মান্যবৰ,

 

কালি আমি এক ধৰা আৰু এক পৰিয়াল সন্দৰ্ভত ব্যাপক আলোচনা কৰিছিলোঁ। মই নিজে এই ক্ষেত্ৰত সন্তুষ্ট যে আজি জি-২০ সন্মিলন এক ধৰা, এক পৰিয়াল, এটা ভৱিষ্যতৰ পৰিকল্পনাৰে এক আশাব্যঞ্জক মঞ্চলৈ ৰূপান্তৰিত হৈছে।

 

ইয়াত আমি এনে এক ভৱিষ্যতৰ কথা আলোচনা কৰিছোঁ যি ঠাইত আমি গোলকী গ্ৰামৰ পৰা আগবাঢ়ি গোলকী পৰিয়ালক বাস্তৱায়িত হোৱা দেখা পাইছোঁ। এনে এক ভৱিষ্যৎ য’ত কেৱল দেশৰ কল্যাণেই জড়িত নহয় বৰঞ্চ হৃদয়ো জড়িত হৈ আছে।

 

বন্ধুগণ,

মই জিডিপি কেন্দ্ৰিক চিন্তাধাৰাৰ সলনি মানৱ কেন্দ্ৰিক ভৱিষ্যৎ দৰ্শনৰ ওপৰত প্ৰতিনিয়ত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছোঁ। আজি ভাৰতৰ দৰে অন্য অনেক দেশৰ লগত এনেকুৱা সাধন আছে যিবোৰ সমগ্ৰ বিশ্বৰ লগত সহযোগিতা আগবঢ়াই আছে। ভাৰতে চন্দ্ৰযান মিছনৰ অনেক তথ্য মানৱ কল্যাণৰ বাবে সকলোৰে সৈতে ভাগ-বটোৱাৰা কৰাৰ বাবে আলোচনা কৰিছে। এয়া মানৱ কল্যাণ কেন্দ্ৰীক উন্নয়নৰ প্ৰতি আমাৰ দায়ৱদ্ধতা প্ৰদৰ্শন কৰিছে।

 

ভাৰতে প্ৰযুক্তিক সৰ্বব্যাপী উন্নয়নৰ বাবে, লাষ্ট মাইল (শেষৰজনলৈ) উন্নয়ন বাবে প্ৰয়োগ কৰিছে। আমাৰ ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰাতিক্ষুদ্ৰ গ্ৰামাঞ্চলত, সৰু ব্যৱসায়ীসকলেও ডিজিটেল পেমেন্ট কৰি আছে। মই সুখী যে ভাৰতৰ অধ্যক্ষতাত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বাবে শক্তিশালী ৰূপৰেখা নিৰ্মাণৰ ক্ষেত্ৰত সহমত গঠন হৈছে। একেদৰে “উন্নয়নৰ বাবে তথ্যৰ ব্যৱহাৰ শীৰ্ষক জি-২০ নীতি”ৰ ওপৰতো সকলোৱে সন্মতি প্ৰদৰ্শন কৰিছে।

 

আনহাতে গ্লোবেল চাউথৰ বিকাশৰ বাবে “উন্নয়ন ক্ষমতা বৃদ্ধিৰ পদক্ষেপৰ বাবে তথ্য”(Data for Development Capacity Building Initiative) শীৰ্ষক পদক্ষেপ আৰম্ভ কৰাৰ সিদ্ধান্তৰ লগতে ভাৰতৰ অধ্যক্ষতাত ষ্টাৰ্টআপ-২০ এনগেজমেন্ট শীৰ্ষক গোট গঠনৰ বাবে বৃহৎ পদক্ষেপ লোৱা হৈছে।
 

বন্ধুগণ,

আজি আমি নতুন প্ৰজন্মৰ প্ৰয়ুক্তিবিদ্যাত অকল্পনীয় দিশত সফলতা লাভ কৰিছোঁ। কৃত্ৰিম বুদ্ধিমত্তা উদাহৰণ আমাৰ সম্মুখতে আছে। ২০১৯ত জি-২০য়ে “এআই নীতি” গ্ৰহণ কৰিছিল আৰু আজি আজি সেয়া এখোঁজ আগুৱাই নিবলৈ সক্ষম হৈছোঁ।

 

