আমি দল নিৰ্বিশেষে নতুন প্ৰজন্মৰ সাংসদ আৰু প্ৰথমবাৰৰ বাবে সাংসদ হোৱাসকলক অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰাটো নিশ্চিত কৰিব লাগেঃ প্ৰধানমন্ত্ৰী
ভাৰতে গণতন্ত্ৰই প্ৰদান কৰিব পৰাটো প্ৰমাণিত কৰিছেঃ প্ৰধানমন্ত্ৰী
এই শীতকালীন অধিৱেশনে ৰাষ্ট্ৰখনক অধিক দ্ৰুতগতিত আগুৱাই নিবলৈ আমাৰ প্ৰচেষ্টাত নতুন শক্তিৰ সঞ্চাৰ কৰিবঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনৰ চৌহদত ২০২৫-ৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত সংবাদ মাধ্যমক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অধিৱেশন কেৱল এক অনুষ্ঠান নহয়, বৰঞ্চ ৰাষ্ট্ৰখনৰ দ্ৰুত অগ্ৰগতিৰ দিশত অব্যাহত থকা যাত্ৰাৰ বাবে নৱীকৃত শক্তিৰ এক গুৰুত্বপূৰ্ণ উৎস। শ্ৰী মোদীয়ে লগতে কয়, “এই শীতকালীন অধিৱেশনে ৰাষ্ট্ৰখনক অধিক দ্ৰুতগতিত আগুৱাই নিবলৈ আমাৰ প্ৰচেষ্টাত নতুন শক্তিৰ সঞ্চাৰ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস।“

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে স্বকীয় গণতান্ত্ৰিক পৰম্পৰাৰ স্পন্দনশীলতা আৰু মনোভাৱ ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰি আহিছে। শেহতীয়া বিহাৰৰ নিৰ্বাচনৰ উদাহৰণ দাঙি ধৰি তেওঁ অভিলেখ ভোটাৰৰ ভোটদান কাৰ্য্যক ৰাষ্ট্ৰৰ গণতান্ত্ৰিক শক্তিৰ দৃঢ়তা বুলি অভিহিতকৰণেৰে শলাগ লয়। তেওঁ মহিলা ভোটাৰসকলৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণ কাৰ্য্যক গণতান্ত্ৰিক প্ৰক্ৰিয়ালৈ নতুন আশা আৰু নতুন আত্মবিশ্বাস সঞ্চাৰ কৰা এক উল্লেখযোগ্য আৰু উৎসাহজনক ধাৰা বুলি কয়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ শক্তিশালী হৈ উঠাৰ লগে-লগে বিশ্বই গভীৰ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে যে এই গণতান্ত্ৰিক কাঠামোয়ে ৰাষ্ট্ৰৰ অৰ্থনৈতিক সামৰ্থ্যকো কেনেদৰে শক্তিশালী কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ভাৰতে গণতন্ত্ৰই প্ৰদান কৰিব পৰাটো প্ৰমাণিত কৰিছে। “ভাৰতৰ অৰ্থনৈতিক অৱস্থাই যি গতিৰে নতুন শিখৰত আৰোহণ কৰিছে, সেই গতিবেগে আত্মবিশ্বাসৰ সৃষ্টি কৰিছে আৰু এখনি উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত আমাক নতুন শক্তি প্ৰদান কৰিছে”, শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে সকলো ৰাজনৈতিক দলকে অধিৱেশনক ৰাষ্ট্ৰীয় স্বাৰ্থ, গঠনমূলক বিতৰ্ক, নীতি-আধাৰিত ফলাফলৰ ওপৰত নিবদ্ধ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে সংসদে ৰাষ্ট্ৰৰ বাবে কি কল্পনা কৰিছে আৰু কি প্ৰদান কৰিবলৈ অংগীকাৰবদ্ধ সেই বিষয়ে মনোনিৱেশ কৰি থাকিব লাগিব। বিৰোধী দলক নিজৰ গণতান্ত্ৰিক দায়িত্ব পালন কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক অৰ্থপূৰ্ণ আৰু বস্তুনিষ্ঠ বিষয় উত্থাপন কৰিবলৈ উৎসাহিত কৰে। তেওঁ নিৰ্বাচনী পৰাজয়ক লৈ হতাশাই যাতে সংসদীয় কাৰ্য্যবিধিক প্ৰভাৱিত নকৰে, দলসমূহক সেয়া নিশ্চিত কৰিবলৈ কয়। অধিৱেশনত নিৰ্বাচনী জয়ক লৈ অহংকাৰো প্ৰদৰ্শন কৰিব নালাগে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয়, “শীতকালীন অধিৱেশনে জনপ্ৰতিনিধিসকলৰ পৰা আশা কৰা ভাৰসাম্য, দায়িত্ব আৰু মৰ্য্যাদা প্ৰতিফলিত কৰিব লাগিব।”

