তেওঁলোকে ভাৰত আৰু ব্ৰিটেইনৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে
কমনৱেলথ, জলবায়ু কাৰ্য্য আৰু বহনক্ষমতাৰ পদক্ষেপৰ ওপৰত মত বিনিময় কৰে
নৱবৰ্ষ আৰু বৰদিনৰ শুভেচ্ছা আদান-প্ৰদান কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ মহামহিম ৰজা তৃতীয় চাৰ্লছৰ সৈতে বাৰ্তালাপ কৰে। দুয়োখন দেশৰ মাজত থকা ঐতিহাসিক সম্পৰ্কক স্মৰণ কৰি দুয়োগৰাকী নেতাই ভাৰত আৰু ব্ৰিটেইনৰ মাজত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

কমনৱেলথ অৱ নেচনছ আৰু শেহতীয়াকৈ ছামোৱাত সমাপ্ত হোৱা কমনৱেলথ চৰকাৰৰ মুৰব্বীসকলৰ বৈঠকৰ ওপৰত তেওঁলোকে মত বিনিময় কৰে। জলবায়ু কাৰ্য্য আৰু বহনক্ষমতাকে ধৰি পাৰস্পৰিক আগ্ৰহৰ কেইবাটাও বিষয়ৰ ওপৰতো আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে এই বিষয়সমূহৰ ওপৰত মহামহিমৰ স্থায়ী পোষকতা আৰু পদক্ষেপৰ বাবে শলাগ লৈ ভাৰতে গ্ৰহণ কৰা একাধিক পদক্ষেপৰ বিষয়ে অৱগত কৰে।

দুয়োজনে আগন্তুক বৰদিন আৰু নৱবৰ্ষৰ উৎসৱমুখৰ অনুষ্ঠানৰ শুভেচ্ছা আদান-প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ৰজাৰ সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Over 52,000 Indians return safely from Gulf amid Iran war: MEA

Media Coverage

Over 52,000 Indians return safely from Gulf amid Iran war: MEA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 মাৰ্চ 2026
March 10, 2026

Citizens Appreciate India’s Digital Leap and Green Triumphs Under the Leadership of PM Modi