“মোৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে মই লতা দিদিক শ্রদ্ধা জনাইছো; সংগীতৰ জৰিয়তে তেওঁ দেশৰ একতাক শক্তিশালী কৰিছিল”
“আজাজী কা অমৃত মহোৎসৱ এই সংকল্প গ্রহণৰ উপযুক্ত সময়, যেতিয়া অহা বছৰসমূহত ভাৰতে বিশ্বক নেতৃত্ব দিবলৈ উপযুক্ত ভূমিকা পালন কৰিব পাৰে”
“আমি এইটো বিশ্বাস কৰো যে সমালোচনা গণতন্ত্রৰ এক অভিন্ন অংগ; কিন্তু প্রতিটো বিষয়ত অন্ধভাৱে কৰা বিৰোধিতাই গণতন্ত্রক উপেক্ষা কৰাটোহে বুজায়”
“আমি যদি ভোকেল ফৰ লোকেলৰ কথা কও আমি মহাত্মা গান্ধীৰ সপোন কৰাটো নবুজায়? বিৰোধীসকলে কিয় এইবিষয়ত উপহাস কৰিছে?”
“জীৱনকালত এনে বিশ্ব মহামাৰীৰ সময়ত সমগ্র বিশ্বই ভাৰতৰ অর্থনৈতিক অগ্রগতি প্রত্যক্ষ কৰিছে”
“মহামাৰীৰ সময়ত ৮০ কোটিতকৈ অধিক ভাৰতীয়ই যাতে বিনামূলীয়াকৈ খাদ্যশস্য লাভ কৰাটো ভাৰত চৰকাৰে নিশ্চিত কৰিছে; কোনো ভাৰতীয়ই যাতে ভোকাতুৰে নাথাকে সেয়া নিশ্চিত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ”
“ভাৰতৰ অগ্রগতিৰ বাবে ক্ষুদ্ৰ কৃষকসকলক সবীলকৰণ কৰাটো জৰুৰী; ক্ষুদ্ৰ কৃষকসকলেই ভাৰতৰ বিকাশক আৰু অধিক দৃঢ় কৰিব”
“পিএম গতি শক্তি এনে এক সৰ্বাংগীন দৃষ্টিভংগী, যাৰ উদ্দেশ্য হ’ল আমাৰ আন্তঃগাঁথনিমূলক প্ৰত্যাহ্বানসমূহ সমাধান কৰা”
সংগীতৰ জৰিয়তে তেওঁ দেশৰ একতাক শক্তিশালী কৰিছিল।
প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে ভাৰতৰত্ন লতা মংগেশকাৰক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ কয় যে মোৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে মই লতা দিদিক শ্রদ্ধা জনাইছো।
সংসদত ৰাষ্ট্রপতিৰ ভাষণৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি লোকসভাত ধন্যবাদসূচক ভাষণ প্ৰদান কৰে।
সংগীতৰ জৰিয়তে তেওঁ দেশৰ একতাক শক্তিশালী কৰিছিল।

সংসদত ৰাষ্ট্রপতিৰ ভাষণৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি লোকসভাত ধন্যবাদসূচক ভাষণ প্ৰদান কৰে। প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে ভাৰতৰত্ন লতা মংগেশকাৰক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ কয় যে মোৰ ভাষণ আৰম্ভ কৰাৰ পূৰ্বে মই লতা দিদিক শ্রদ্ধা জনাইছো। সংগীতৰ জৰিয়তে তেওঁ দেশৰ একতাক শক্তিশালী কৰিছিল।

প্রধানমন্ত্রীয়ে নতুন সংকল্প গ্রহণ আৰু দেশ নিৰ্মাণৰ কামত পুনৰ নিজক উৎসৰ্গা কৰাৰ বাবে বর্তমান সময়ৰ গুৰুত্ব বিশেষভাবে উল্লেখ কৰে৷ তেওঁ কয় যে আজাজী কা অমৃত মহোৎসৱ হৈছে অহা বছৰসমূহত ভাৰতে বিশ্বক নেতৃত্ব দিবলৈ কি ধৰণৰ ভূমিকা পালন কৰিব পাৰে, সেই সম্পৰ্কে সংকল্প গ্রহণৰ উপযুক্ত সময়। এইটো সত্য যে ভাৰতে বিগত বছৰসমূহত বিকাশৰ লক্ষ্যৰে একাধিক পদক্ষেপ গ্রহণ কৰিছে। এই সম্পর্কে প্রধানমন্ত্রী লগতে কয় যে ক’ৰোনাৰ পাছৰ সময়ছোৱাত এক নতুন বিশ্ব ব্যৱস্থা গঢ়ি উঠাৰ দিশে গতি কৰিছে। সেয়েহে ভাৰতৰ বাবে এয়া সুযোগ গ্রহণৰ উপযুক্ত সময়।

