১৫তম জি২০ নেতৃত্বৰ সন্মিল

Published By : Admin | November 22, 2020 | 18:23 IST
India is following the principle in the ‘Reform-Perform-Transform’ strategy to move forward and inclusive development efforts that are participative: PM
India will become an important and reliable pillar of World Economy and Global Supply Chains: PM Modi
India is not only meeting Paris Agreement targets, but will be exceeding them: PM

১. প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে২১-২২ নৱেম্বৰ ২০২০ তাৰিখে  ছৌদি আৰৱৰ উদ্যোগত ভাৰ্চুৱেলি অনুষ্ঠিত হোৱা ১৫তম জি২০ সন্মিলনত অংশগ্ৰহণ কৰে৷ জি২০ সন্মিলনৰ দ্বিতীয় দিনৰ এজেণ্ডা আছিল ধৰিত্ৰীৰ সুৰক্ষাৰ বাবে সমন্বিত, বহনক্ষম আৰু নিৰ্ভৰযোগ্য ভৱিষ্যত নিৰ্মাণ কৰা৷

২. প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত পচ্ছাদ ক’ভিড বিশ্বত সমন্বিত, নিৰ্ভৰযোগ্য আৰু বহনক্ষম পুনৰুজ্জীৱন প্ৰক্ৰিয়া সন্দৰ্ভত আলোকপাত কৰে৷ তেওঁ ভাষণত কাৰ্যকৰী বৈশ্বিক শাসন আৰু সংশোধিত বহুপক্ষবাদ উন্নীত চৰিত্ৰ, শাসন আৰু বহুপক্ষীয় প্ৰতিষ্ঠানসমূহৰ জৰিয়তে প্ৰয়োজন বুলি উল্লেখ কৰে৷

৩. প্ৰধানমন্ত্ৰীয়ে ‘‘কাকো পিছলৈ এৰি থৈ নোযোৱা’’ লক্ষ্যৰে বহনক্ষম বিকাশ উদ্দেশ্যৰ ২০৩০ৰ এজেণ্ডাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে৷ তেওঁ কয় যে ভাৰতে ‘‘সংশোধন-প্ৰণয়ন-পৰিৱৰ্তন’’ নীতিৰে অগ্ৰসৰ হৈছে আৰু ইয়াত সমন্বিত বিকাশ প্ৰয়াসো অন্তৰ্ভুক্ত হৈছে৷

৪. ক’ভিড-১৯ৰ পৰিৱৰ্তনশীল পৰিবেশৰ পৰিপ্ৰেক্ষিতত ভাৰতে ‘‘আত্মনিৰ্ভৰ ভাৰত’’ৰ নীতি গ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে৷ ইয়াৰ ক্ষমতা আৰু নিৰ্ভৰযোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি এই বীক্ষণ অনুসৰণেৰে ভাৰতে বিশ্ব অৰ্থনীতি তথা বৈশ্বিক যোগান শৃংখলাত অন্যতম স্থান দখল কৰিবলৈ সমৰ্থ হ’ব বুলি তেওঁ প্ৰকাশ কৰে৷ বিশ্বজনীন পৰ্যায়ত ভাৰতে আন্তৰ্জাতিক সৌৰ সহযোগিতা আৰু দুৰ্যোগ প্ৰতিৰোধক পৰিকাঠামো বাবে সহযোগিতা শীৰ্ষক সংস্থাও গঠন কৰিছে৷

৫. ‘‘ছেফগাৰ্ডিং দা প্লেনেট’’ৰ এক বাণীৱদ্ধ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে সামূহিক প্ৰয়াসেৰে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মোকাবিলা কৰাৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে ভাৰতে পেৰিচ চুক্তিৰ লক্ষ্য প্ৰাপ্তি কৰাই নহয় বৰঞ্চ ইয়াক অতিক্ৰমো কৰিছে৷ তেওঁ কয় যে ভাৰতে পৰম্পৰাগত পদ্ধতিৰে পৰিবেশৰ সৈতে ভ্ৰাতৃত্ববোধ স্থাপন তথা নিম্ন কাৰ্বন আৰু জলবায়ু  স্থিতিস্থাপক বিকাশৰ পদক্ষেপৰ দিশতো অগ্ৰসৰ হৈছে৷ তেওঁ কয় যে মানৱতাৰ উত্থানৰ বাবে প্ৰতিজন ব্যক্তিৰেই উন্নতি হ’ব লাগিব আৰু আমি শ্ৰমিকক কেৱল উৎপাদনৰ এক প্ৰক্ৰিয়া বুলি অনুভৱ কৰিব নালাগিব৷ তাৰ পৰিৱৰ্তে আমি প্ৰতিজন কৰ্মীৰ আত্মসন্মানৰ কথাও চিন্তা কৰিব লাগিব৷ ইয়াৰ জৰিয়তে ধৰিত্ৰীৰ সুৰক্ষা বাহাল থাকিব বুলি তেওঁ উল্লেখ কৰে৷

৬. ছৌদি আৰৱে সফলতাৰে ৰিয়াধ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ২০২১ চনত ইটালীক এই কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়৷ ২০২২ চনত ইণ্ডোনেছিয়াই, ২০২৩ চনত ভাৰতে আৰু ২০২৪ চনত ব্ৰাজিলে জি২০ সন্মিলন অনুষ্ঠিত কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

৭. সন্মিলনৰ শেষত জি২০ৰ নেতৃত্বৰ ঘোষণাপত্ৰ জাৰি কৰা হয়৷ ঘোষণাপত্ৰত শেহতীয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বহুপক্ষীয় সহযোগিতা, একবিংশ শতিকাত সকলো ব্যক্তিৰেই সৱলীকৰণ, ধৰিত্ৰীৰ সুৰক্ষা আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হয়৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets His Highness Prince Rahim Aga Khan V, discusses Strengthening Partnership with Aga Khan Development Network
September 10, 2026

The Prime Minister, Shri Narendra Modi, met His Highness Prince Rahim Aga Khan V, the 50th Imam of the Ismaili Community in New Delhi. During the meeting, Shri Modi fondly recalled the late Aga Khan IV, father of His Highness Prince Rahim Aga Khan V, and his enduring contributions to development efforts.

The Prime Minister discussed ways to further strengthen the partnership with the Aga Khan Development Network in key areas, including healthcare, agriculture, rural development, youth empowerment and women empowerment.

In a post on X, Shri Modi said;

“Happy to meet His Highness Prince Rahim Aga Khan V. Fondly recalled his father, the late Aga Khan IV and his enduring contributions to development efforts.

Discussed ways to further strengthen our partnership with the Aga Khan Development Network in healthcare, agriculture, rural development, youth and women empowerment.

@akdn”