"ৱাটাৰ ভিজন@২০৪৭ হৈছে অমৃত কালৰ পৰৱৰ্তী ২৫ বছৰৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাত্ৰা"
"যেতিয়া ৰাইজ এটা প্ৰচাৰৰ সৈতে জড়িত হয়, তেওঁলোকে কামটোৰ গুৰুত্বও জানে"
"যেতিয়া মানুহে স্বচ্ছ ভাৰত অভিযানত যোগদান কৰিছিল, জনসাধাৰণৰ মাজতো এক চেতনা জাগ্ৰত হৈছিল"
"দেশখনে প্ৰতিখন জিলাতে ৭৫ টা অমৃত সৰোবৰ নিৰ্মাণ কৰি আছে, যাৰ ভিতৰত এতিয়ালৈকে ২৫ হাজাৰ অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে"
"জল জীৱন মিছন হৈছে প্ৰতিটো পৰিয়ালক পানী যোগান ধৰে বাবে ৰাজ্যখনৰ এক মুখ্য উন্নয়নৰ মাপকাঠি"
"প্ৰতি টোপালত অধিক শস্য" অভিযানৰ অধীনত, দেশত এতিয়ালৈকে ৭০ লাখ হেক্টৰতকৈও অধিক ভূমি ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনলৈ অনা হৈছে"
"পানী যোগানৰ পৰা অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনালৈকে ৰোডমেপ বিবেচনা কৰি গাওঁ পঞ্চায়তসমূহে পৰৱৰ্তী ৫ বছৰৰ বাবে এক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিব লাগে"
"আমাৰ নদী, জলাশয়সমূহ হৈছে সমগ্ৰ জল পৰিস্থিতিতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ"
"নমামি গঙ্গে মিছনক এক ব্লুপ্ৰিণ্ট হিচাপে গঢ়ি তুলি আন ৰাজ্যসমূহেও নদী সংৰক্ষণৰ বাবে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে জল সংৰক্ষণ সন্দৰ্ভত ৰাজ্যিক মন্ত্ৰীসকলৰ প্ৰথমসৰ্বভাৰতীয় বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰে। সন্মিলনৰ বিষয়বস্তু হৈছে 'ৱাটাৰ ভিজন@২০৪৭' আৰু মঞ্চৰ লক্ষ্য হৈছে বহনক্ষম উন্নয়ন আৰু মানৱ উন্নয়নৰ বাবে জলসম্পদ ব্যৱহাৰৰ উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্য নীতি নিৰ্ধাৰণকাৰীসকলক একত্ৰিত কৰা।

প্ৰধানমন্ত্ৰীয়ে ভাষণত জল মন্ত্ৰীসকলৰ দেশৰ প্ৰথমসৰ্বভাৰতীয় সন্মিলনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু জল সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে কৰা অভূতপূৰ্ব কামৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ সাংবিধানিক ব্যৱস্থাত পানীৰ বিষয়টো ৰাজ্যসমূহৰ নিয়ন্ত্ৰণত আহে আৰু জল সংৰক্ষণৰ বাবে ৰাজ্যসমূহৰ প্ৰচেষ্টা দেশৰ সামূহিক লক্ষ্য প্ৰাপ্ত কৰাত যথেষ্ট সহায়ক হ'ব। তেওঁ গুৰুত্ব আৰোপ কৰে যে জল সংৰক্ষণ সম্পৰ্কীয় অভিযানসমূহত জনসাধাৰণ, সামাজিক সংগঠন, নাগৰিক সমাজকো অধিক কৈ লগত লৈ যোৱা উচিত। "ৱাটাৰ ভিজন @২০৪৭ হৈছে পৰৱৰ্তী ২৫ বছৰৰ অমৃত কালৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাত্ৰা।"

'সমগ্ৰ চৰকাৰ' আৰু 'সম্পূৰ্ণ দেশ'ৰ দৃষ্টিভংগীৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো চৰকাৰে এনে এক ব্যৱস্থাৰ দৰে কাম কৰা উচিত য'ত ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়, যেনে জল, জলসিঞ্চন মন্ত্ৰালয়, কৃষি মন্ত্ৰালয়, গ্ৰাম্য আৰু নগৰ উন্নয়ন মন্ত্ৰালয় আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰালয়ৰ মাজত নিৰন্তৰ যোগাযোগ আৰু আলোচনা চলি আছে। তেওঁ কয় যে যদি এই বিভাগবোৰৰ ওচৰত ইজনে সিজনৰ সৈতে সম্পৰ্কিত তথ্য আৰু তথ্য থাকে, তেন্তে ই পৰিকল্পনাত সহায় কৰিব।