প্ৰধানমন্ত্ৰীয়ে সুস্থ বিতৰ্কৰ গুৰুত্বত আলোকপাত কৰি সাংসদসকলক আহ্বান জনায় যে যি প্ৰচেষ্টাই ভালদৰে কাম কৰি আছে তাৰ অগ্ৰগতি সাধন কৰিব লাগে আৰু প্ৰয়োজনত গঠনমূলক, সঠিক সমালোচনা কৰিব লাগে। ইয়াৰ জৰিয়তে নাগৰিকসকল ভালদৰে অৱগত হয়। তেওঁ লক্ষ্য কৰে যে এই কাৰ্য্য ৰাষ্ট্ৰখনৰ বাবে অতিশয় প্ৰয়োজনীয়।

 

প্ৰথমবাৰৰ বাবে হোৱা আৰু কম বয়সীয়া সাংসদসকলৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে দলীয় সীমা নিৰ্বিশেষে একাংশই অনুভৱ কৰে যে তেওঁলোকে নিজৰ সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ বা ৰাষ্ট্ৰীয় উন্নয়নৰ আলোচনাত অৰিহণা যোগোৱাৰ পৰ্য্যাপ্ত সুযোগ লাভ কৰা নাই। এই সাংসদসকলক তেওঁলোকৰ প্ৰাপ্য মঞ্চ দিয়াটো নিশ্চিত কৰিবলৈ সকলো দলকে আহ্বান জনায়। তেওঁ কয়, “নতুন প্ৰজন্মৰ অন্তৰ্দৃষ্টি আৰু শক্তিৰ পৰা সদন আৰু ৰাষ্ট্ৰখন লাভৱান হ’ব লাগিব।”

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সংসদ নীতি আৰু প্ৰদানৰ স্থান, নাটক বা শ্ল’গান কিম্বা চিঞৰ-বাখৰৰ বাবে নহয়। তেওঁ কয়, “অন্য ঠাইত থিয়েটাৰ বা শ্ল’গানৰ বাবে ঠাইৰ অভাৱ নাই। কিন্তু সংসদত আমাৰ গুৰুত্ব নীতিৰ ওপৰত হ’ব লাগিব আৰু আমাৰ উদ্দেশ্য স্পষ্ট হ’ব লাগিব।“

প্ৰধানমন্ত্ৰীয়ে এই অধিৱেশনৰ বিশেষ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰে। আজিৰেপৰা উচ্চ সদনৰ নতুন মাননীয় অধ্যক্ষৰ মাৰ্গ-দৰ্শন কাৰ্য্যৰ আৰম্ভণি হৈছে। প্ৰধানমন্ত্ৰীয়ে অধ্যক্ষ গৰাকীক অভিনন্দন জ্ঞাপনেৰে তেওঁৰ নেতৃত্বই সংসদীয় কাৰ্য্যকলাপক অধিক শক্তিশালী কৰি তুলিব বুলি আস্থা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জিএছটি সংস্কাৰ সাধনে নাগৰিকসকলৰ মাজত বিশ্বাসৰ এক গভীৰ বাতাবৰণৰ সৃষ্টি কৰিছে, ইয়াক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ হিচাপে গণ্য কৰিছে। তেওঁ কয় যে শীতকালীন অধিৱেশনে এই দিশতো একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপক আগুৱাই নিব।

 

শেহতীয়া সংসদীয় ধাৰাক লৈ উদ্বেগ প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে শেহতীয়া সময়ত আমাৰ সংসদক হয় নিৰ্বাচনৰ ৱাৰ্ম আপ গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰা হৈছে নহয় নিৰ্বাচনী পৰাজয়ৰ পিছত হতাশা প্ৰকাশৰ স্থান হিচাপে ব্যৱহাৰ কৰা হৈছে। শ্ৰী মোদীয়ে লগতে কয়, “দেশে এই পদ্ধতিসমূহ মানি লোৱা নাই। তেওঁলোকে নিজ-নিজ দৃষ্টিভংগী আৰু কৌশল সলনি কৰাৰ সময় আহি পৰিছে। আনকি মই তেওঁলোকক কেনেকৈ ভাল প্ৰদৰ্শন কৰিব পাৰি তাৰ টিপছো আগবঢ়াবলৈ সাজু।“

“আশা কৰোঁ আমি সকলোৱে এই দায়িত্বসমূহৰ কথা মনত ৰাখি আগবাঢ়ি যাম। আৰু মই ৰাষ্ট্ৰখনক আশ্বস্ত কৰিছো যে দেশখন প্ৰগতিৰ পথত আগবাঢ়িছে”, শ্ৰী মোদীয়ে পুনৰ কয়। দেশৰ প্ৰগতিৰ দিশত দৃঢ়প্ৰতিজ্ঞ যাত্ৰাৰ কথা দোহাৰি তেওঁ কয়, “দেশখন নতুন শিখৰৰ দিশে আগবাঢ়িছে আৰু এই সদনে সেই যাত্ৰাত নতুন শক্তি সঞ্চাৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।”

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 ছেপ্টেম্বৰ 2026
September 05, 2026

The New Indian Equation: Policy + People = Tangible Progress Under PM Modi