বীৰ ছাভাৰকাৰৰ জীৱনৰ শিক্ষাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে মা ভাৰতীৰ এজন কঠোৰ পৰিশ্ৰমী আৰু সমৰ্পিত পুত্ৰ বীৰ ছাভাৰকাৰৰ জীৱনৰ পৰা আমি প্ৰতিকূল পৰিস্থিতিতো নিজৰ সংকল্পত দৃঢ় হৈ থকাৰ পাঠ শিকিছো। তেওঁ উল্লেখ কৰে যে মাতৃভূমিৰ প্ৰতি তেওঁৰ সাহস, সংযম আৰু উৎসৰ্গাৰ মনোভাৱে দেশবাসীক সদায় পথ নিৰ্দেশনা দি থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

মা ভাৰতীৰ কঠোৰ পৰিশ্ৰমী পুত্ৰ বীৰ ছাভাৰকাৰ জীৰ জীৱনে আমাক প্ৰতিকূল পৰিস্থিতিতো আমাৰ সংকল্পত অটল থাকিবলৈ শিকায়। মাতৃভূমিৰ প্ৰতি তেওঁৰ সাহস, সংযম আৰু উৎসৰ্গাৰ মনোভাৱে সদায় দেশবাসীক পথ দেখুৱাব।

धीराः शोकं तरिष्यन्ति लभन्ते सिद्धिमुत्तमाम्।
धीरैः सम्प्राप्यते लक्ष्मीर्धैर्यं सर्वत्र साधनम्॥

"সাহসী আৰু সংকল্পবদ্ধ ব্যক্তিসকলে দুখ অতিক্ৰম কৰিবলৈ আৰু নিজৰ জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। এনে ব্যক্তি ধনী আৰু সমৃদ্ধিশালী হয়। গতিকে ধৈৰ্য্য আৰু সাহস জীৱনত সফলতা অৰ্জনৰ সৰ্বশ্ৰেষ্ঠ উপায়।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
New high for India-made car exports

Media Coverage

New high for India-made car exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional