প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম জোকো উইডোডোৰ আমন্ত্ৰণ ক্ৰমে ০৬-০৭ ছেপ্টেম্বৰ ২০২৩ ত ইণ্ডোনেছিয়াৰ জাকাৰ্টা ভ্ৰমণ কৰিব।

এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ইণ্ডোনেছিয়াই আয়োজিত কৰা ২০ সংখ্যক ‘আছিয়ান-ভাৰত সন্মিলন’ আৰু ১৮ সংখ্যক ‘পূব এছিয়া সন্মিলন’ত ‘আছিয়ান’ৰ বৰ্তমানৰ অধ্যক্ষ হিচাপে অংশগ্ৰহণ কৰিব।

২০২২ চনত ‘ভাৰত-আছিয়ান সম্পৰ্ক’ক এক ‘ব্যাপক কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰাৰ পিছত আগন্তুক ‘আছিয়ান-ভাৰত সন্মিলন’ প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ'ব। এই সন্মিলনত ভাৰত-আছিয়ান সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে পৰস্পৰৰ মাজৰ সহযোগিতাৰ ভৱিষ্যতৰ দিশসমূহ নিৰ্দিষ্ট কৰা হ'ব।

‘পূব এছিয়া সন্মিলন’-য়ে আছিয়ান দেশসমূহৰ নেতাসকল আৰু ভাৰতকে ধৰি ইয়াৰ আঠোটা আলোচনা-অংশীদাৰক আঞ্চলিক আৰু গোলকীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India