কম হাৰত টীকাৰকৰণ হোৱা ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয় আৰু অন্যান্য ৪০খনৰো অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰীয়ে
বছৰটোৰ শেহ পৰ্যন্ত টীকাকৰণৰ পৰিসৰ বিস্তৃত কৰি তোলাটো নিশ্চিত কৰাৰ বাবে সকলো স্তৰৰ বিষয়াবৰ্গক তত্পৰ কৰি তোলাত গুৰুত্ব, আস্থা আৰু নতুন বিশ্বাসৰে নতুন বছৰত প্ৰৱেশৰ আহ্বান
“প্ৰতিটো পৰিয়াললৈ টীকাকৰণ অভিযানক সম্প্ৰসাৰিত কৰাৰ বাবে আমি প্ৰস্তুতি সম্পূৰ্ণ কৰিছো। ‘হৰ ঘৰ দস্তক’- ‘প্ৰতিখন দুৱাৰত টোকৰ’-ৰ মন্ত্ৰ আওৰাই দুপালি প্ৰতিষেধক নোলোৱাকৈ থকা সকলক সুৰক্ষা বেষ্টনীৰ আওতালৈ আনাৰ বাবে পদক্ষেপ লওক”
“স্থানীয় পৰ্যায়ত থকা ব্যৱধান আঁতৰাই সম্পূৰ্ণ টীকাকৰণ সম্ভৱ কৰিবলৈ ক্ষুদ্ৰ পৰিসৰৰ ৰণকৌশল যুগুতাই আগবাঢ়ক”
“আপোনালোকৰ জিলাৰ টীকাকৰণৰ হাৰ ৰাষ্ট্ৰীয় হাৰৰ কাষ চপোৱাৰ বাবে সৰ্বস্ব উজাৰি কামত ব্ৰতী হ’ব লাগিব”
“স্থানীয় ধৰ্মীয় নেতৃবৃন্দৰ অধিক সহযোগিতা গ্ৰহণ কৰিব পাৰে আপোনালোকে। সকলো ধৰ্মৰ নেতৃবৃন্দই সদায়ে টীকাকৰণৰ সপক্ষে সজোৰে মাত মাতি অহা পৰিলক্ষিত হৈছে”
“নিৰ্দ্ধাৰিত সময়ক অগ্ৰধিকাৰ ভিত্তিত গ্ৰহণ কৰি দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ

ইটালী আৰু গ্লাছগ’ৰ ভ্ৰমণ সামৰি দেশলৈ উভতি অহাৰ পিচতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কম হাৰত টীকাকৰণ হোৱা দেশৰ জিলাসমূহৰে এক পৰ্যলোচনা সভাত মিলিত হয়। এই সভাত ক’ভিড-ৰ প্ৰথম পালি প্ৰতিষেধকৰ ক্ষেত্ৰত ৫০%তকৈ কম আৰু দ্বিতীয় পালি প্ৰতিষেধকৰ ক্ষেত্ৰত কম হাৰত টীকাকৰণ সম্পন্ন হোৱা জিলাসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। সভাত প্ৰধানমন্ত্ৰীয়ে কম হাৰত টীকাৰকৰণ হোৱা ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয় আৰু অন্যান্য ৪০খনৰো অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে বাৰ্তালাপ কৰে।

জিলা দণ্ডাধীশসকলে টীকাকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ জিলাসমূহত সন্মুখীন হোৱা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে বিস্তৃত ভাবে অৱগত কৰে। এইক্ষেত্ৰত প্ৰতিষেধক গ্ৰহণক লৈ চলা অপপ্ৰচাৰে সৃষ্টি কৰা আশংকা, দুৰ্গম পাৰ্বত্য এলেকা, শেহতীয়া মাহচেৰেকত বতৰে সৃষ্টি কৰা প্ৰত্যাহ্বান আদিৰ কথা প্ৰায় সকল বিষয়াই বিশেষ ভাবে উল্লেখ কৰে। এনেধৰণৰ প্ৰত্যাহ্বানকো নেওঁচি টীকাকৰণ অভিযান অব্যাহত ৰখাৰ বাবে তেওঁলোকে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও সংশ্লিষ্টসকলে প্ৰধানমন্ত্ৰীক জানিবলৈ দিয়ে। ইফালে, টীকাকৰণৰ হাৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা এলানি উত্তম অনুশীলন সম্পৰ্কেও জিলা দণ্ডাধীশসকলে তথ্য দাঙি ধৰে।