কেৱল চৰকাৰৰ প্ৰচেষ্টাই সফলতা লাভ নকৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা আৰু সামাজিক সংগঠন আৰু নাগৰিক সমাজৰ ভূমিকাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে আৰু পানী সংৰক্ষণ সম্পৰ্কীয় অভিযানত তেওঁলোকৰ সৰ্বাধিক অংশগ্ৰহণৰ বাবে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰচাৰে চৰকাৰৰ দায়বদ্ধতা হ্ৰাস নকৰে আৰু ইয়াৰ অৰ্থ এইটো নহয় যে সকলো দায়িত্ব জনসাধাৰণৰ ওপৰত আৰোপ কৰা উচিত। তেওঁ কয় যে জনসাধাৰণৰ অংশগ্ৰহণৰ আটাইতকৈ ডাঙৰ লাভালাভ হৈছে যে প্ৰচাৰ অভিযানত কৰা প্ৰচেষ্টা আৰু খৰচ কৰা ধনৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা হয়। "যেতিয়া ৰাইজ এটা অভিযানৰ সৈতে জড়িত হয়, ই কামটোৰ গুৰুত্বও জানে। এইটোৱে জনসাধাৰণৰ মাজত এটা আঁচনি বা প্ৰচাৰৰ দিশত মালিকীস্বত্বৰ অনুভূতিও আনিছে।"

স্বচ্ছ ভাৰত অভিযানৰ উদাহৰণ দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে কয়, "যেতিয়া মানুহে স্বচ্ছ ভাৰত অভিযানত যোগদান কৰিছিল, তেতিয়া ৰাইজৰ মাজত এক চেতনাও জাগ্ৰত হৈছিল। ভাৰতৰ জনসাধাৰণক তেওঁলোকৰ প্ৰচেষ্টাৰ কৃতিত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া আৱৰ্জনা আঁতৰাবলৈ সম্পদ সংগ্ৰহ কৰা, বিভিন্ন জল শোধন প্ৰকল্প নিৰ্মাণ কৰা বা শৌচালয় নিৰ্মাণ কৰা হওঁক, কিন্তু ৰাইজে যেতিয়া ময়লা সম্পূৰ্ণৰূপে আঁতৰ কৰাৰ সিদ্ধান্ত লয় তেতিয়া এই অভিযানৰ সফলতা নিশ্চিত হয়। প্ৰধানমন্ত্ৰীয়ে জল সংৰক্ষণৰ দিশত জনসাধাৰণৰ অংশগ্ৰহণৰ এই ধাৰণাটো গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কাৰ্যকৰীভাৱে সজাগতা সৃষ্টি কৰে।

