৮৫০০টা জন ঔষধি কেন্দ্ৰ কেৱল চৰকাৰী দোকান নহয়, সেইবিলাক সাধাৰণ লোকক সমাধান দিয়া ঠাইত দ্ৰুত গতিত পৰিণত হৈছে
এই অনুষ্ঠানৰ বিষয় ভাবনা হ'ল – “জন ঔষধি-জনউপযোগী”। অনুষ্ঠানত উপস্থিত আছিল কেন্দ্রীয় মন্ত্রী ডঃ মনসুখ মাণ্ডাভিয়া।
"আমি সিদ্ধান্ত লৈছো যে বেচৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ আধা মাছুল চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত লোৱা হ'ব"

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সৰ মাধ্যমত জন ঔষধি কেন্দ্রৰ মালিক আৰু সুবিধাভোগীসকলৰ সৈতে মতবিনিময় কৰিছে। জেনেৰিক ঔষধৰ ব্যৱহাৰ আৰু জন ঔষধি পৰিকল্পনাৰ সুফল সম্পর্কে সচেতনতা সৃষ্টিৰ বাবে এক মার্চৰ পৰা সমগ্ৰ দেশত জন ঔষধি সপ্তাহ পালিত হৈছে। এই অনুষ্ঠানৰ বিষয় ভাবনা হ'ল – “জন ঔষধি-জনউপযোগী”। অনুষ্ঠানত উপস্থিত আছিল কেন্দ্রীয় মন্ত্রী ডঃ মনসুখ মাণ্ডাভিয়া।

পাটনাৰ সুবিধাভোগী শ্রীমতী হিলদা এণ্টনিৰ সৈতে বাৰ্তালাপত প্রধানমন্ত্রীয়ে প্ৰশ্ন কৰে, কেনেকৈ তেওঁ জন ঔষধি ঔষধ সম্পর্কে জানিব পাৰিছে। তেওঁ ঔষধৰ গুণগত মান সম্পর্কে অনুসন্ধান কৰে। উত্তৰত শ্রীমতী হিলদাই জনায়, এই ঔষধত তেওঁ উপকৃত হৈছে। কাৰণ আগতে মাহিলী ঔষধত ১,২০০-১,৫০০ টকা খৰচ হৈছিল, তাৰ পৰিৱর্তে এতিয়া ২৫০ টকা খৰচ হৈছে। শ্রীমতী হিলদাই লগতে জনায়, এতিয়া তেওঁ সামাজিক কাৰণত এই সঞ্চয় খৰচ কৰে। প্রধানমন্ত্রীয়ে তেওঁৰ উদ্যোগক প্ৰশংসা কৰে আৰু আশা প্রকাশ কৰে যে, তেওঁৰ দৰে মানুহৰ মাধ্যমত জন ঔষধৰ প্রতি সাধাৰণ মানুহৰ আস্থা বাঢ়িব। তেওঁ কয়, মধ্যবিত্তসকল এই প্রকল্পৰ ডাঙৰ দূত হ'ব পাৰে। তেওঁ সমাজৰ মধ্য আৰু নিম্ন-মধ্যবিত্ত তথা দৰিদ্র শ্রেণীৰ আর্থিক অৱস্থাৰ ওপৰত ৰোগৰ প্রভাৱ সম্পর্কেও বক্তব্য ৰাখে। শ্রী মোদীয়ে সমাজৰ শিক্ষিত অংশক জন ঔষধিৰ সুবিধাৰ কথা তুলি ধৰাৰ বাবে আহ্বান জনায়।

ভুবনেশ্বৰৰ পৰা দিব্যাঙ্গ সুবিধাভোগী শ্রী সুৰেশ চন্দ্র বেহেৰাৰ সৈতে প্রধানমন্ত্রীয়ে মত বিনিময় কৰে। তেওঁ জন ঔষধি পৰিকল্পনাক লৈ শ্রী বেহেৰাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰে। শ্রী মোদীয়ে লগতে জানিব বিচাৰে যে, শ্রী বেহেৰাৰ প্রয়োজনীয় সকলো ঔষধ জন ঔষধি কেন্দ্রত পোৱা যায় নে নাযায়। শ্রী বেহেৰাই জনায়, তেওঁৰ পিতা-মাতাৰ প্রয়োজনীয় সকলো ঔষধ এই দোকানৰ পৰাই কিনে আৰু প্রতি মাহত ২,০০০-২,৫০০ টকা ৰাহি কৰে। প্রধানমন্ত্রীয়ে, ভগৱান জগন্নাথৰ ওচৰত তেওঁৰ পৰিয়ালৰ সুস্থতা আৰু মঙ্গল কমনা কৰে। তেওঁ শ্রী বেহেৰাৰ উদ্যোগৰ প্রশংসা কৰে। প্রধানমন্ত্রীয়ে কয়, বেহেৰাই এজন দিব্যাঙ্গ হৈও সাহসিকতাৰে তেওঁৰ যুদ্ধ চলাই গৈছে।

মহীশূৰৰ শ্রীমতী ববিতা ৰাওৰ সৈতে বাৰ্তালাপত প্রধানমন্ত্রীয়ে তেওঁক ছোচিয়েল মিডিয়াৰ মাধ্যমত এই সুবিধাৰ কথা বিয়পাই দিয়াৰ আহ্বান জনায়, যাতে আৰু বেছি মানুহে এই প্রকল্পৰ পৰা উপকৃত হ'ব পাৰে।