প্রধানমন্ত্রীয়ে বঞ্চিত আৰু দৰিদ্র শ্ৰেণীৰ পৰিৱর্তিত পৰিস্থিতিৰ কথা উল্লেখ কৰি কয় যে এতিয়া এই শ্রেণীৰ লোকসকলে সা-সুবিধাৰ জৰিয়তে মর্যাদাৰে নিজৰ নতুন পৰিচয় গঢ় দিছে৷ তেওঁ কয় যে পূৰ্বে ঘৰত ৰন্ধন গেছ সংযোগ আছিল আভিজাত্যৰ পৰিচয়। এতিয়া দৰিদ্রতম লোকসকলেও ৰন্ধন গেছৰ সংযোগ লাভ কৰিছে৷ সেইবাবেই এই পৰিৱর্তিত পৰিস্থিতি সকলোৰে বাবে আনন্দদায়ক হৈ উঠিছে। প্রত্যক্ষ লাভ হস্তান্তৰ বা ডিবিটিৰ জৰিয়তে সেৱা প্ৰদান কৰা হৈছে... এই সকলোবোৰ নিঃসন্দেহে বৃহৎ পৰিৱর্তন। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া দৰিদ্র লোকসকলে নিজৰ ঘৰত বিদ্যুৎ সংযোগ প্ৰদানৰ বাবে আনন্দ প্রকাশ কৰে, তেতিয়া এই আনন্দই সমগ্র দেশৰ লগতে তেওঁকো অধিক শক্তি যোগায়। বিনামূলীয়াকৈ ৰন্ধন গেছ সংযোগৰ ফলত দৰিদ্র পৰিয়ালে ৰান্ধনিশালৰ ধোঁৱা মুক্ত হৈ পৰা বুলিও তেওঁ উল্লেখ কৰে৷

সুস্থ গণতান্ত্রিক ব্যৱস্থাৰ গুৰুত্বৰ প্রসংগ উত্থাপন কৰি প্রধানমন্ত্রীয়ে ভাৰতৰ কেইবা শতিকা পুৰণি গণতান্ত্রিক ঐতিহ্যৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে আমি গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি দৃঢ় বিশ্বাসী। আমি এইটোও বিশ্বাস কৰো যে সমালোচনা গণতন্ত্রৰ অপৰিহার্য অংগ। কিন্তু প্রতিটো বিষয়ত অন্ধভাৱে বিৰোধিতাৰ মানসিকতালৈ আগুৱাই গ’লে নহ’ব৷ মহামাৰীজনিত পৰিস্থিতিক ৰাজনৈতিক উদ্দেশ্যে ব্যৱহাৰৰ ঘটনাত তেওঁ ক্ষোভ প্রকাশ কৰে৷ লকডাউনৰ সময়ত নীতি-নির্দেশনা জাৰি কৰা হৈছিল যে সাধাৰণ লোকে য’ত আছে, তাতে যাৱতীয় নীতি-নির্দেশনা মানি চলিব৷ কিন্তু দুর্ভাগ্যজনকভাবে মুম্বাই আৰু দিল্লীৰ পৰা সেই সকলো লোকক নিজৰ ৰাজ্য উত্তৰপ্রদেশ আৰু বিহাৰলৈ যাবলৈ কোৱা হৈছিল৷ এনে ঘটনাৰ তেওঁ চোকা সমালোচনা কৰে৷

প্রধানমন্ত্রী মোদীয়ে সামগ্ৰিকভাৱে সেই সকলো প্রয়াসৰ প্রতি সমর্থন দেখুৱাৰ পৰিৱর্তে বিৰোধীসকলে যি সংকীর্ণ মনোভাৱ দেখুৱাইছিল তাৰ সমালোচনা কৰে৷ তেওঁ কয় যে আমি যদি ভোকেল ফৰ লোকেলৰ কথা কও, তাৰমানে আমি মহাত্মা গান্ধীৰ সপোন পূৰণ কৰাটো নুবুজাই নেকি? বিৰোধীসকলে কিয় এই বিষয়টো উপহাস কৰে? আমি যোগ চর্চা আৰু ফিট ইণ্ডিয়াৰ দৰে প্রয়াস লৈছো। কিন্তু বিৰোধীসকলে এই প্রয়াসৰো উপহাস কৰে৷ জীৱনকালত এনে বিশ্বজোৰা মহামাৰীৰ সময়ত সমগ্র বিশ্বই ভাৰতৰ অর্থনৈতিক অগ্রগতি প্রত্যক্ষ কৰিছে বুলিও প্রধানমন্ত্রীয়ে মত প্রকাশ কৰে৷ এটা শতিকাৰ পূৰ্বে ফ্লু মহামাৰীৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে সেই সময়ত অধিকাংশ ক্ষেত্রতে মৃত্যুৰ কাৰণ আছিল ক্ষুধা। তেওঁ সজোৰে কয় যে বর্তমান মহামাৰীৰ সময়ত কোনো ভাৰতীয়ই যাতে ক্ষুধাৰ কাৰণে মৃত্যু নহয়, সেয়া গুৰুত্ব দিয়া হৈছে। এই লক্ষ্যৰে আমি এক বৃহৎ সামাজিক সুৰক্ষামূলক কাৰ্যসূচী গ্রহণ কৰিছিল। তেওঁ কয় যে মহামাৰীৰ সময়ত ৮০ কোটিতকৈ অধিক ভাৰতীয়ই যাতে বিনামূলীয়াকৈ খাদ্যশস্য লাভ কৰে, ভাৰত চৰকাৰে সেয়া নিশ্চিত কৰিছে। কোনো ভাৰতীয়ই যাতে ভোকাতুৰে নাথাকে, সেয়া নিশ্চিত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ৷

প্রধানমন্ত্রীয়ে সজোৰে কয় যে দাৰিদ্রতা মোকাবিলা কৰাৰ সর্বোত্তম কার্যকৰী পন্থা হ’ল ক্ষুদ্ৰ কৃষকসকলৰ যাৱতীয় চিন্তা দূৰ কৰা। তেওঁ আক্ষেপেৰে কয় যে দীর্ঘ সময় ধৰি ক্ষুদ্ৰ কৃষকসকলক উপেক্ষা কৰা হৈছে। যিসকলে বহু বছৰ ধৰি দেশৰ শাসন ক্ষমতাত আছিল আৰু যিসকলে প্রাসাদোপম মহলত বাস কৰি আহিছে তেওঁলোকে এতিয়া প্ৰান্তীয় কৃষকসকলৰ কল্যাণৰ কথা পাহৰি গৈছে৷ এই ক্ষেত্ৰত আক্ষেপ প্রকাশ কৰি প্রধানমন্ত্রী কয় যে ভাৰতৰ বিকাশৰ বাবে প্ৰান্তীয় কৃষকসকলক সবলীকৰণ কৰাটো জৰুৰী। প্ৰকৃততে প্ৰান্তীয় কৃষকসকলেই ভাৰতৰ বিকাশক আৰু অধিক দৃঢ় কৰিব৷

প্রধানমন্ত্রীয়ে নতুন প্রকল্পৰ সা-সুবিধা প্ৰদান আৰু চৰকাৰৰ সামগ্রিক দৃষ্টিভংগী সম্পর্কে বিশদভাৱে কয়৷ তেওঁ উত্তৰপ্রদেশত সৰযু নাহাৰৰ দৰে দীর্ঘদিন অসম্পূৰ্ণ হৈ থকা ৰাষ্ট্ৰীয় প্রকল্পৰ কথা উল্লেখ কৰি কয় যে বর্তমান চৰকাৰে এই প্রকল্পৰ কাম সম্পূর্ণ কৰিছে। পিএম গতি শক্তিৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত আন্তঃগাঁথনিমূলক প্ৰত্যাহ্বানসমূহ সমাধানত এক সৰ্বাংগীন প্রয়াসৰ অংশ হিচাপে এই প্ৰচেষ্টা গ্রহণ কৰা হৈছে। ইয়াৰ ফলত উদ্যোগ সংস্থাসমূহৰ লজিষ্টিক শিতানত ব্যয় কৰিব৷ প্রধানমন্ত্রীয়ে দুর্বল যোগাযোগ ব্যৱস্থাৰ প্রসংগ পুনৰ উল্লেখ কৰে৷ এই সম্পর্কে তেওঁ কয় যে আমাৰ চৰকাৰে ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ সংজ্ঞা পৰিৱর্তন কৰিছে আৰু এই খণ্ডক সহায্য প্ৰদান কৰিছে।

প্রধানমন্ত্রীয়ে আত্মনির্ভৰ হৈ উঠাৰ ক্ষেত্রত নতুন মানসিকতা গ্রহণৰ কথা উল্লেখ কৰে৷ এই সন্দৰ্ভত তেওঁ কয় যে আত্মনির্ভৰ হৈ উঠাৰ ক্ষেত্রত সৃজনশীল চিন্তা-ভাৱনাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তেওঁ দেশৰ প্রতিভাবান যুৱ সম্প্রদায়ৰ বৃ্ত্তিক কামত লগাবলৈ নতুন নতুন ক্ষেত্র আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে আমি এইটো বিশ্বাস নকৰো যে কেৱল চৰকাৰেহে সকলো সমস্যাৰ সমাধান কৰিব পাৰে। আমি দেশৰ জনসাধাৰণ আৰু দেশৰ যুৱ সম্প্রদায়ৰ ওপৰত ভৰসা কৰো। তেওঁ এই সম্পর্কে ষ্টার্ট আপ খণ্ডৰ উদাহৰণ দি কয় যে দেশত এই ধৰণৰ সংস্থাৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ জৰিয়তে সাধাৰণ জনতাৰ সবলীকৰণৰ পৰিচয় পোৱা গৈছে৷ বৰ্তমান সময়ত ইউনিকর্নসমূহৰ মান উন্নয়ন হৈছে বুলিও তেওঁ অৱগত কৰে। প্রধানমন্ত্রীয়ে কয় যে আমাৰ যুৱ সম্প্রদায়, সম্পদ সৃষ্টিকর্তা আৰু উদ্যোগীসকলক ভয় দেখুৱাৰ নীতিত আমি একমত নহয়। উদাহৰণ দি তেওঁ কয় যে ২০১৪ৰ পূৰ্বে দেশত ষ্টার্ট আপৰ সংখ্যা আছিল কেৱল ৫০০৷ অৱশ্যে দেশত বিগত ৭ বছৰত এই সংখ্যা বৃদ্ধি পাই ৬০,০০০ পাৰ হৈছে। ভাৰতে ইউনিকর্নৰ শতক পাৰ হোৱাৰ দিশত অগ্রসৰ হৈছে। বিশ্বত ষ্টার্ট আপ খণ্ডত ভাৰত তৃতীয় স্থানত আছে৷

প্রধানমন্ত্রীয়ে কয় যে মেক ইন ইণ্ডিয়া প্ৰচেষ্টাক উপহাস কৰাটো দেশৰ উদ্যোগী আৰু যুৱ সম্প্রদায়ক অৱজ্ঞা কৰাৰ সমান। তেওঁ লগতে কয় যে প্রতিৰক্ষা খণ্ডত আত্মনির্ভৰ হৈ উঠাটো দেশৰ প্রতি অন্যতম মহান সেৱা।

প্রধানমন্ত্রীয়ে কয় যে পূৰ্বতে মুদ্রাস্ফীতিৰ বিষয়টোক বিশ্বজুৰি সমস্যাৰ সৈতে জোৰা অজুহাত হিচাপে ব্যাখ্যা কৰা হৈছিল৷ কিন্তু আজি ভাৰতে বিশ্বজুৰি সমস্যা সত্বেও কোনো অজুহাত অবিহনে মুদ্রাস্ফীতিজনিত সমস্যাৰ মোকাবিলা কৰিছে।

প্রধানমন্ত্রীয়ে কয় যে ৰাষ্ট্র আমাৰ বাবে জীৱন্ত আত্মা, ই ক্ষমতাত থকা বা চৰকাৰে পৰিচালনাৰ ব্যৱস্থা নহয়। পুৰাণ আৰু সুব্রমণিয়াম ভাৰতীৰ উদ্ধৃতি দি তেওঁ কয় যে ভাৰত এনে এক সর্বব্যাপী ধাৰণা, য’ত সমগ্র দেশক জীৱন্ত আত্মা হিচাপে বিবেচনা কৰা হয়। তামিলনাডুৰ লোকসকলে সদ্যপ্রয়াত চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ প্রতি যি শ্রদ্ধাৰ নিদর্শন দাঙি ধৰিলে, সেইটোৱে ভাৰতৰ ৰাষ্ট্ৰীয় সহানুভূতিৰ পৰিচয় দিয়ে৷

অমৃত কালৰ এই পবিত্র সময়ত ৰাজনৈতিক দল, সাধাৰণ জনতা আৰু যুৱ সম্প্রদায়ক আৰু অধিক ইতিবাচক মানসিকতাৰে দেশৰ উন্নয়নত অৱদান আগবঢ়োৱাৰ আহ্বান জনায় প্রধানমন্ত্রীয়ে ভাষণ সামৰে৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166

Media Coverage

India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মে’ 2026
May 16, 2026

Petroleum Reserves Secured, Dollars Pouring In, AI Supercluster Rising — Welcome to PM Modi’s New India