"আমি এখন 'জল সজাগতা মহোৎসৱ' আয়োজন কৰিব পাৰোঁ বা স্থানীয় পৰ্যায়ত আয়োজিত মেলাবোৰত পানী সজাগতা সম্পৰ্কীয় এটা অনুষ্ঠান যোগ দিব পাৰোঁ। তেওঁ পাঠ্যক্ৰমৰ পৰা বিদ্যালয়সমূহৰ কাৰ্যকলাপলৈকে অভিনৱ উপায়েৰে যুৱ প্ৰজন্মক এই বিষয়টোৰ বিষয়ে সজাগ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশখনে প্ৰতিখন জিলাতে ৭৫ খন অমৃত সৰোবৰ নিৰ্মাণ কৰি আছে, যাৰ ভিতৰত এতিয়ালৈকে ২৫ হাজাৰ অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। তেওঁ সমস্যাচিনাক্ত কৰিবলৈ আৰু সমাধান বিচাৰি প্ৰযুক্তি, উদ্যোগ আৰু ষ্টাৰ্টআপসমূহক সংযোগ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ভূ-সংবেদন আৰু ভূ-মেপিংৰ দৰে প্ৰযুক্তিৰ বিষয়ে কয়, যিযথেষ্ট সহায়ক হ'ব পাৰে। তেওঁ লগতে নীতিগত স্তৰত পানী সম্পৰ্কীয় সমস্যাৰ মোকাবিলা কৰাৰ বাবে চৰকাৰী নীতি আৰু আমোলাতান্ত্ৰিক প্ৰক্ৰিয়া ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰতিখন পৰিয়ালক পানী যোগান ধৰিবলৈ এখন ৰাজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ উন্নয়নৰ মাপকাঠি হিচাপে 'জল জীৱন মিছন'ৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বহুতো ৰাজ্যই ভাল কাম কৰিছে আনহাতে বহুতো ৰাজ্যই এই দিশত আগবাঢ়ি ছে। তেওঁ পৰামৰ্শ দিছিল যে এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পিছত, আমি ভৱিষ্যতেও ইয়াৰ তত্বাৱধান নিশ্চিত কৰা উচিত। তেওঁ প্ৰস্তাৱ দিছিল যে গ্ৰাম পঞ্চায়তসমূহে জল জীৱন মিছনৰ নেতৃত্ব দিব লাগে আৰু কাম সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে পৰ্যাপ্ত আৰু পৰিষ্কাৰ পানী উপলব্ধ কৰা হৈছে বুলিও প্ৰমাণিত কৰিব লাগে। তেওঁ কয়, "প্ৰতিখন গ্ৰাম পঞ্চায়তে গাওঁখনত নলৰ পানী প্ৰাপ্ত কৰা পৰিয়ালৰ সংখ্যা উল্লেখ কৰি অনলাইনত মাহিলী বা ত্ৰৈমাসিক প্ৰতিবেদন দাখিল কৰিব পাৰে।" তেওঁ এইটোও কৈছিল যে পানীৰ মানদণ্ড নিশ্চিত কৰিবলৈ সময়ে সময়ে পানী পৰীক্ষা প্ৰণালীও বিকশিত কৰিব লাগে।

উদ্যোগ আৰু কৃষি দুয়োটা ক্ষেত্ৰতে পানীৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে যে আমি এই দুয়োটা খণ্ডৰ সৈতে জড়িত লোকসকলৰ মাজত বিশেষ অভিযান আৰম্ভ কৰি তেওঁলোকক পানীৰ সুৰক্ষাৰ বিষয়ে অৱগত কৰা উচিত। তেওঁ শস্যবিবিধকৰণ আৰু প্ৰাকৃতিক কৃষিৰ দৰে কৌশলৰ উদাহৰণ দাই কৰে, যিবোৰে পানী সংৰক্ষণৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়। তেওঁ প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ অধীনত আৰম্ভ কৰা 'প্ৰতিটো টোপাল, অধিক শস্য' অভিযানৰ ওপৰতো আলোকপাত কৰে আৰু জনায় যে এতিয়ালৈকে দেশৰ ৭০ লাখ হেক্টৰতকৈও অধিক ভূমি ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনলৈ অনা হৈছে। তেওঁ কয়, "সকলো ৰাজ্যই ক্ষুদ্ৰ জলসিঞ্চনৰ নিৰন্তৰ প্ৰচাৰ কৰিব লাগে।" তেওঁ অটল ভূজল সংৰক্ষণ যোজনাৰ উদাহৰণো দাঙি ধৰে, য'ত ভূগৰ্ভস্থ পানীৰ ৰিচাৰ্জৰ বাবে সকলো জিলাতে বৃহৎ পৰিমাণৰ জলবিভাজিকা কাম প্ৰয়োজনীয় আৰু পাহাৰীয়া অঞ্চলসমূহত স্প্ৰিংশ্বেড পুনৰুজ্জীৱিত কৰাৰ বাবে উন্নয়নমূলক কাম ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

জল সংৰক্ষণৰ বাবে ৰাজ্যখনত বনাঞ্চল বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে পৰিৱেশ মন্ত্ৰালয় আৰু জল মন্ত্ৰালয়ৰ সমন্বিত প্ৰচেষ্টাৰ বাবে আহ্বান জনায়। তেওঁ লগতে পানীৰ সকলো স্থানীয় উৎস সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু পুনৰ কয় যে গ্ৰাম পঞ্চায়তসমূহে পৰৱৰ্তী ৫ বছৰৰ বাবে এক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিব লাগে, য'ত পানী যোগানৰ পৰা অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনালৈকে ৰোডমেপ বিবেচনা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক পঞ্চায়ত পৰ্যায়ত কিমান পানীৰ প্ৰয়োজন আৰু ইয়াৰ বাবে কি কাম কৰিব পাৰি তাৰ ওপৰত আধাৰিত কৰি পঞ্চায়ত পৰ্যায়ত পানীৰ বাজেট প্ৰস্তুত কৰাৰ উপায় গ্ৰহণ কৰিবলৈও কয়। 'বৰষুণ ধৰা' অভিযানৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে অভিযান ৰাজ্য চৰকাৰৰ এক অপৰিহাৰ্য অংশ হ'ব লাগে, য'ত সেইবোৰৰ বাৰ্ষিক মূল্যাঙ্কন কৰা উচিত। "বৰষুণৰ বাবে অপেক্ষা কৰাৰ পৰিৱৰ্তে বৰষুণৰ আগতে সকলো পৰিকল্পনা কৰা প্ৰয়োজন।"

জল সংৰক্ষণৰ ক্ষেত্ৰত বৃত্তাকাৰ অৰ্থনীতিৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এই বাজেটত বৃত্তাকাৰ অৰ্থনীতিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। "যেতিয়া শোধিত পানী পুনৰ ব্যৱহাৰ কৰা হয়, সতেজ পানী সংৰক্ষণ কৰা হয়, ই সমগ্ৰ পৰিৱেশ তন্ত্ৰক যথেষ্ট লাভান্বিত কৰে। সেয়েহে, পানী শোধন, পানীৰ পুনৰ্ব্যৱহাৰ প্ৰয়োজন। তেওঁ পুনৰ কয় যে ৰাজ্যসমূহে বিভিন্ন উদ্দেশ্যৰ বাবে শোধিত পানীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ উপায় বিচাৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ কোনো নদী বা জলাশয় যাতে বাহ্যিক কাৰকৰ দ্বাৰা প্ৰদূষিত নহয়, তাৰ বাবে আমি প্ৰতিখন ৰাজ্যতে পানী ব্যৱস্থাপনা আৰু নৰ্দমা শোধনৰ এক নেটৱৰ্ক সৃষ্টি কৰিব লাগিব। প্ৰতিখন ৰাজ্যতে আৱৰ্জনা ব্যৱস্থাপনা আৰু নৰ্দমা শোধনৰ এক নেটৱৰ্ক সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, "আমাৰ নদী, আমাৰ জলাশয়সমূহ সমগ্ৰ পানী পৰিস্থিতিতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ।" অৱশেষত প্ৰধানমন্ত্ৰীয়ে কয়, "নমামি গঙ্গে মিছনক এক ব্লুপ্ৰিণ্ট হিচাপে গঢ়ি তুলি আন ৰাজ্যসমূহেও নদী সংৰক্ষণৰ বাবে একে ধৰণৰ অভিযান আৰম্ভ কৰিব পাৰে।" পানীক সহযোগিতা আৰু সমন্বয়ৰ বিষয় কৰি তোলাটো প্ৰতিখন ৰাজ্যৰ দায়িত্ব।"

জল সম্পদ মন্ত্ৰীসকলে জল সংৰক্ষণ বিষয়ত ৰাজ্যিক মন্ত্ৰীসকলৰ প্ৰথম সৰ্বভাৰতীয় বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিছিল।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the Chancellor of Germany
September 10, 2026
The two leaders express satisfaction with the substantial progress made in key areas of bilateral cooperation 
They also discuss regional and global issues of mutual interest.

Prime Minister Shri Narendra Modi received a telephone call today from the Chancellor of the Federal Republic of Germany, H.E. Friedrich Merz.

As India and Germany celebrate 75 years of diplomatic relations this year, Prime Minister and Chancellor Merz reviewed the progress of the India-Germany Strategic Partnership. They noted the sustained momentum in high-level exchanges and reaffirmed their commitment to further strengthening cooperation across key domains, including trade and investment, advanced technologies, clean energy, defense, education and talent mobility.

The leaders also exchanged views on regional and global developments of mutual interest and agreed to continue working closely to promote global peace, stability and prosperity.