বৰ্ষাকালীন অধিৱেশন দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত, আমাৰ সামূহিক সাফল্যৰ এয়া এক প্ৰকৃত উদযাপনঃ প্ৰধানমন্ত্ৰী
বিশ্বই ভাৰতৰ সামৰিক সামৰ্থ্যৰ শক্তি প্ৰত্যক্ষ কৰিছে; অপাৰেচন সিন্দুৰত ভাৰতীয় সেনাই আত্মগোপন কৰি থকা সন্ত্ৰাসবাদৰ আঁৰৰ মূল ষড়যন্ত্রকাৰীসকলক ধ্বংস কৰি তেওঁলোকৰ লক্ষ্যত ১০০ শতাংশই উপনীত হৈছিল ঃ প্ৰধানমন্ত্ৰী
ভাৰতে বহু হিংসাত্মক প্ৰত্যাহ্বান সহ্য কৰি আহিছে, সেয়া সন্ত্ৰাসবাদেই হওক বা নক্সালবাদ, কিন্তু আজি নক্সালবাদ আৰু মাওবাদৰ প্ৰভাৱ দ্ৰুতগতিত হ্ৰাস পাইছে; বোমা-বাৰুদ আৰু বন্দুকৰ ওপৰত সংবিধানে প্ৰাধান্য লাভ কৰিছে। অতীতৰ ৰঙা কৰিডৰবোৰ এতিয়া বিকাশ আৰু উন্নয়নৰ সেউজ অঞ্চললৈ ৰূপান্তৰিত হৈছেঃ প্ৰধানমন্ত্ৰী
বহু দেশত ইউ.পি.আয়ে জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে ডিজিটেল ইণ্ডিয়াই বিশ্বজুৰি লহৰ তুলিছে, ই ফিনটেকৰ জগতত এটা স্বীকৃত নাম হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
পহলগামৰ নৃশংস গণহত্যাই সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছিল আৰু সন্ত্ৰাসবাদ তথা ইয়াৰ কেন্দ্ৰবিন্দুৰ প্ৰতি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল; দলীয় সীমাৰ ঊৰ্ধ্বত সমগ্ৰ ভাৰতৰ প্ৰতিনিধিসকলে পাকিস্তানৰ ভূমিকা উদঙাই দিবলৈ একত্ৰিত হৈছিলঃ প্ৰধানমন্ত্ৰ
তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই বৃদ্ধিয়ে আগন্তুক দিনত ভাৰতৰ অৰ্থনীতিক যথেষ্ট লাভান্বিত কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত ২০২৫ চনৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰে। বৰ্ষাকালীন অধিৱেশনলৈ সকলোকে আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে বাৰিষা উদ্ভাৱন আৰু নৱীকৰণৰ প্ৰতীকসমগ্ৰ দেশতে বৰ্তমান বতৰ অনুকূলভাৱে আগবাঢ়িছে, যি কৃষিৰ বাবে লাভজনক পূৰ্বাভাস কঢ়িয়াই আনিছে। তেওঁ উল্লেখ কৰে যে বৰষুণে কেৱল গ্ৰাম্য অৰ্থনীতি আৰু দেশৰ সামগ্ৰিক অৰ্থনৈতিক গাঁথনিতে নহয়, প্ৰতিটো পৰিয়ালৰ আৰ্থিক কল্যাণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে, বৰ্তমানৰ তথ্যৰ ভিত্তিত, যোৱা দহ বছৰৰ তুলনাত এই বছৰ পানী জলাশয়ৰ স্তৰ তিনিগুণ বৃদ্ধি পাইছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই বৃদ্ধিয়ে আগন্তুক দিনত ভাৰতৰ অৰ্থনীতিক যথেষ্ট লাভান্বিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ভাৰতীয় ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ ঐতিহাসিক মুহূৰ্তৰ আঁত ধৰি কয়, "বৰ্তমানৰ বৰ্ষাকালীন অধিৱেশন দেশৰ বাবে অত্যন্ত গৌৰৱৰ মুহূৰ্ত, ই ভাৰতৰ বাবে বিজয় উদযাপনৰ প্ৰতিনিধিত্ব কৰে"। প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে ইয়াক এক অপৰিসীম গৌৰৱৰ উৎস বুলিও তেওঁ অভিহিত কৰে। তেওঁ গুৰুত্বসহকাৰে উল্লেখ কৰে যে এই কৃতিত্বই সমগ্ৰ দেশতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ বাবে নতুন উৎসাহ আৰু উত্তেজনাৰ সৃষ্টি কৰিছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ভাৰতৰ জনসাধাৰণৰ লগতে সমগ্ৰ সংসদলোকসভা আৰু ৰাজ্যসভা দুয়োখনেই এই সাফল্যৰ বাবে গৌৰৱ কৰিবলৈ একত্ৰিত হৈছে। তেওঁ লগতে কয় যে এই সামূহিক উদযাপনে ভাৰতৰ ভৱিষ্যতৰ মহাকাশ অন্বেষণ অভিযানৰ বাবে অনুপ্ৰেৰণা আৰু উৎসাহ হিচাপে কাম কৰিব।

