মহামহিম জোকো উইদোদো ডাঙৰীয়াৰ আমন্ত্ৰণ-মৰ্মে আছিয়ান সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণৰ বাবে ইণ্ডোনেছিয়াৰ জাকাৰ্টালৈ যাত্ৰা কৰিছোঁ।

মই প্ৰথমে ২০ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত অংশগ্ৰহণ কৰিম। এতিয়া চতুৰ্থ দশকত ভৰি দিয়া আমাৰ অংশীদাৰিত্বৰ ভৱিষ্যতৰ পথ সম্পৰ্কে আছিয়ানৰ নেতাসকলৰে আলোচনা কৰিবলৈ আগ্ৰহী হৈ উঠিছোঁ। আছিয়ানৰ সৈতে সংযোগ ভাৰতৰ “এক্ট ইষ্ট” নীতিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। যোৱা বছৰ স্বাক্ষৰিত বিস্তৃত কৌশলগত অংশীদাৰিত্বই আমাৰ সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিছে।

ইয়াৰ পিছত মই ১৮ সংখ্যক ইষ্ট এছিয়া সন্মিলনত অংশগ্ৰহণ কৰিম। এই মঞ্চই খাদ্য আৰু শক্তি সুৰক্ষা, পৰিবেশ, স্বাস্থ্য আৰু ডিজিটেল ৰূপান্তৰকে প্ৰমুখ্য কৰি অঞ্চলটোৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোচনাৰ এক সুযোগ প্ৰশস্ত কৰিছে। এই বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰে সামূহিকভাৱে মোকাবিলা কৰিবলৈ ব্যৱহাৰিক সহযোগিতাৰ ব্যৱস্থাসমূহৰ সন্দৰ্ভত ইএএছৰ আন-আন নেতাসকলৰ সৈতে মত- বিনিময় কৰিবলৈ আগ্ৰহী হৈ উঠিছোঁ।

যোৱা বছৰ বালিত অনুষ্ঠিত জি-২০ সন্মিলনৰ বাবে ইণ্ডোনেছিয়া ভ্ৰমণৰ কথা মোৰ মনত পৰিছে আৰু মই নিশ্চিত যে এই ভ্ৰমণে আছিয়ান অঞ্চলৰ সৈতে আমাৰ সংযোগক অধিক গভীৰ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act

Media Coverage

'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 আগষ্ট 2026
August 18, 2026

PM Modi’s 12 Years of Structural Power: Manufacturing, FTAs, Airports & Uncompromising Security