প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীত অনুষ্ঠিত ঐতিহাসিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত ভাৰতৰ সামৰ্থ্যই বিশ্বজুৰি ব্যাপক প্ৰশংসা লাভ কৰিছে। প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ যুৱক-যুৱতীসকলৰ অগ্ৰগামী মনোভাৱে মানৱতাক উপকৃত কৰাৰ দিশটো ইয়াৰ জৰিয়তে প্ৰতিফলিত হোৱা বুলি তেওঁ উল্লেখ কৰে।

              এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে -

“अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः। आरम्भः कर्मणां शश्वदारब्धस्यान्तदर्शनम्॥”

              এই হিতোপদেশত উল্লেখ আছে যে জ্ঞানৰ আৱিষ্কাৰৰ বাবে পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণা অত্যাৱশ্যকীয় । জ্ঞাত তথ্যসমূহৰ বিচাৰ আৰু বিশ্লেষণ হৈছে গৱেষণাৰ আৰম্ভণি তথা সেই জ্ঞান, অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ জৰিয়তে প্ৰমাণিত হয়।

             প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

             “দিল্লীত অনুষ্ঠিত ঐতিহাসিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত সমগ্ৰ বিশ্বই ভাৰতৰ সামৰ্থ্যৰ প্ৰশংসা কৰিছে। ইয়াৰ জৰিয়তে প্ৰতিফলিত হৈছে যে প্ৰযুক্তিৰ বিষয়ে আমাৰ যুৱ বন্ধুসকলৰ চিন্তাধাৰা সমগ্ৰ মানৱজাতিৰ বাবে যথেষ্ট উপযোগী হ’ব।

              अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः।

              आरम्भः कर्मणां शश्वदारब्धस्यान्तदर्शनम् ।।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Space Economy Takes Off As Private Sector Gains Momentum

Media Coverage

India’s Space Economy Takes Off As Private Sector Gains Momentum
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 আগষ্ট 2026
August 22, 2026

Citizens Appreciate PM Modi’s Leadership Driving India’s Growth, Innovation and Connectivity