 

চলিত বৰ্ষাকালীন অধিৱেশনক ভাৰতৰ বিজয়ৰ উদযাপন বুলি অভিহিত কৰি শ্ৰী মোদীয়ে কয় যে বিশ্বই ভাৰতৰ সশস্ত্ৰ বাহিনীৰ শক্তি আৰু সামৰ্থ্য প্ৰত্যক্ষ কৰিছে। অপাৰেচন সিন্দুৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে ভাৰতীয় সেনাই ১০০ শতাংশ সফলতাৰে নিজৰ লক্ষ্যত উপনীত হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে মাত্ৰ ২২ মিনিটৰ ভিতৰতে অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতৰ বাহিনীয়ে তেওঁলোকৰ নিজৰ ঘাটিত উচ্চ মূল্যৰ লক্ষ্যসমূহ নিষ্ক্ৰিয় কৰিছিল। তেওঁ উল্লেখ কৰে যে তেওঁ বিহাৰত এক ৰাজহুৱা অনুষ্ঠানত এই অভিযানৰ কথা ঘোষণা কৰিছিল আৰু সশস্ত্ৰ বাহিনীয়ে দ্ৰুতগতিত নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছিল। শ্ৰী মোদীয়ে ভাৰতৰ উদীয়মান "মেড ইন ইণ্ডিয়াপ্ৰতিৰক্ষা সামৰ্থ্যৰ প্ৰতি বিশ্বৰ আগ্ৰহ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ শেহতীয়া আন্তঃৰাষ্ট্ৰীয় মত বিনিময়ৰ সময়ত বিশ্বৰ নেতাসকলে ভাৰতৰ থলুৱাভাৱে বিকশিত সামৰিক সঁজুলিবোৰৰ প্ৰশংসা কৰিছে। তেওঁ আস্থা প্ৰকাশ কৰে যে অধিৱেশনৰ সময়ত সংসদে একক কণ্ঠেৰে এই বিজয়ক উদযাপন কৰিবলৈ একত্ৰিত হোৱাৰ লগে লগে ই ভাৰতৰ সামৰিক শক্তিক অধিক শক্তিশালী আৰু উৎসাহিত কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এই সামূহিক মনোভাৱে নাগৰিকসকলকো অনুপ্ৰাণিত কৰিব আৰু প্ৰতিৰক্ষা খণ্ডৰ গৱেষণা, উদ্ভাৱন আৰু উৎপাদনক গতি প্ৰদান কৰিব, ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই দশকত প্ৰতিটো খোজতে নিৰন্তৰ উন্নয়নৰ ভাৱনাৰ সৈতে শান্তি আৰু প্ৰগতি একেলগে আগবাঢ়ি যোৱাটো প্ৰতিফলিত হয়। তেওঁ উল্লেখ কৰে যে দেশখনে দীৰ্ঘদিন ধৰি বিভিন্ন হিংসাত্মক ঘটনাৰ সন্মুখীন হৈছে, সেয়া সন্ত্ৰাসবাদেই হওক বা নক্সালবাদ, যিবোৰ স্বাধীনতাৰ পিছৰে পৰা অব্যাহত আছে। নক্সালবাদ আৰু মাওবাদৰ ভৌগোলিক প্ৰসাৰ এতিয়া দ্ৰুতগতিত হ্ৰাস পাইছে বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতৰ নিৰাপত্তা বাহিনীয়ে নতুন আত্মবিশ্বাস আৰু ত্বৰান্বিত প্ৰচেষ্টাৰে নক্সালবাদ আৰু মাওবাদক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰ দিশত ক্ৰমাগতভাৱে অগ্ৰসৰ হৈছে। তেওঁ সগৌৰৱে দৃঢ়তাৰে কয় যে সমগ্ৰ দেশৰ শ শ জিলা এতিয়া নক্সাল হিংসাৰ কবলৰ পৰা ওলাই আহি মুক্তভাৱে উশাহ লৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতৰ সংবিধানে অস্ত্ৰ-শস্ত্ৰ আৰু হিংসাৰ ওপৰত জয়লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে পূৰ্বৰ 'ৰঙা কৰিডৰ' এলেকাবোৰ এতিয়া দৃশ্যমানভাৱে 'সেউজ বিকাশ অঞ্চল' লৈ ৰূপান্তৰিত হৈছে, যিয়ে দেশৰ বাবে এক প্ৰতিশ্ৰুতিপূৰ্ণ ভৱিষ্যতৰ ইংগিত দিয়ে।

