৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰাৱল্লী ৰেঞ্জত পুনৰ বনানীকৰণৰ বাবে ‘আৰাৱলী গ্ৰীণ ৱাল প্ৰজেক্ট’ৰ অংশ হিচাপে গছপুলি ৰোপণ কৰিব প্ৰধানমন্ত্ৰীয়ে
দিল্লী চৰকাৰৰ বহনক্ষম পৰিবহণ পদক্ষেপৰ অধীনত ২০০খন ইলেক্ট্ৰিক বাছৰো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ জুন, ২০২৫ তাৰিখে পুৱা ১০:১৫ বজাত নতুন দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত এক বিশেষ বৃক্ষৰোপণৰ পদক্ষেপৰ নেতৃত্ব দিব, যাৰ জৰিয়তে পৰিৱেশ পৰিচালনা আৰু সেউজ গতিশীলতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিব।

এক পেড় মা কে নাম পদক্ষেপৰ অধীনত প্ৰধানমন্ত্ৰীয়ে এটা বট গছৰ পুলি ৰোপণ কৰিব। এইটো হ’ব ‘আৰাৱল্লী গ্ৰীণ ৱাল প্ৰজেক্ট’ৰ অংশ, যাৰ জৰিয়তে ৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰাৱলি ৰেঞ্জত পুনৰ বনাঞ্চল গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে।

দিল্লী, ৰাজস্থান, হাৰিয়ানা, গুজৰাটকে ধৰি চাৰিখন ৰাজ্যৰ ২৯খন জিলাত আৰাৱল্লী পাহাৰীয়া ৰেঞ্জৰ আশে-পাশে থকা ৫ কিলোমিটাৰ বাফাৰ এলেকাত সেউজ আৱৰণ বিয়পোৱাৰ এক বৃহৎ পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে বনানীকৰণ, পুনৰ বনানীকৰণ আৰু জলভাগ পুনৰুদ্ধাৰৰ জৰিয়তে আৰাৱলীৰ জৈৱ বৈচিত্ৰ্য উন্নত কৰা। তদুপৰি, অঞ্চলটোৰ মাটিৰ উৰ্বৰতা, পানীৰ উপলব্ধতা আৰু জলবায়ুৰ সুস্থিৰতা উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। এই প্ৰকল্পটোৱে স্থানীয় সমূদায়ক কৰ্মসংস্থাপন আৰু আয়ৰ সুবিধা প্ৰদান কৰি উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে দিল্লী চৰকাৰৰ বহনক্ষম পৰিবহণ পদক্ষেপৰ অধীনত ২০০খন ইলেক্ট্ৰিক বাছৰো শুভাৰম্ভ কৰিব, যিটো স্বচ্ছ নগৰীয়া গতিশীলতাক প্ৰসাৰিত কৰিব আৰু পৰিৱেশ ভাৰসাম্যতাৰ প্ৰতি দেশৰ সামূহিক দায়িত্বৰ প্ৰতীক হিচাপে পৰিগণিত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub

Media Coverage

Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মে’ 2026
May 15, 2026

Viksit Bharat Unleashed: PM Modi's Blueprint Delivers Energy Independence, Tech Boom, and Diplomatic Dominance