শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদতৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ ওপৰত লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱক লৈ হোৱা আলোচনাৰ উত্তৰ দিয়ে। তেওঁ কয়, ‘ৰাষ্ট্ৰপতিজী’ৰ ভাষণত ভাৰতৰ 'সংকল্প শক্তি'প্ৰতিফলিত হৈছে। তেওঁৰ কথাবোৰে ভাৰতৰ জনসাধাৰণৰ মাজত আত্মবিশ্বাসৰ চেতনা বৃদ্ধি কৰিছে। শ্ৰী মোদীয়ে সদনৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আলোচনাৰ সময়ত বহু সংখ্যক মহিলা সাংসদে অংশগ্ৰহণ কৰা আৰু তেওঁলোকৰ চিন্তাৰে সংসদৰ কাৰ্যপ্ৰণালীসমৃদ্ধ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনায়।

 

বিশ্বযুদ্ধৰ পিছত পৃথিৱীত যি ঐতিহাসিক পৰিৱৰ্তন হৈছে তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কোভিডৰ পিছত বিশ্ব অতি পৃথক হৈ পৰিছে। এনে সময়ত, বিশ্বৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ থকাৰ পৰিণাম প্ৰতিকূল হ'ব। সেয়েহে, ভাৰতে এক আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ দিশত কাম কৰি আছে, যিয়ে অনাগত সয়ত বিশ্বৰ আৰু অধিক মংগল কৰিব বিচাৰে। তেওঁ কয়, ভাৰত শক্তিশালী হৈ পৰিছে আৰু আত্মনিৰ্ভৰশীল হোৱাটো সমগ্ৰ বিশ্বৰ বাবে ভাল। ভোকেল ফৰ লোকেল কোনো নিৰ্দিষ্ট নেতাৰ কথা চিন্তা কৰি নহয়, দেশৰ প্ৰতিটো কোণত থকা লোকসকলৰ কথা বিবেচনা কৰি এই নীতি প্ৰস্তুত কৰা হৈছে। ক’ৰোনা পৰিচালনাৰ কৃতিত্ব ১৩০ কোটি ভাৰতীয়ৰ প্ৰত্যেকৰে, প্ৰধানমন্ত্ৰীয়ে কয়। ‘আমাৰ চিকিৎসক, নাৰ্চ, কভিডযোদ্ধা, চাফাই কৰ্মচাৰী, যিসকলে এম্বুলেন্স চলাইছিল... এনে লোক আৰু আন বহুতো যিয়েঈশ্বৰৰ প্ৰকাশ হৈ পৰি বিশ্বব্যাপী মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ যুঁজশক্তিশালী কৰিছিল’, প্ৰধানমন্ত্ৰীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মহামাৰীৰ সময়ত চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ তেওঁলোকৰ একাউণ্টত পোনপটীয়াকৈ ২ লাখ কোটি টকাৰ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ কৰিছিল। আমাৰ জন-ধন-আধাৰ-ম'বাইল (জেএএম) ট্ৰিনিটিয়ে মানুহৰ জীৱনত এক ইতিবাচক পৰিৱৰ্তন আনিছিল। ইয়ে সমাজৰ দৰিদ্ৰতম লোক, প্রান্তীয়জনসাধাৰণ আৰু পিছপৰা শ্ৰেণীৰ লোকক সহায় কৰিছিল। তেওঁ কয় যে মহামাৰীৰ সময়তো সংস্কাৰ অব্যাহত আছিল আৰু ই আমাৰ অৰ্থনীতিত নতুন গতি আনিছে আৰু যাৰ ফলত দুটা সংখ্যাৰ বিকাশৰ আশা আছে।

 

