুয়োগৰাকী নেতাই কোৱাডকে ধৰি বহুপক্ষীয় সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোঁহাৰিলে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জোচেফ আৰ বাইডেনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে গণতন্ত্ৰ, আইনৰ শাসন আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কৰ মিলিত মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত ভাৰত-আমেৰিকাৰ বিস্তৃত বৈশ্বিক কৌশলগত অংশীদাৰিত্বৰ বাবে ৰাষ্ট্ৰপতি বাইডেনৰ দায়বদ্ধতাৰ প্ৰশংসা প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ উল্লেখযোগ্য অগ্ৰগতিৰ পৰ্যালোচনা কৰি আলোকপাত কৰে যে ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বৰ লক্ষ্য হৈছে দুয়োখন দেশৰ জনসাধাৰণৰ লগতে সমগ্ৰ মানৱ জাতিক উপকৃত কৰা।

 

দুয়োগৰাকী নেতাই আঞ্চলিক আৰু বৈশ্বিক কেইবাটাও বিষয়ত বিশদভাৱে মত বিনিময় কৰে।

ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি বাইডেনক শেহতীয়া ইউক্ৰেইন ভ্ৰমণৰ বিষয়ে অৱগত কৰে। তেওঁ আলোচনা আৰু কূটনীতিৰ সপক্ষে ভাৰতৰ ধাৰাবাহিক স্থিতি পুনৰ উল্লেখ কৰি দেশখনত শান্তি আৰু সুস্থিৰতা শীঘ্ৰে ঘূৰি অহাৰ বাবে সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে।

বাংলাদেশৰ পৰিস্থিতিক লৈ দুয়োগৰাকী নেতাই উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে আইন-শৃংখলা পুনৰুদ্ধাৰ আৰু বাংলাদেশৰ সংখ্যালঘু বিশেষকৈ হিন্দুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই কোৱাডকে ধৰি বহুপক্ষীয় মঞ্চত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোঁহাৰে।

দুয়োগৰাকী নেতাই সঘনে যোগাযোগ অব্যাহত ৰখাৰ সহমত প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival