প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে ‘ভাৰত শক্তি সপ্তাহ ‘ নিজৰ মন্তব্য আগবঢ়ায়। ‘যশোভূমী’ত অনুষ্ঠান সম্বোধন কৰি তেওঁ গুৰুত্ব আৰোপ কৰে যে কেৱল অনুষ্ঠানত উপস্থিত থকাসকলেই শক্তি সপ্তাহৰ অংশ নহয়, বৰং ভাৰতৰ শক্তি উচ্চাকাংক্ষাও হৈছে ইয়াৰ অবিচ্ছেদ্য অংশ। তেওঁ এই অনুষ্ঠানত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা উল্লেখ কৰি বিদেশৰ বিশিষ্ট অতিথিসকলকে ধৰি সকলো অংশগ্ৰহণকাৰীকে উষ্ম আদৰণি জনায়।

‘একবিংশ শতিকা ভাৰত’ৰ বুলি বিশ্বৰ বিশেষজ্ঞসকলে কৰা মন্তব্যৰ প্ৰসংগ উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, "ভাৰতে কেৱল নিজৰ বিকাশেই নহয় বিশ্বৰ বিকাশো সঞ্চালিত কৰিছে, এইক্ষেত্ৰত শক্তি খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে"। তেওঁ গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ শক্তিৰ উচ্চাকাংক্ষা পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত হৈছে: সম্পদৰ সদ্ব্যৱহাৰ, প্ৰতিভাধৰৰ মনত উদ্ভাৱনক উৎসাহিত কৰা, অৰ্থনৈতিক শক্তি আৰু ৰাজনৈতিক স্থিৰতা, কৌশলগত ভূগোলৰ জৰিয়তে শক্তি বাণিজ্য আকৰ্ষণীয় আৰু সহজ কৰি তোলা আৰু বিশ্বজোৰা স্থিৰতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই কাৰকসমূহে ভাৰতৰ শক্তিখণ্ডত নতুন সুযোগৰ সৃষ্টি কৰিছে।
পৰৱৰ্তী দুটা দশক ‘বিকশিত ভাৰত’ৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অহা পাঁচবছৰত কেবাটাও গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা হ'ব। তেওঁ উল্লেখ কৰে যে ভাৰতৰ বহুকেইটা শক্তি লক্ষ্য ২০৩০ চনৰ সময়সীমাৰে সংযোজিত হৈ আছে, যাৰ ভিতৰত আছে ৫০০ গিগাৱাট নৱীকৰণযোগ্য শক্তি উত্পাদনম সামৰ্থ্য যোগ কৰা, ভাৰতীয় ৰে'লৰ বাবে কাৰ্বনৰ মুঠ নিৰ্গমন শূণ্য কৰা আৰু বছৰি পাঁচ নিযুত মেট্ৰিক টন সেউজীয়া হাইড্ৰজেন উৎপাদন কৰা। তেওঁ স্বীকাৰ কৰে যে এই লক্ষ্যসমূহ উচ্চাকাংক্ষী যেন লাগিব পাৰে, কিন্তু বিগত দশকৰ সাফল্যই এই লক্ষ্যসমূহ সম্ভৱ কৰিব পৰা যাব বুলি আত্মবিশ্বাস জাগ্ৰত কৰিছে।