এই ক্ষেত্ৰত মোৰ পৰামৰ্শ এয়াই যে আমি ‘দায়িত্বশীল মানৱ কেন্দ্ৰীক এআই গৱৰ্ণেঞ্চ’ শীৰ্ষক ৰূপৰেখা তৈয়াৰ কৰোঁ। এই সন্দৰ্ভত ভাৰতেও নিজৰ পৰামৰ্শ দিয়ক। আমাৰ এটাই প্ৰয়াস যে সামাজিক-অৰ্থনৈতিক উন্নয়ন, গ্লোবেল ৱৰ্কফোৰ্চ আৰু আৰএণ্ডডি (গৱেষণা আৰু উন্নয়ন) ক্ষেত্ৰত বিশ্বৰ সকলো দেশ এআই প্ৰযুক্তিৰ দ্বাৰা লাভাণ্বিত হওক।

 

বন্ধুগণ,

আজি অন্য কিছু জলন্ত সমস্যাও আমাৰ বিশ্বৰ আগত দেখা দিছে, যিবোৰ সকলো দেশৰ বৰ্তমান আৰু ভৱিষ্যতৎ দুয়োটা দিশ প্ৰভাৱাণ্বিত কৰিব। চাইবাৰ ছিকিউৰিটী আৰু ক্ৰীপ্তো কাৰেন্সী প্ৰত্যাহ্বানবোৰৰ সৈতে আমাৰ সকলোৰে পৰিচিতি আছে। ক্ৰীপ্তো কাৰেন্সীৰ বিষয়টো মূলত সামাজিক নিয়ম, বিত্তীয় আৰু অৰ্থনৈতিক স্থিৰতা আদি বিষয়বোৰৰ ক্ষেত্ৰত প্ৰত্যাহ্বান হিচাপে থিয় দিছে। সেয়েহে ক্ৰীপ্তো কাৰেন্সীক অধিনিয়মৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিবলৈ বিশ্বস্তৰীয় নীতি নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তা আছে। এই ক্ষেত্ৰত বেছেল ষ্টেণ্ডাৰ্ডছ অন বেংক ৰেগুলেশ্বন আমাৰ সম্মুখত এক আৰ্হি হিচাপে আছে।

 

এই দিশত শীঘ্ৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাৰ আৱশ্যকতা আছে। একেদৰে চাইবাৰ ছিকিউৰিটীৰ ক্ষেত্ৰত বিশ্বস্তৰীয় সহযোগিতা আৰু ৰূপৰেখাৰ প্ৰয়োজনীয়তা আছে। চাইবৰ জগতৰ জৰিয়তে সন্ত্ৰাসবাদে নতুন মাধ্যম, ধন সংগ্ৰহৰ নতুন পন্থা লাভ কৰিছে। এয়া প্ৰতিখন দেশৰ সুৰক্ষা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত মহত্বপূৰ্ণ বিষয় হয়।

 

যেতিয়া আমি প্ৰতিখন দেশৰ সুৰক্ষা, প্ৰতিখন দেশৰ সংবেদশীলতাৰ ওপৰত গুৰুত্ব দিম তেতিয়া উমৈহতীয়া ভৱিষ্যতৰ মনোভাৱ শক্তিশালী হৈ পৰিব।

 

বন্ধুগণ,

বিশ্বৰ বাবে এক উৎকৃষ্ট ভৱিষ্যতৰ দিশে লৈ যোৱাৰ বাবে এয়া প্ৰয়োজনীয় য়ে বিশ্বস্তৰীয় ব্যৱস্থাবোৰ বৰ্তমানৰ বাস্তৱিকতাৰ সৈতে সম্পৰ্কিত হওক। আজি ৰাষ্ট্ৰসংগৰ সুৰক্ষা পৰিষদ ইয়াৰ এক উদহৰণ। যেতিয়া ৰাষ্ট্ৰসংঘ স্থাপন কৰা হৈছিল তেতিয়াৰ বিশ্ব আজিৰ পৰা সম্পূৰ্ণ বেলেগ আছিল। তেতিয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ ৫১ আছিল আৰু আজি সেই সদস্য ৰাষ্ট্ৰৰ সংখ্যা প্ৰায় ২০০ হৈছে।

 

ইয়াৰ পাছতো ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত স্থায়ী সদস্য ৰাষ্ট্ৰ সিমানেই আছে । সেই সময়তকৈ এতিয়া বিশ্ব বিভিন্ন দিশত পৰিৱৰ্তিত হৈছে। পৰিবহন হওক, স্বাস্থ্য হওক, শিক্ষা হওক বা অন্য প্ৰতিটো খণ্ডত ব্যাপক পৰিৱৰ্তন হৈছে। এই নতুন বাস্তৱ আমাৰ নতুন গোলকীয় পৰিকাঠামোত প্ৰতিফলিত হোৱাৰ প্ৰয়োজনীয়তা আছে।