সুৰাটৰ পৰা শ্রীমতী ঊর্বশী নীৰব পেটেলে প্রধানমন্ত্রীৰ ওচৰত তেওঁৰ এলাকাত জন ঔষধিৰ বিষয়ে প্রচাৰৰ কথা তুলি ধৰে আৰু জন ঔষধি কেন্দ্রৰ স্বল্পমূল্যৰ ছেনিটাৰি পেডবিলাকে কেনেকৈ তেওঁক আৰু বেছি লোকক দান কৰাত সহায় কৰিছে সেই সম্পর্কেও ব্যাখ্যা কৰে। এজন ৰাজনৈতিক কর্মী হিচাপে তেওঁৰ সেৱামূলক মনোভাবৰ প্রশংসা কৰে প্রধানমন্ত্রীয়ে। তেওঁ কয়, ইয়াত জনজীৱনত সেৱাৰ ভূমিকা বাঢ়িব। তেওঁ পৰামর্শ দিছে যে, স্বাস্থ্যবিধি সম্পর্কে সচেতনতা বৃদ্ধিত প্রধানমন্ত্রী আৱাস যোজনা আৰু মহামাৰীৰ সময়ত বিনামূল্যে ৰেছনৰ সুবিধাভোগীসকলৰ সৈতে যোগাযোগ কৰা উচিত।

ৰায়পুৰৰ শ্রী শৈলেশ খাণ্ডেওৱালাই জন ঔষধি পৰিকল্পনাৰ মাধ্যমত তেওঁৰ যাত্রাপথৰ বিষয়ক লৈ প্রধানমন্ত্রীৰ সৈতে কথা পাতে। তেওঁ কয়, ইয়াত ঔষধৰ দাম কম। সকলো ৰোগীৰ ওচৰত এই কথাটো তেওঁ বিয়পাই দিছে। প্রধানমন্ত্রীয়ে অন্যান্য চিকিৎসকসকলকো জন ঔষধিৰ বিষয়ক লৈ সাধাৰণ মানুহৰ মাজত প্রচাৰ কৰাৰ আহ্বান জনাইছে।

অনুষ্ঠানৰ ভাষণত শ্রী মোদীয়ে কয়, জন ঔষধি কেন্দ্রসমূহ কেৱল শাৰীৰিক অসুস্থতাৰ বাবে ঔষধৰ কেন্দ্র নহয়, মনৰ দুশ্চিন্তাও কমায় আৰু মানুহৰ অর্থ সঞ্চয়ৰ ক্ষেত্রত স্বস্তি আনি দিয়ে। প্রধানমন্ত্রীয়ে সন্তোষ প্রকাশ কৰি জনায়, দেশৰ সকলো অংশৰ সকলো শ্রেণীৰ মানুষহ এই সুবিধাৰ যোগ্য। এটকাৰ বিনিময়ত ছেনিটাৰি নেপকিনৰ সাফল্যৰ কথা উল্লেখ কৰে তেওঁ। প্রধানমন্ত্রীয়ে কয়, ২১ কোটি ছেনিটাৰি নেপকিন বিক্রীৰ পৰা বুজা যায় যে, জন ঔষধি কেন্দ্রসমূহে সমগ্ৰ দেশত মহিলাসকলৰ জীৱনক কিমান সহজ কৰি তুলিছে।

শ্রী মোদীয়ে জনায়, এতিয়ালৈকে দেশত চাৰে আঠ হাজাৰৰো বেছি জন ঔষধি কেন্দ্র খোলা হৈছে। এই কেন্দ্রসমূহ এতিয়া কেৱল চৰকাৰী দোকান নহয়, সাধাৰণ মানুহৰ বাবে সমাধান কেন্দ্র হৈ উঠিছে। কেন্সাৰ, যক্ষ্মা, মধুমেহ, হৃদৰোগৰ দৰে ৰোগৰ চিকিৎসাৰ বাবে প্রয়োজনীয় ৮০০ৰো বেছি ঔষধৰ দাম নিয়ন্ত্রণ কৰিছে চৰকাৰে। ষ্টান্টিং আৰু আঁঠু প্রতিস্থাপনৰ খৰচো নিয়ন্ত্রণত ৰখা নিশ্চিত কৰিছে চৰকাৰে। তেওঁ নাগৰিকসকলৰ বাবে চিকিৎসা পৰিসেৱাক মিতব্যয়ী কৰাৰ বিষয়ে পৰিসংখ্যা দাঙি ধৰে। প্রধানমন্ত্রীয়ে জনায় যে, ৫০ কোটিৰো অধিক মানুহ আয়ুষ্মান ভাৰত যোজনাৰ আওতাত আছে। ৩ কোটিৰো অধিক মানুহে এই প্রকল্পৰ সুবিধা লৈছে আৰু দৰিদ্র তথা মধ্যবিত্ত মানুহৰ প্রায় ৭০ হাজাৰ কোটি টকা ৰাহি হৈছে। প্রধানমন্ত্রীয়ে জাতীয় ডায়ালিছিছ কর্মসূচীত ৫৫০ কোটি টকা ৰাহি হৈছে বুলিও জনায়। আঁঠু প্রতিস্থাপন আৰু ঔষধৰ মূল্য নিয়ন্ত্রণত ১৩ হাজাৰ কোটি টকা ৰাহি হৈছে।

প্রধানমন্ত্রীয়ে জনায়, কেইদিনমানৰ আগতে চৰকাৰে আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছে। যাৰ জৰিয়তে দৰিদ্র আৰু মধ্যবিত্ত পৰিয়ালৰ ল'ৰা-ছোৱালী উপকৃত হ'ব। তেওঁ কয়, "আমি সিদ্ধান্ত লৈছো যে বেচৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ আধা মাছুল চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত লোৱা হ'ব"

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Policy paralysis’ to ‘dynamism’: PM Modi returns to SRCC, maps India’s growth in 13 years

Media Coverage

‘Policy paralysis’ to ‘dynamism’: PM Modi returns to SRCC, maps India’s growth in 13 years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."