"যোৱা দশকত ভাৰত দশম বৃহত্তম অৰ্থনীতিৰ পৰা পঞ্চম বৃহত্তম অৰ্থনীতিলৈ উন্নীত হৈছিল", শ্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে যোৱা দহ বছৰত ভাৰতৰ সৌৰশক্তি উৎপাদন ক্ষমতা বত্রিশ গুণ বৃদ্ধি পাইছে, যাৰ ফলত ই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ সৌৰশক্তি উৎপাদনকাৰী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ অ-জীৱাশ্ম ইন্ধন শক্তি ক্ষমতা তিনিগুণ বৃদ্ধি হৈছে আৰু পেৰিছ চুক্তিৰ লক্ষ্য প্ৰাপ্ত কৰা ভাৰত হৈছে প্ৰথমখন ‘জি-২০’ দেশ। প্ৰধানমন্ত্ৰীয়ে বৰ্তমানৰ উনিশ শতাংশ হাৰৰ ইথানল মিশ্ৰণৰ জৰিয়তে ভাৰতে সম্ভৱ কৰা সাফল্য সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে, যাৰ ফলত বৈদেশিক মুদ্ৰাৰ সঞ্চয়, কৃষকসকলৰ যথেষ্ট ৰাজহ বৃদ্ধি পোৱাৰ লগতে ‘চিঅ'২’-ৰ নিৰ্গমন যথেষ্ট হ্ৰাস পায়। তেওঁ ২০২৫ চনৰ অক্টোবৰৰ ভিতৰত বিশ শতাংশ ইথানল অধিদেশ প্ৰাপ্ত কৰাৰ বাবে ভাৰতে ধাৰ্য কৰা লক্ষ্যত আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে ভাৰতৰ জৈৱ ইন্ধন উদ্যোগ ৫০০ নিযুত মেট্ৰিক টন বহনক্ষম ‘ফীডষ্টক’ৰ সৈতে দ্ৰুত বিকাশৰ বাবে সাজু হৈছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতৰ ‘জি-২০ সভাপতিত্ব’ৰ কালত ‘গোলকীয় ইন্ধন মৈত্ৰী’ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ই নিৰন্তৰ ভাৱে সম্প্ৰসাৰিত হৈ আছে, য'ত এতিয়া ২৮খন ৰাষ্ট্ৰ আৰু ১২টা আন্তঃৰাষ্ট্ৰীয় সংগঠন জড়িত হৈ আছে। তেওঁ উল্লেখ কৰে যে এই মিত্ৰতাই আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰিত কৰিছে আৰু উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰিছে।

 

ভাৰতে ইয়াৰ হাইড্ৰ'কাৰ্বন সম্পদৰ সম্ভাৱনা সম্পূৰ্ণৰূপে অন্বেষণ কৰাৰ বাবে নিৰন্তৰ সংস্কাৰ কৰি আছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে গেছ আন্তঃগাঁথনিৰ বৃহৎ আৱিষ্কাৰ আৰু ব্যাপক সম্প্ৰসাৰণে গেছ খণ্ডৰ বিকাশত অৰিহণা যোগাইছে, যাৰ ফলত ভাৰতৰ শক্তি মিশ্ৰণত প্ৰাকৃতিক গেছৰ অংশ বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে ভাৰত বৰ্তমান চতুৰ্থ সৰ্ববৃহৎ শোধন কেন্দ্ৰ আৰু ইয়াৰ সামৰ্থ্য ২০ শতাংশ বৃদ্ধি কৰিবলৈ কাম কৰি আছে।


ভাৰতৰ পলসুৱা অৱবাহিকাসমূহত অসংখ্য হাইড্ৰ'কাৰ্বন সম্পদ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ উত্তোলন খণ্ডক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ চৰকাৰে মুক্ত ক্ষেত্ৰফল অনুজ্ঞা নীতি (অএএলপি) প্ৰৱৰ্তন কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে চৰকাৰে এই খণ্ডটোক ব্যাপক সমৰ্থন প্ৰদান কৰিছে, যাৰ ভিতৰত আছে ‘অনন্য অৰ্থনৈতিক ক্ষেত্ৰ’ মুকলি কৰা আৰু ‘ছিংগল উইণ্ড ক্লিয়াৰেন্স’ প্ৰণালী স্থাপন কৰা। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তৈলক্ষেত্ৰ নিয়ন্ত্ৰণ আৰু উন্নয়ন আইনৰ পৰিৱৰ্তনসমূহে এতিয়া অংশীদাৰসকলক নীতিৰ স্থিৰতা, সম্প্ৰসাৰিত ‘লীজ’ আৰু উন্নত বিত্তীয় চৰ্তাৱলী প্ৰদান কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে এই সংস্কাৰে সামুদ্ৰিক খণ্ডত তেল আৰু গেছ সম্পদৰ অন্বেষণত সহায় কৰিব, উৎপাদন বৃদ্ধি কৰিব আৰু কৌশলগত পেট্ৰ'লিয়াম ভাণ্ডাৰ বৰ্তাই ৰাখিব।


প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেবাটাও আৱিষ্কাৰ আৰু ভাৰতত পাইপলাইনৰ বিস্তাৰিত আন্তঃগাঁথনিৰ ফলত প্ৰাকৃতিক গেছৰ যোগান বৃদ্ধি পাইছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ইয়াৰ ফলত অদূৰ ভৱিষ্যতে প্ৰাকৃতিক গেছৰ ব্যৱহাৰ বৃদ্ধি পাব। তেওঁ এইটোও উল্লেখ কৰে যে এই খণ্ডবোৰত বহুতো বিনিয়োগৰ সুযোগ আছে।

"মে’ক ইন ইণ্ডিয়া’ আৰু স্থানীয় যোগান শৃংখলাত ভাৰতে মুখ্যতঃ গুৰুত্ব আৰোপ কৰিছে", শ্ৰী মোদীয়ে কয়। তেওঁ ভাৰতত ‘পিভি মডিউল’কে ধৰি বিভিন্ন ধৰণৰ ‘হাৰ্ডৱে’’ৰ নিৰ্মাণৰ গুৰুত্বপূৰ্ণ সম্ভাৱনাত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে স্থানীয় উৎপাদনত সহায় কৰিছে আৰু যোৱা দহ বছৰত ‘সৌৰ পিভি মডিউল’ নিৰ্মাণ সামৰ্থ্য ২ গিগাৱাটৰ পৰা প্ৰায় ৭০ গিগাৱাটলৈ সম্প্ৰসাৰিত হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ‘উৎপাদন সংযোজিত উদগণি (পিএলআই) আঁচনি’য়ে খণ্ডটোক অধিক আকৰ্ষণীয় কৰি তুলিছে, যাৰ ফলত উচ্চ-দক্ষতাসম্পন্ন ‘সৌৰ পিভি মডিউল’ নিৰ্মাণত উদগনি দিয়া হৈছে।

 

বেটাৰী আৰু সঞ্চয় ক্ষমতা খণ্ডত উদ্ভাৱন আৰু উৎপাদনৰ গুৰুত্বপূৰ্ণ সুযোগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বৈদ্যুতিক গতিশীলতাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে আৰু এই খণ্ডত দেশৰ ইমান বৃহৎ চাহিদা পূৰণৰ বাবে দ্ৰুত পদক্ষেপৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চলিত বৰ্ষৰ বাজেটত সেউজ শক্তিক সমৰ্থন কৰা অসংখ্য ঘোষণা অন্তৰ্ভুক্ত আছে। তেওঁ উল্লেখ কৰে যে চৰকাৰে ‘ইভি’ আৰু ম'বাইল ফোন বেটাৰি নিৰ্মাণ সম্পৰ্কীয় কেবাটাও সামগ্ৰীক মৌলিক শুল্কৰ পৰা ৰেহাই দিছে। ‘কোবাল্ট পাউডাৰ’, ‘লিথিয়াম-আয়ন বেটাৰী আৱৰ্জনা’, সীহ, জিংক, আৰু অন্যান্য গুৰুত্বপূৰ্ণ খনিজ ইয়াত অন্তৰ্ভুক্ত থাকে। তেওঁ মন্তব্য কৰে যে ‘ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযান’-য়ে ভাৰতত এক শক্তিশালী যোগান শৃংখলা গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ অ-লিথিয়াম বেটাৰী পৰিস্থিতিতন্ত্ৰক উত্সাহিত কৰাতো আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষৰ বাজেটে পাৰমাণৱিক শক্তি খণ্ড মুকলি কৰিছে আৰু শক্তিৰ প্ৰতিটো বিনিয়োগে যুৱপ্ৰজন্মৰ বাবে চাকৰিৰ নতুন সুযোগ সৃষ্টি কৰিছে আৰু সেউজ নিয়োগৰ সুযোগ সৃষ্টি কৰিছে।


"ভাৰতৰ শক্তি খণ্ড শক্তিশালী কৰিবলৈ চৰকাৰে জনসাধাৰণক শক্তিসমৃদ্ধ কৰি তুলিছে", প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে সাধাৰণ পৰিয়াল আৰু কৃষকসকলক শক্তি প্ৰদানকাৰী হিচাপে গঢ়ি তোলা হৈছে। তেওঁ মন্তব্য কৰে যে ‘প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি’ যোৱা বছৰ আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ পৰিসৰ কেৱল শক্তি উৎপাদনতে সীমাবদ্ধ নহয়। তেওঁ উল্লেখ কৰে যে এই আঁচনিয়ে সৌৰ খণ্ডত নতুন দক্ষতা সৃষ্টি কৰিছে, এক নতুন সেৱা পৰিস্থিতিতন্ত্ৰ বিকাশিত কৰিছে আৰু বিনিয়োগৰ সুযোগ বৃদ্ধি কৰিছে।


ভাষণৰ সামৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে বিকাশ আৰু প্ৰকৃতিক সমৃদ্ধ কৰা শক্তি সমাধান প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে এই শক্তি সপ্তাহত এই দিশত বিশেষ ফল লাভ কৰিব পৰা যাব। তেওঁ সকলোকে ভাৰতত উদ্ভৱ হোৱা প্ৰতিটো সম্ভাৱনা অন্বেষণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chronic therapies power 11% growth in Indian pharma market in May

Media Coverage

Chronic therapies power 11% growth in Indian pharma market in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
World Leaders Congratulate Prime Minister Shri Narendra Modi on Becoming India’s Longest-Serving Elected Prime Minister
June 09, 2026

Prime Minister Shri Narendra Modi received warm congratulations from world leaders on the eve of his becoming the longest-serving elected Prime Minister of India. World leaders from across the globe paid tribute to Prime Minister’s transformative governance, his advocacy for the Global South, and his vision of an inclusive and economically dynamic India.

H.E. Anura Kumara Disanayaka, the President of Sri Lanka, in a letter dated 8 June 2026 addressed to the Prime Minister, conveyed the warm congratulations of the Government and people of Sri Lanka to him, stating: “This milestone is a testament not only to your years in office, but also to the trust and confidence that the people of the world’s largest democracy have repeatedly placed in your leadership.” The President also highlighted India’s remarkable economic and social transformation and noted that Prime Minister Modi’s vision has inspired many beyond India’s borders, including Sri Lanka. Prime Minister Modi visited Sri Lanka from 4–6 April 2025, his fourth visit to the island nation, during which he was conferred the Mitra Vibhushana, Sri Lanka’s highest civilian honour accorded to a foreign dignitary. The visit reaffirmed India’s Neighbourhood First policy, with Sri Lanka among the closest beneficiaries of India’s steadfast partnership, including India’s pivotal support during Sri Lanka’s economic difficulties in 2022.

H.E. James Marape, the Prime Minister of Papua New Guinea, in a personal video message, described Prime Minister Modi as “a role model and an example of leadership”. He also stated - “Lifting over 200 million people out of poverty to good life today is an amazing feat.” Prime Minister Marape expressed Papua New Guinea’s warm friendship and its desire to further consolidate bilateral ties. Prime Minister Modi’s historic visit to Papua New Guinea in May 2023, the first-ever by an Indian Prime Minister, for the Third Forum for India–Pacific Islands Cooperation (FIPIC-III) Summit was a landmark moment in India’s engagement with the Pacific Island nations. The visit underscored India’s role as a committed partner of the Global South.

H.E. Kamla Persad-Bissessar, the Prime Minister of Trinidad and Tobago, congratulated Prime Minister Modi on this occassion, noting that “under the leadership of Prime Minister Modi, India has evolved as a leading voice on global matters.” She highlighted Prime Minister Modi’s journey from humble beginnings to leading a nation of 1.4 billion people across three terms, and underscored India’s significant achievements in foreign policy, economic growth, infrastructure, and socio-economic development. Prime Minister Modi paid a landmark visit to Trinidad and Tobago from 3–4 July 2025, the first bilateral visit by an Indian Prime Minister in 26 years, coinciding with the 180th anniversary of the arrival of Indian immigrants to Trinidad and Tobago.