কৃষক প্ৰতিবাদৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে এই সদন, চৰকাৰ আৰু আমি সকলোৱে কৃষকসকলক সন্মান কৰোঁ, যিসকলে কৃষি বিলৰ বিষয়ে তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে। এইটো কাৰণতে চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ মন্ত্ৰীসকলে তেওঁলোকৰ সৈতে নিৰন্তৰ কথা পাতি আছে। কৃষকসকলৰ প্ৰতি চৰকাৰৰ যথেষ্ট সন্মান আছে। কৃষি সম্পৰ্কীয় আইনসংসদত গৃহীত হোৱাৰ পিছত কোনো মাণ্ডি বন্ধ হোৱা নাই। একেদৰে, ন্যূনতম সহায়ক মূল্যওঅটুট আছে। ন্যূনতম সহায়ক মূল্যৰ জৰিয়তে শস্য সংগ্ৰহ হৈ আছে। বাজেটখনে মাণ্ডিবোৰ শক্তিশালী কৰাৰ প্ৰস্তাৱ দিছে। এই বিষয়বোৰ কেতিয়াও উপেক্ষা কৰিব নোৱাৰি। শ্ৰী মোদীয়ে কয় যে যিসকলে সদনৰ কাম-কাজত ব্যাঘাত জন্মাইছে তেওঁলোকে এক সুপৰিকল্পিত কৌশল অনুসৰি এনে কৰি আছে।মানুহে যি সত্য প্ৰত্যক্ষ কৰিছে সেয়াতেওঁলোকে মানি ল’বলৈ পৰা নাই। তেওঁলোকৰ এই পৰিকল্পনাৰ বাবেইতেওঁলোকে কেতিয়াও মানুহৰ বিশ্বাসভাজনহ’ব পৰা নাই। তেওঁ এই যুক্তি খণ্ডন কৰে যে চৰকাৰে কিয় এনে এটা সংস্কাৰ সাধন কৰিছে যিটো বিচৰা নাই। তেওঁ কয় যে এই সকলোবোৰ বৈকল্পিক, কিন্তু আমি এনে বস্তুবোৰৰউত্তৰৰ বাবে অপেক্ষা কৰিব নোৱাৰোঁ। সময়ৰ চাহিদামানি অনেক প্ৰগতিশীল আইন অনা হৈছে।মানুহক খুজিবলৈ বা ভিক্ষা কৰিবলৈ থেলি দিয়া চিন্তা কেতিয়াও গণতান্ত্ৰিক হ'ব নোৱাৰে। দেশৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰি থকা উচিত আৰু আমি সেই দায়িত্ব পালন কৰিব লাগিব। আমি দেশৰ পৰিৱৰ্তনৰ বাবে কাম কৰিছোঁ আৰু যদি উদ্দেশ্য সঠিক হয়, তেতিয়াহ’লে ফলাফল নিশ্চিতভাৱে ভাল হ’বই বুলি তেওঁ কয়।

 

কৃষি সমাজআৰু সংস্কৃতিৰ অংশ আৰু আমাৰ উৎসৱ আৰু সকলো অনুষ্ঠান ৰোপন আৰু শস্য চপোৱাৰ সৈতে সংযোজিত হৈ আছে। আমাৰ ৮০ শতাংশতকৈও অধিক জনসংখ্যাক কেতিয়াও উপেক্ষা কৰিব নোৱাৰি, ক্ষুদ্ৰ কৃষকসকলক উপেক্ষা কৰিব নোৱাৰি। ক্ষুদ্ৰ ক্ষুদ্ৰ ভূমিৰগৰাকী কৃষকসকলৰঅৱস্থা যথেষ্ট উদ্বেগজনক, কাৰণ কৃষকসকলে তেওঁলোকৰ পথাৰৰ পৰা ব্যৱহাৰযোগ্য উপাৰ্জন পোৱা নাই, ইয়াৰ ফলত কৃষিত বিনিয়োগৰ সমস্যা হৈছে। ক্ষুদ্ৰ কৃষকসকলৰ বাবে পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন। সেয়েহে আমি আমাৰ কৃষকসকলক আত্মনিৰ্ভৰকৰিবৰ বাবে কাম কৰিব লাগিব আৰু তেওঁলোকক তেওঁলোকৰ শস্য বিক্ৰী কৰিবলৈ আৰু শস্যত বিবিধতা অনাৰ ক্ষেত্ৰত স্বাধীনতা দিব লাগিব। তেওঁ কৃষিক্ষেত্ৰত বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে অধিক নিয়োগৰ সৃষ্টি কৰিব। আমি আমাৰ কৃষকসকলক পৰ্যাপ্ত আৰু সম সুবিধা, আধুনিক প্ৰযুক্তিৰ ব্যৱস্থাপ্ৰদান কৰাৰ লগতে আৰু তেওঁলোকৰ মনত আত্মবিশ্বাসৰ ভাৱ জগাই তুলিব পাৰিব লাগিব। ইয়াৰ বাবে ইতিবাচক চিন্তাৰ প্ৰয়োজন হ'ব কিয়নো পুৰণি উপায় আৰু ধ্যান-ধাৰণাসমূহে কাম নকৰিব, প্ৰধানমন্ত্ৰীয়ে কয়।

 

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ৰাজহুৱা খণ্ড অত্যাৱশ্যকীয় কিন্তু একে সময়তে ব্যক্তিগত খণ্ডৰ ভূমিকাও গুৰুত্বপূৰ্ণ।টেলিকম, ফাৰ্মা-এইসকলো ক্ষেত্ৰত আমি ব্যক্তিগত খণ্ডৰ ভূমিকা দেখিছোঁ। ভাৰতে যদিমানৱতাৰ সেৱা কৰিবলৈ সক্ষম হয়, তেন্তে এয়া ব্যক্তিগত খণ্ডৰ ভূমিকাৰ বাবেও হৈছে।‘ব্যক্তিগত খণ্ডৰ বিৰুদ্ধে অনুচিত শব্দ ব্যৱহাৰ কৰি অতীতত কেইজনমান লোকৰ হয়তো ভোট লাভ কৰা গৈছিল, কিন্তু এতিয়া সময় সলনিহৈছে। ব্যক্তিগত খণ্ডক উৎপীড়ন কৰাৰ সংস্কৃতি আৰু গ্ৰহণযোগ্য নহয়। আমি আমাৰ যুৱ প্ৰজন্মক এনেদৰে অপমান কৰি থাকিব নকৰোঁ,’প্ৰধানমন্ত্ৰীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কিষাণ আন্দোলনৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ সমালোচনা কৰে। ‘মই কিষাণ আন্দোলনক পৱিত্ৰ বুলি বিবেচনা কৰোঁ। কিন্তু, যেতিয়া আন্দোলনজীৱিসকলে পৱিত্ৰ আন্দোলনক হাইজেক কৰে, গুৰুতৰ অপৰাধৰ বাবে কাৰাগাৰত থকা লোকসকলৰ ফটো প্ৰদৰ্শন কৰে, তেতিয়াই কোনো উদ্দেশ্য পূৰণ কৰেনে? টোল প্লাজাক কাম কৰিবলৈ নিদিয়া, টেলিকম টাৱাৰ ধ্বংস কৰা- ইয়ে পৱিত্ৰ আন্দোলনৰ উদ্দেশ্য সাধন কৰে নেকি’ প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে। ‘আন্দোলনকাৰী’আৰু ‘আন্দোলনজীৱি’ৰ মাজৰ পাৰ্থক্য অতি গুৰুত্বপূৰ্ণ। এনে বহু লোক আছে যিয়ে সঠিক কথা কৈছে। কিন্তু এই শ্ৰেণীটোৱেইযেতিয়া সঠিক কাম কৰাৰ কথা আহে, তেতিয়া কথাক কাৰ্যলৈ ৰূপান্তৰ কৰাত ব্যৰ্থ হয়। যিসকলে নিৰ্বাচনী সংস্কাৰৰ ওপৰত ডাঙৰ কথা কৈছে তেওঁলোকে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ বিৰোধিতা কৰে। তেওঁলোকে লিংগ ন্যায়ৰ কথা কয় কিন্তু তিন তালাকৰ বিৰোধিতা কৰে। এনে লোকসকলে ৰাষ্ট্ৰক বিপথে পৰিচালিত কৰে, প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দৰিদ্ৰ আৰু মধ্যবিত্তসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিবলৈ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কাম কৰি আছে। চৰকাৰে দেশক সন্তুলিত বিকাশৰ দিশত লৈ যোৱাৰ ওপৰত গুৰুত্ব দি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে পূৱ ভাৰতৰ বিকাশৰ বাবে বিশেষ গুৰুত্ব দি কাম কৰি আছে। তেওঁ এই অঞ্চলত পেট্ৰ’লিয়াম প্ৰকল্প, পথ, বিমানবন্দৰ, জলপথ, চিএনজি, এলপিজি কভাৰেজ, নেট সংযোগ প্ৰকল্পৰ বিষয়ে উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে চৰকাৰে সীমান্ত অঞ্চলৰ আন্তঃগাঁথনিৰ ঐতিহাসিক অৱহেলা দূৰ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰি আছে। প্ৰতিৰক্ষা বাহিনীয়ে আমাৰ সীমান্ত সুৰক্ষিত কৰাৰ দায়িত্ব পালন কৰি আছে। প্ৰধানমন্ত্ৰীয়ে সৈনিকসকলক তেওঁলোকৰ সাহসিকতা, শক্তি আৰু আত্মবলিদানৰ বাবে প্ৰশংসা কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Railways' financial health improves in last 10 yrs, surplus revenue after meeting cost: Ashwini Vaishnaw

Media Coverage

Railways' financial health improves in last 10 yrs, surplus revenue after meeting cost: Ashwini Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ফেব্ৰুৱাৰী 2026
February 07, 2026

Empowering the Nation: Trade Deals, Tech Innovations, and Rural Revival Under PM Modi