 

এয়া প্ৰকৃতিৰ নিয়ম যে যি ব্যক্তি আৰু সংস্থাই সময়ৰ সৈতে নিজক সলনি নকৰে সেই সংস্থা বা ব্যক্তিয়ে নিজৰ প্ৰাসংগিকতা হেৰুৱাই পেলায়। এয়া আমি আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে যে কোনবোৰ কাৰকৰ বাবে বিগত সময়ত অনেক আঞ্চলিক মঞ্চৰ অস্তিত্ব বৃদ্ধি পোৱাৰ লগতে প্ৰভাৱো বৃদ্ধি পাইছে।

 

বন্ধুগণ,

 

আজি প্ৰতিটো বিশ্বস্তৰীয় সংস্থাই নিজৰ প্ৰসাংগিকতা বৃদ্ধি কৰাৰ বাবে নিজক সংস্কাৰ কৰাৰ আৱশ্যকতা আছে। এই চিন্তাৰ আলমতে আমি কালি আফ্ৰিকা ইউনিয়নক জি-২০ৰ স্থায়ী সদস্য কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। একেদৰে আমি বহুস্তৰীয় উন্নয়ন বেংকৰ (মাল্টিলেটাৰেল ডেভেল’পমেন্ট বেংক) বিধান বিস্তাৰ কৰিব লাগিব। এই আমি ক্ষীপ্ৰতাৰে আৰু ফলপ্ৰসু সিদ্ধান্ত লোৱাৰ দৰকাৰ আছে।

বন্ধুগণ,
 

প্ৰতিনিয়ত সলনি হৈ থকা বিশ্বত আমাক পৰিৱৰ্তনৰ লগতে বহনক্ষম আৰু স্থায়িত্বৰো সমানেই প্ৰয়োজনীয়তা আছে। আহক আমি সকলোৱে এয়া প্ৰণ লওঁ যে সেউজ উন্নয়ন সন্ধি (গ্ৰীণ ডেভেল’পমেন্ট পেক্ট, বহনক্ষম উন্নয়নৰ লক্ষ্যবোৰৰ ক্ষেত্ৰত কাৰ্যকৰী পন্থা (এক্সন প্লেন অন এছডিজিছ), দুৰ্নীতি নিবাৰণৰ ক্ষেত্ৰত উচ্চস্তৰীয় নীতি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু এমডিবি সংস্কাৰৰ সংকল্পবোৰক সিদ্ধিলৈ পৰিণত কৰোঁ।

 

মান্যবৰ,

এতিয়া মই আপোনালোকৰ বিচাৰ-মন্তব্য শুনিবলৈ বিচাৰোঁ।

 

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Devendra Kunwar October 08, 2024

    BJP
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • kanishk vijayvargiya January 31, 2024

    sir I push up bharat gdp 2 trillion dollar and many advantage for our nation
  • Uma tyagi bjp January 28, 2024

    जय श्री राम
  • Pankaj kumar singh January 05, 2024

    🙏🙏
  • Babla sengupta December 23, 2023

    Babla sengupta
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
A strategy fuelled by vision, powered by energy

Media Coverage

A strategy fuelled by vision, powered by energy
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi to lead a special tree plantation drive under Ek Ped Maa Ke Naam initiative
June 04, 2025
QuoteTree plantation by PM to be part of ‘Aravalli Green Wall project’ to reforest the 700-km Aravalli range
QuotePM to also flag off 200 Electric buses under Delhi Government's sustainable transport initiative

On the occasion of World Environment Day, Prime Minister Shri Narendra Modi will lead a special tree plantation initiative at Bhagwan Mahavir Vanasthali Park, New Delhi, on June 5, 2025, at 10:15 AM, reaffirming India’s commitment to environmental stewardship and green mobility.

Prime Minister will plant a Banyan sapling under the Ek Ped Maa Ke Naam initiative. This will be part of the ‘Aravalli Green Wall project’ which aims to reforest the 700-km Aravalli range.

The project is a major initiative to spread green cover in the 5 km buffer area around the Aravalli Hill Range in 29 districts of four states including Delhi, Rajasthan, Haryana, and Gujarat. It aims to boost biodiversity of the Aravallis through afforestation, reforestation and restoration of water bodies. It also aims to improve the soil fertility, water availability and climate resilience of the region. The project will also be of benefit to the local communities by providing them with employment and income generation opportunities.

Prime Minister will also flag off 200 Electric Buses under Delhi Government's sustainable transport initiative, promoting clean urban mobility and symbolizing the nation’s collective responsibility towards ecological balance.