সভাত প্ৰধানমন্ত্ৰীয়ে টীকাকৰণ সন্দৰ্ভত স্থানীয় পৰ্যায়ত অব্যাহত থকা আশংকাৰ বিষয়তো বিস্তৃত ভাবে আলোচনা কৰে। তেওঁ এনে আশংকা আঁতৰাই জিলাসমূহত ১০০% টীকাকৰণ সম্ভৱ কৰি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ বিষয়েও বিস্তৃত আলোচনাত মিলিত হয়। এইক্ষেত্ৰত সামাজিক অনুষ্ঠানসমূহৰ লগতে ধৰ্মীয় আৰু সামাজিক সংগঠনৰ নেতাসকলৰ সহযোগিতা গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে। বছৰটোৰ শেহ পৰ্যন্ত টীকাকৰণৰ পৰিসৰ বিস্তৃত কৰি তোলাটো নিশ্চিত কৰাৰ বাবে সকলো স্তৰৰ বিষয়াবৰ্গক তত্পৰ কৰি তোলাত গুৰুত্ব আৰোপ কৰাৰ লগতে নতুন আস্থা, নতুন বিশ্বাসৰে নতুন বছৰত প্ৰৱেশৰ পৰিৱেশ ৰচনাৰ বাবে সকলোকে আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোকে গ্ৰহণ কৰা সক্ৰিয় ভূমিকাই জিলাসমূহত অব্যাহত থকা টীকাকৰণ অভিযানক বাৰুকৈয়ে উতসাহ যোগাব বুলি অভিমত প্ৰকাশ কৰে। ক’ৰোনা মহামাৰীক শতিকাৰ সবাতোকৈ বৃহত্ অতিমাৰী বুলি অভিহিত কৰি এনে অতিমাৰীৰে মোকাবিলা কৰিবলৈ দেশে আহোপুৰুষাৰ্থ কৰি আছে বুলি উল্লেখ কৰাৰ লগতে প্ৰধনমন্ত্ৰীয়ে ইয়াৰ বাবে নতুন নতুন পদ্ধতি উদ্ভাৱনৰো প্ৰয়োজনীয়তা দোহাৰে। তেওঁ প্ৰতিখন জিলাতে টীকাকৰণৰ হাৰ বৃদ্ধিৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণৰ বাবে প্ৰশাসকসকলক আহ্বান জনায়। তেওঁ কয়, ‘স্থানীয় পৰ্যায়ত থকা ব্যৱধান আঁতৰাই সম্পূৰ্ণ টীকাকৰণ সম্ভৱ কৰিবলৈ ক্ষুদ্ৰ পৰিসৰৰ ৰণকৌশল যুগুতাই আগবাঢ়ক। আপোনালোকৰ জিলাসমূহৰ টীকাকৰণৰ হাৰ ৰাষ্ট্ৰীয় হাৰৰ কাষ চপোৱাৰ বাবে সৰ্বস্ব উজাৰি কামত ব্ৰতী হ’ব লাগিব’ বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

ইফালে, “প্ৰতিটো পৰিয়াললৈ টীকাকৰণ অভিযানক সম্প্ৰসাৰিত কৰাৰ বাবে আমি প্ৰস্তুতি সম্পূৰ্ণ কৰিছো” বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে ‘হৰ ঘৰ দস্তক’- ‘প্ৰতিখন দুৱাৰত টোকৰ’-ৰ মন্ত্ৰ আওৰাই দুপালি প্ৰতিষেধক নোলোৱাকৈ থকা সকলক সুৰক্ষা বেষ্টনীৰ আওতালৈ আনাৰ বাবে পদক্ষেপ গ্ৰহণৰ পোষকতা কৰে।

ভাষণ প্ৰসংগত তেওঁ দিনদিয়েক আগতে ভেটিকানত পোপৰ সৈতে হোৱা সাক্ষাতৰ কথা উল্লেখ কৰাৰ লগতে টীকাকৰণ অভিযান সাফল্যমণ্ডিত কৰাৰ বাবে ধৰ্মীয় আৰু সামাজিক সংগঠনসমূহৰ সহযোগিতা গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ কয়, “এইক্ষেত্ৰত আপোনালোকে স্থানীয় ধৰ্মীয় নেতৃবৃন্দৰ অধিক সহযোগিতা গ্ৰহণ কৰিব পাৰে। সকলো ধৰ্মৰ নেতৃবৃন্দই সদায়ে টীকাকৰণৰ সপক্ষে সজোৰে মাত মাতি অহা পৰিলক্ষিত হৈছে” বুলিও তেওঁ অনুভৱ প্ৰকাশ কৰে। তেওঁ, নিৰ্দ্ধাৰিত সময়ক অগ্ৰধিকাৰ ভিত্তিত গ্ৰহণ কৰি দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ নকৰা ব্যক্তিসকলক যোগাযোগ কৰাতো গুৰুত্ব আৰোপ কৰে।

প্ৰসংগক্ৰমে তেওঁ সকলোৰে বাবে বিনামূলীয়া প্ৰতিষেধক অভিযানৰ জৰিয়তে ভাৰতে ইতিহাস ৰচনা কৰিছে বুলি অভিমত ব্যক্ত কৰাৰ লগতে দিনটোৰ ভিতৰতে ২.৫কোটি পালি প্ৰতিষেধক প্ৰদান কৰি অভিলেখ ৰচনা কৰাৰ লগতে ইয়াৰ জৰিয়তে ভাৰতে নিজৰ সামৰ্থ্যকো প্ৰতিপন্ন কৰিলে বুলি মন্তব্য কৰে। সংশ্লিষ্ট জিলাৰ প্ৰশাসকসকলক টীকাকৰণৰ ক্ষেত্ৰত সতীৰ্থসকলৰ পৰা তেওঁলোকে গ্ৰহণ কৰা উত্তম অনুশীলন গ্ৰহণ কৰাৰো পৰামৰ্শ আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India

Media Coverage

One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মাৰ্চ 2026
March 27, 2026

Relief, Revival & Rise: How PM Modi is Building a Modern, Rooted & Self-Reliant India