দেশপ্ৰেম আৰু ৰাষ্ট্ৰৰ কল্যাণৰ প্ৰতি সমৰ্পণেৰে চালিত এই অনুষ্ঠানসমূহে প্ৰতিজন সন্মানীয় সাংসদৰ বাবে গৌৰৱৰ মুহূৰ্তৰ প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে গুৰুত্বসহকাৰে কয় যে সংসদৰ এই বৰ্ষাকালীন অধিৱেশনত সমগ্ৰ দেশে প্ৰতিজন সাংসদ আৰু প্ৰতিটো ৰাজনৈতিক দলে কণ্ঠদান কৰা এই ৰাষ্ট্ৰীয় গৌৰৱৰ উদযাপন শুনিব।

২০১৪ চনত তেওঁলোকৰ চৰকাৰে দায়িত্ব লোৱাৰ সময়ত ভাৰত পাঁচটা দুৰ্বল অৰ্থনীতিৰ অংশ আছিল বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সেই সময়ত ভাৰতে বিশ্ব অৰ্থনৈতিক ৰেংকিঙত দশম স্থান দখল কৰিছিল, কিন্তু আজি ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে আৰু সেই মাইলৰ খুঁটিৰ দুৱাৰত টুকুৰিয়াইছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে, যিটো পৰিৱৰ্তনক বিশ্বৰ প্ৰতিষ্ঠানসমূহে বহুলভাৱে স্বীকৃতি দিছে আৰু প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২০১৪ চনৰ পূৰ্বে ভাৰতে দুটা অংকৰ মুদ্ৰাস্ফীতিৰ সৈতে যুঁজিছিল। "আজি মুদ্ৰাস্ফীতিৰ হাৰ প্ৰায় ২ শতাংশ হোৱাৰ সময়ত নাগৰিকে সকাহ আৰু সহজ জীৱনধাৰণ লাভ কৰিছে। অধিক বিকাশৰ সৈতে নিম্ন মুদ্ৰাস্ফীতিয়ে এক শক্তিশালী আৰু স্থিৰ উন্নয়ন যাত্ৰাক প্ৰতিফলিত কৰিছে", শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "ডিজিটেল ইণ্ডিয়া আৰু ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউপিআই)ৰ দৰে পদক্ষেপে ভাৰতৰ উদীয়মান সামৰ্থ্য বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিছে আৰু ভাৰতৰ ডিজিটেল পৰিৱেশ তন্ত্ৰৰ প্ৰতি আগ্ৰহ দ্ৰুতগতিত বৃদ্ধি পাইছে। তেওঁ মন্তব্য কৰে যে ইউপিআয়ে ফিনটেক ক্ষেত্ৰত এক শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বাস্তৱ-সময়ৰ ডিজিটেল লেনদেনৰ ক্ষেত্ৰত ভাৰতে বিশ্বক নেতৃত্ব দিছে, যিটো বিশ্বৰ আন যিকোনো দেশতকৈ অধিক।

আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ শেহতীয়া গোলকীয় সন্মিলনত ভাৰতৰ গুৰুত্বপূৰ্ণ কৃতিত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (আইএলঅ '.) ৰ উদ্ধৃতি দি  প্ৰকাশ কৰে যে ভাৰতৰ ৯০ কোটিৰো অধিক লোকক এতিয়া সামাজিক সুৰক্ষাৰ অধীনত সামৰি লোৱা হৈছে, যিটো হৈছে সমাজ কল্যাণৰ ক্ষেত্ৰত এক যুগান্তকাৰী সাফল্য। সাধাৰণতে বাৰিষাৰ বতৰত দেখা দিয়া চকুৰ ৰোগ ট্ৰেকোমাৰ পৰা ভাৰত মুক্ত বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰাৰ প্ৰসংগও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই স্বীকৃতি ভাৰতৰ জনস্বাস্থ্যৰ প্ৰতি চলোৱা প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

বিশ্বক স্তম্ভিত কৰি সন্ত্ৰাসবাদ আৰু ইয়াৰ পৃষ্ঠপোষকসকলৰ প্ৰতি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা পহলগামত সংঘটিত নৃশংস হত্যাকাণ্ডৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বেছিভাগ ৰাজনৈতিক দল আৰু ৰাজ্যৰ প্ৰতিনিধিয়ে দলীয় স্বাৰ্থৰ ঊৰ্ধ্বত দেশৰ সেৱাত আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ আৰম্ভ কৰিছিল। তেওঁ এই ঐকবদ্ধ কূটনৈতিক অভিযানৰ সফলতাৰ ওপৰত আলোকপাত কৰে, যি পাকিস্তানক বিশ্ব মঞ্চত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক হিচাপে উদঙাই দিছিল। শ্ৰী মোদীয়ে এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পদক্ষেপ গ্ৰহণ কৰা সাংসদ আৰু ৰাজনৈতিক দলসমূহৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁলোকৰ এই প্ৰচেষ্টাই দেশত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিলে আৰু সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ মন মুকলি কৰিলে। তেওঁ লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি আগবঢ়োৱা এই গুৰুত্বপূৰ্ণ অৱদানত জড়িত সকলোকে প্ৰশংসা কৰাটো তেওঁৰ সৌভাগ্যৰ কথা।

 

