মহামহিমসকল,

চলিত বছৰত গোলকীয় আৰু আঞ্চলিক প্ৰত্যাহ্বানসমূহৰ মাজতো ‘এছচিঅ’-ক প্ৰভাৱশালী ৰূপত নেতৃত্ব প্ৰদান কৰাৰ বাবে মই ৰাষ্ট্ৰপতি মিৰজিয়োয়েভক অভিনন্দন জনাইছো।

মহামাৰীৰ পৰৱৰ্তি পৰিস্থিতিত আজি যেতিয়া সমগ্ৰ পৃথিৱীয়েই অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে, সেই মুহূৰ্তত ‘এছচিঅ’-ৰ ভূমিকা অতিকে গৰুত্বপূৰ্ণ হৈ উঠিছে। ‘এছচিঅ’-ৰ সদস্য ৰাষ্ট্ৰসমূহে গোলকীয় ‘জিডিপি’লৈ ৩০%ৰ অৱদান আগবঢ়ায় আৰু পৃথিৱীৰ জনসংখ্যাৰ ৪০%য়ো এই ‘এছচিঅ’ দেশসমূহতে বসবাস কৰে। ‘এছচিঅ’ দেশসমূহৰ মাজত অধিক সহযোগিতা আৰু পাৰস্পৰিক বিশ্বাসক ভাৰতে সমৰ্থন কৰে। মহামাৰী আৰু ইউক্ৰেইনৰ সংকটে সামগ্ৰিক ভাবে গোলকীয় যোগান-শৃংখলত বহু বাধাৰ সৃষ্টি কৰিছে, যাৰ ফলত সমগ্ৰ পৃথিৱীয়েই এক অভুতপূৰ্ব শক্তি তথা খাদ্য সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। ‘এছচিঅ’ই আমাৰ অঞ্চলটোত এক বিশ্বাসযোগ্য, স্থিতিস্থাপকতা সম্পন্ন আৰু বৈচিত্ৰ্যপূৰ্ণ যোগান-শৃংখল গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰিব লাগিব। ইয়াৰ বাবে উন্নত সংযোগ ব্যৱস্থাৰ লগতে আমি পৰস্পৰে পৰস্পৰক সৰবৰাহৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিব লাগিব।


মহামহিমসকল,

ভাৰতক এক উত্পাদনী প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আমি অগ্ৰগতি লাভ কৰিছো। ভাৰতৰ যুৱ আৰু প্ৰতিভাধৰ কৰ্মবাহিনীয়ে আমাক প্ৰাকৃতিক প্ৰতিযোগী হিচাপে গঢ়ি তুলিছে। এইটো বছৰত ভাৰতৰ অৰ্থনীতি ৭.৫% হাৰে বৃদ্ধি পাব বুলি আশা কৰা হৈছে, যিটো আজিৰ তাৰিখত পৃথিৱীৰ বৃহত্তম অৰ্থনীতিৰ দেশসমূহৰ ভিতৰতে সৰ্বাধিক। আমাৰ জনতা-কেন্দ্ৰিক উন্নয়ণ-আৰ্হিত প্ৰযুক্তিৰ যথাৰ্থ প্ৰয়োগত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আমি সকলোবোৰ ক্ষেত্ৰতে উদ্ভাৱনশীলতা অনাত সমৰ্থন আগবঢ়াইছো। আজিৰ তাৰিখত ভাৰতবৰ্ষত ৭০,০০০ৰো অধিক ‘ষ্ট্ৰ্টআপ’ আছে, ইয়াৰে ১০০তকৈয়ো অধিকেই হৈছে ‘ইউনিকৰ্ণ’। আমাৰ অভিজ্ঞতাসমূহ বিভিন্ন ‘এছচিঅ’ সদস্য দেশসমূহৰ বাবেও উপযোগী হ’ব। এই উদ্দেশ্যে, আমি ‘ষ্টাৰ্টআপ’ আৰু ‘উদ্ভৱান’ সম্পৰ্কীয় আমাৰ অভিজ্ঞতাৱলী ‘এছচিঅ’ দেশসমূহক ভগাই দিয়াৰ বাবে  সাজু আছো।


মহামহিমসকল,

সাম্প্ৰতিক সময়ত পৃথিৱীয়ে আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে-আৰু সেয়া হৈছে আমাৰ নাগৰিকসলৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাটো। এই সমস্যাৰ সমাধানৰ বাবে সম্ভৱ হ’ব পৰা এটা সূত্ৰ হৈছে ‘মিলেট’ৰ খেতি কৰা আৰু খাদ্য হিচাপে ইয়াৰ ব্যৱহাৰ কৰাটো। ‘মিলেট’ হৈছে উত্তম খাদ্য, আৰু ইয়াৰ উত্পাদন, কেৱল ‘এছচিঅ’ দেশসমূহতে নহয় বৰঞ্চ, পৃথিৱীৰ বিভিন্ন প্ৰান্তত সহস্ৰ বছৰ ধৰি অব্যাহত আছে, আৰু এক পাৰম্পৰিক, পৰিপুষ্টিযুক্ত তথা খাদ্য সংকটৰে মোকাবিলা কৰিব পৰা নিম্ন-ব্যয়ৰ বিকল্প। ৰাষ্ট্ৰসংঘই ২০২৩ বছৰটো ‘আন্তঃৰাষ্ট্ৰীয় মিলেট-বৰ্ষ’ হিচাপে উদযাপন কৰিব। ‘এছচিঅ’-ৰ উদ্যোগত আমি ‘মিলেট খাদ্য উত্সৱ’ অনুষ্ঠিত কৰাৰ কথাটো ভাবিব পাৰো।

ভাৰত আজি  পৃথিৱীৰ ভিতৰতে আটাইতকৈ সামৰ্থ্যযোগ্য চিকিত্সা আৰু সুস্থতাৰ পৰ্যটনৰ লক্ষ্যস্থান। ২০২২ চনৰ এপ্ৰিল মাহত গুজৰাটত ‘বিশ্ব স্বাস্থ্য সংস্থা’ ‘হু’-ৰ ‘পাৰম্পৰিক চিকিত্সাৰ গোলকীয় কেন্দ্ৰ’ৰ শুভাৰম্ভ কৰা হৈছে। আমি ‘এছচিঅ’ দেশসমূহৰ মাজত পাৰম্পৰিক ঔষধৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিব লাগিব। ইয়াৰ বাবে, এটা নতুন পাৰম্পৰিক চিকিত্সা সম্পৰ্কীয় ‘এছচিঅ’ কৰ্ম বাহিনী গঠন কৰিবলৈ ভাৰতে উদ্যোগ গ্ৰহণ কৰিব।

বক্তব্যৰ সামৰণি মৰাৰ আগতে মই আকৌ এবাৰ ৰাষ্ট্ৰপতি মিৰজিয়োয়েভক  আজিৰ সন্মিলনখন সুন্দৰকৈ পৰিচালনা কৰাৰ লগতে তেওঁৰ উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জনাব খুজিছো।

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi