অতুলনীয় সাহস আৰু বীৰত্বৰে প’ৰ্ট ব্লেয়াৰত নেতাজীয়ে ত্ৰিৰংগা পতাকা উত্তোলন কৰা ১৯৪৩ চনৰ ৩০ ডিচেম্বৰৰ ঐতিহাসিক দিনটোৰ সোঁৱৰণত আজি আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে স্বাধীনতা কেৱল আকাংক্ষাৰ জৰিয়তে নহয়, বৰঞ্চ শক্তি, কঠোৰ পৰিশ্ৰম, ন্যায় আৰু সামূহিক সংকল্পৰ জৰিয়তে আহৰণ কৰাটো সম্ভৱ বুলি ইতিহাসৰ এই ক্ষণে সোঁৱৰায়।
এই মনোভাৱ প্ৰকাশ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ পোষ্টত এটা কালজয়ী হিতোপদেশ শ্বেয়াৰ কৰেঃ
‘১৯৪৩ চনৰ ৩০ ডিচেম্বৰৰ আজিৰ এই দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে সাহস আৰু বীৰত্বৰে প’ৰ্ট ব্লেয়াৰত ত্ৰিৰংগা পতাকা উত্তোলন কৰিছিল। সেই মুহূৰ্তটোৱে আমাক মনত পেলাই দিয়ে যে স্বাধীনতা কেৱল আকাংক্ষাৰ জৰিয়তে নহয়, বৰঞ্চ শক্তি, অধ্যৱসায়, ন্যায় আৰু সংগঠিত সংকল্পৰ দ্বাৰাহে আহৰণ কৰিব পাৰি। আজিৰ হিতোপদেশে এই ভাৱনা প্ৰকাশ কৰে।
सामर्थ्यमूलं स्वातन्त्र्यं श्रममूलं च वैभवम्।
न्यायमूलं सुराज्यं स्यात् सङ्घमूलं महाबलम् ॥’
आज ही के दिन 30 दिसंबर, 1943 को नेताजी सुभाष चंद्र बोस ने पोर्ट ब्लेयर में साहस और पराक्रम के साथ तिरंगा फहराया था। वह क्षण हमें याद दिलाता है कि स्वतंत्रता केवल आकांक्षा से नहीं, बल्कि सामर्थ्य, परिश्रम, न्याय और संगठित संकल्प से आकार लेती है। आज का सुभाषित इसी भाव को अभिव्यक्त… pic.twitter.com/vYRNygE2Gv
— Narendra Modi (@narendramodi) December 30, 2025