একতাৰ শক্তি আৰু দেশক অনুপ্ৰাণিত তথা শক্তিশালী কৰা এক কণ্ঠস্বৰৰ মনোভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষাকালীন অধিৱেশনে এই মনোভাৱক বিজয়ৰ উদযাপন হিচাপে প্ৰতিফলিত কৰিব, ভাৰতৰ সামৰিক শক্তি আৰু ৰাষ্ট্ৰীয় ক্ষমতাক সন্মান জনাই ১৪০ কোটি নাগৰিকৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপে কাম কৰিব। শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে সামূহিক প্ৰচেষ্টাই প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ অন্বেষণ শক্তিশালী কৰিব। তেওঁ দেশবাসীক সশস্ত্ৰ বাহিনীৰ শক্তিক স্বীকৃতি দিবলৈ আৰু প্ৰশংসা কৰিবলৈ আহ্বান জনায়। জনসাধাৰণ আৰু ৰাজনৈতিক দলসমূহক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে একতাৰ শক্তি আৰু একক কণ্ঠত কথা কোৱাৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। তেওঁ সংসদৰ সকলো সদস্যক সংসদত এই মনোভাবক আগবঢ়াই নিয়াৰো আহ্বান জনায়। ৰাজনৈতিক দলসমূহৰ বৈচিত্ৰ্য আৰু তেওঁলোকৰ নিজ নিজ কাৰ্যসূচীক স্বীকাৰ কৰি শ্ৰী মোদীয়ে কয় যে দলৰ স্বাৰ্থত মতামত ভিন্ন হ"ব পাৰে যদিও জাতীয় স্বাৰ্থৰ বিষয়ত অভিপ্ৰায়ৰ সামঞ্জস্য থাকিব লাগিব। দেশৰ উন্নয়ন বৃদ্ধি, নাগৰিকৰ সবলীকৰণ আৰু ভাৰতৰ প্ৰগতি শক্তিশালী কৰাৰ লক্ষ্যৰে এই অধিৱেশনত কেইবাখনো প্ৰস্তাৱিত বিধেয়ক অন্তৰ্ভুক্ত কৰাৰ নিশ্চয়তা দি তেওঁ বক্তব্যৰ সামৰণি মাৰে। তেওঁ লগতে সংসদৰ সকলো সদস্যক ফলপ্ৰসূ আৰু উচ্চ মানৰ বিতৰ্কৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
First multilingual Indian speech recognition model trained on 65 languages and dialects released

Media Coverage

First multilingual Indian speech recognition model trained on 65 languages and dialects released
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
বিভাজনৰ বিভীষিকাময় স্মৃতি দিৱসত বিভাজনে প্ৰভাৱিত কৰা লোকসকলৰ সাহসক স্মৰণ প্ৰধানমন্ত্ৰীৰ
August 14, 2026
কঠোৰ পৰিশ্ৰম আৰু মানৱীয় প্ৰচেষ্টাৰ শক্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে আমি বিভাজন বিভীষিকাময় স্মৃতি দিৱস উদযাপন কৰাৰ সময়ত এই বিভাজনৰ দ্বাৰা প্ৰভাৱিতসকলৰ সাহসক স্মৰণ কৰিছো। তেওঁ কয় যে এয়া ইতিহাসৰ এনে এটা মুহূৰ্ত, য’ত বহুতো জীৱন ছিন্ন-ভিন্ন হৈ পৰিছিল, য’ত পৰিয়ালসমূহ উৎখাত হৈছিল, বহুতে প্ৰিয়জনক হেৰুৱাইছিল আৰু অপৰিসীম কষ্ট সহ্য কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে একে সময়তে এই বিভীষিকাময় সময় অতিক্ৰম কৰি জনসাধাৰণে শূন্যৰ পৰা পুনৰ তেওঁলোকৰ জীৱন আৰম্ভ কৰিছিল, প্ৰতিকূল অৱস্থাক সাফল্যলৈ ৰূপান্তৰিত কৰিছিল আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁ কয় যে তেওঁলোকৰ জীৱন যাত্ৰাই আমাক অপৰিসীম মানসিক শক্তিৰ কথা সোঁৱৰাই দিয়ে। শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই দিনটোৱে ৰাষ্ট্ৰত সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ বাবে আমাৰ সংকল্পক গভীৰ কৰাৰ লগতে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰিব পাৰে।

সেই দুৰ্বিসহ সময়ৰ পৰা ওলাই আহি দেশৰ প্ৰগতিৰ বাবে অমূল্য অৱদান আগবঢ়োৱা সকলো দেশবাসীলৈ প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে নিজৰ সাহস আৰু সামৰ্থ্যৰ জৰিয়তে তেওঁলোকে দেখুৱাইছে যে প্ৰতিকূল পৰিস্থিতিতো কেনেদৰে সংকল্প সম্পূৰ্ণ কৰা হয়। শ্ৰী মোদীয়ে সদিচ্ছা আৰু সংহতিৰ ৰাষ্ট্ৰীয় মনোভাৱ অধিক শক্তিশালী কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

এটা সুভাশিতম শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কঠোৰ পৰিশ্ৰম, উদ্যম আৰু সমৰ্পিত প্ৰচেষ্টাৰ জৰিয়তে বিভিন্ন কলা, বিজ্ঞান, প্ৰযুক্তিগত দক্ষতা, কাৰুশিল্প আৰু উদ্ভাৱন বিকশিত হয়, যাৰ ফলত সফলতাৰ পথ প্ৰশস্ত হয়। তেওঁ লগতে কয় যে সেয়েহে সকলোৱে ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি সাহস, অধ্যৱসায় আৰু নিৰন্তৰ প্ৰচেষ্টাৰে নিজৰ লক্ষ্যৰ দিশত স্থিৰভাৱে আগবাঢ়িব লাগে, কিয়নো মানৱীয় প্ৰচেষ্টাই ভাগ্য গঢ় দিয়ে।

এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ

‘আজি আমি #PartitionHorrorsRemembranceDay সোঁৱৰণ কৰিছো। বিভাজনৰ ফলত প্ৰভাৱিত সকলোৰে সাহসক আমি স্মৰণ কৰিছো। এইটো ইতিহাসৰ এনে এটা মুহূৰ্ত আছিল, য’ত বিভিন্ন জীৱন ছিন্ন-ভিন্ন হৈ পৰিছিল, পৰিয়ালবোৰ উৎখাত হৈছিল, বহু লোকে প্ৰিয়জনক হেৰুৱাইছিল আৰু অপৰিসীম কষ্ট সহ্য কৰিছিল।

একে সময়তে এইসমূহ অতিক্ৰম কৰি মানুহে তেওঁলোকৰ জীৱন শূন্যৰ পৰা পুনৰ আৰম্ভ কৰিছিল, প্রতিকূলতাক সাফল্যলৈ ৰূপান্তৰিত কৰিছিল আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। তেওঁলোকৰ জীৱন যাত্ৰাই আমাক অপৰিসীম মানসিক শক্তিৰ কথা সোঁৱৰাই দিয়ে।

এই দিনটোৱে ৰাষ্ট্ৰত সম্প্ৰীতি আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ বাবে আমাৰ সংকল্প গভীৰ কৰাৰ লগতে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰাত সহায় কৰক।’

‘বিভাজন বিভীষিকাময় স্মৃতি দিৱসত সেই ভয়ংকৰ সময়ৰ পৰা ওলাই অহাৰ পিছত দেশৰ প্ৰগতিৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়োৱা সকলো দেশবাসীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁলোকে নিজৰ সাহস আৰু শক্তিৰে দেখুৱাইছিল যে কেনেকৈ প্ৰতিকূল পৰিস্থিতিতো সংকল্পবোৰ ৰূপায়ণ কৰিব পৰা যায়। আহক, আমি সদিচ্ছা আৰু সংহতিৰ ৰাষ্ট্ৰীয় মনোভাৱ অধিক শক্তিশালী কৰো।

उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः।
कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति॥’

কঠোৰ পৰিশ্ৰম, উদ্যম আৰু সমৰ্পিত প্ৰচেষ্টাৰ জৰিয়তে বিভিন্ন কলা, বিজ্ঞান, প্ৰযুক্তিগত দক্ষতা, কাৰুশিল্প আৰু উদ্ভাৱন বিকশিত হয়, যাৰ ফলত সফলতাৰ পথ প্ৰশস্ত হয়। সেয়েহে সকলোৱে ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি সাহস, অধ্যৱসায় আৰু নিৰন্তৰ প্ৰচেষ্টাৰে নিজৰ লক্ষ্যৰ দিশত স্থিৰভাৱে আগবাঢ়িব লাগে, কিয়নো মানৱীয় প্ৰচেষ্টাই ভাগ্য গঢ় দিয়ে।