প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামান্য বৰিছ জনছনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

দুয়োগৰাকী নেতাই এই বছৰৰ আৰম্ভণিতে তেওঁলোকৰ ভাৰ্চুৱেল সন্মিলনৰেপৰা দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে আৰু ভাৰ্চুৱেল সন্মিলনৰ সময়ত গ্ৰহণ কৰা ৰোডমেপ, ২০৩০ৰ অধীনত ইতিমধ্যে আৰম্ভ কৰা পদক্ষেপৰাজিত সন্তোষ প্ৰকাশ কৰে।  তেওঁলোকে বৰ্ধিত বাণিজ্য অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু দুয়োখন দেশৰ মাজত দ্ৰুতগতিত বাণিজ্য আৰু বিনিয়োগ লিংকেজ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনাৰ ওপৰত সন্মতি প্ৰকাশ কৰে।

নেতাদ্বয়ে ২০২১ ৰ নৱেম্বৰৰ আৰম্ভণিতে গ্লাছগোত অনুষ্ঠিতব্য ইউএনএফচিচিচি চিঅ'পি-২৬ বৈঠকৰ প্ৰেক্ষাপটত জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় প্ৰসংগসমূহৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে জলবায়ু সন্দৰ্ভত ব্যৱস্থাৰ প্ৰতি ভাৰতৰ অংগীকাৰৰ কথা দোহাৰে, যি নৱীকৰণযোগ্য শক্তিৰ সম্প্ৰসাৰণৰ অভিলাষী লক্ষ্য আৰু শেহতীয়াকৈ ঘোষিত ৰাষ্ট্ৰীয় হাইড্ৰ’জেন মিছনত প্ৰতিফলিত হৈছে।

নেতা দুজনে তদুপৰি আফগানিস্তানৰ পৰিস্থিতিকে প্ৰমুখ্য কৰি আঞ্চলিক ঘটনা প্ৰৱাহ সন্দৰ্ভত অভিমতৰ আদান-প্ৰদান কৰে। এই সন্দৰ্ভত, তেওঁলোকে উগ্ৰবাদ আৰু সন্ত্ৰাসবাদ, লগতে মহিলা আৰু সংখ্যালঘুসকলৰ মানৱ অধিকাৰ আৰু মানৱ অধিকাৰ সম্পৰ্কীয় প্ৰসংগত এক উমৈহতীয়া আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী যুগুত কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সহমত পোষণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival