"এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ ধাৰণাই উদ্দেশ্যত একতা আৰু কামকাজত একতাৰ প্ৰয়োজনৰ দিশত সংকেত কৰে"
"বিশ্বযুদ্ধৰ পাছত বিশ্বজনীন শাসন, সম্ভাব্য যুদ্ধ বন্ধ কৰা আৰু উমৈহতীয়া হিতৰ বিষয়বোৰত আন্তঃৰাষ্ট্ৰীয় সহযোগক অনুপ্ৰাণিত কৰা, দুয়োটাতে বিফল হৈছে"
"কোনো গোটে তেওঁলোকৰ কণ্ঠ নুশুনাকৈ, যি তেওঁলোকৰ সিদ্ধান্তৰ দ্বাৰা প্ৰভাৱিত হয়, কেতিয়াও বিশ্বজনীন নেতৃত্বৰ দাবী কৰিব নোৱাৰে"
"জি-২০ৰ ভাৰতৰ অধ্যক্ষতাই গ্লবেল ছাউথৰ কণ্ঠ উপস্থাপনৰ প্ৰয়াস কৰিছে"
"আমি সেই বিষয়বোৰক অনুমতি দিয়া অনুচিত যাৰ সমাধান আমি একত্ৰিত হৈ কৰিব নোৱাৰো, যাতে সেই সমাধান যোগ্য বিষয়ৰ আওতালৈ আহিব নোৱাৰে"
"এফালে বিকাশ আৰু দক্ষতাৰ মাজত সঠিক সন্তুলন বজাই ৰাখিবলৈ আৰু আনফালে প্ৰতিৰোধ-ক্ষমতাৰ বাবে জি-২০ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ মাধ্যমত জি-20ৰ বিশেষ মন্ত্ৰীসকলৰ বৈঠক সম্বোধন কৰে।

উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ৰেখাপাত কৰে যে ভাৰতে কিয় নিজৰ জি-20 অধ্যক্ষতাৰ বাবে 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত'ৰ বিষয়বস্তু বাছনি কৰিলে। তেওঁ কয় যে এই বিষয়বস্তুৱে উদ্দেশ্যত একতা আৰু কামকাজত একতাৰ প্ৰয়োজনৰ সংকেত দিয়ে। প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে আজিৰ বৈঠকত উমৈহতীয়া আৰু বিশেষ উদ্দেশ্য আহৰণ কৰিবলৈ একতাৰ ভাবনা পৰিলক্ষিত হ'ব।

আজি পৃথিৱীত বহুপক্ষবাদৰ ওপৰত ব্যাপ্ত সংকটৰ প্ৰতি লক্ষ্য ৰাখি, প্ৰধানমন্ত্ৰীয়ে দুটা প্ৰধান কাৰণৰ ফালে সংকেত দিয়ে, যাক দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এইবাবে প্ৰস্তুত কৰা হৈছিল, যাতে তাক বিশ্বজনীন শাসনৰ ভেটি হিচাপে ব্যৱহাৰ কৰিব পাৰি। প্ৰধানমন্ত্ৰীয়ে কয় যে সৰ্বপ্ৰথমে প্ৰতিদ্বন্দী হিতসমূহ সন্তুলিত কৰি আৰু দ্বিতীয়তে উমৈহতীয়া হিতৰ বিষয়বোৰত আন্তঃৰাষ্ট্ৰীয় সহযোগৰ জৰিয়তে সম্ভাব্য যুদ্ধ বন্ধ কৰাৰ কথা আছিল। বিত্তীয় সংকট, জলবায়ু পৰিৱৰ্তন, মহামাৰী, সন্ত্ৰাসবাদ আৰু যোৱা কিছুবছৰত হোৱা যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বজনীন শাসন, দুয়োটা বিষয়তে বিফল হৈছে। তেওঁ কয় যে এই বিফলতাৰ দুখজনক পৰিণাম প্ৰায় সকলো উন্নয়নশীল দেশে ভূগিবলগা হৈছে তথা পৃথিৱীয়ে কেইবাবছৰৰ প্ৰগতিৰ পাছত স্থায়ী বিকাশ ধ্বংস হৈ যোৱাৰ সন্ধিক্ষণত। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে অনেক উন্নয়নশীল দেশে নিজৰ মানুহৰ বাবে খাদ্য আৰু শক্তিৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চেষ্টা তো চলাই আছে, কিন্তু তেওঁলোকে ঋণৰ সৈতে যুঁজিও আছে, যাক পৰিশোধ কৰা কঠিন হৈ পৰিছে। তেওঁ এই কথাও উল্লেখ কৰে যে এয়া উন্নয়নশীল দেশেই, যি ধনী দেশৰ কাৰণে হ'বলগা গ্লবেল ৱাৰ্মিঙেৰে সৰ্বাধিক পীড়িত। প্ৰধানমন্ত্ৰীয়ে এই কথাৰ সংকেত দিয়ে যে কোনো গোটে তেওঁলোকৰ কণ্ঠ নুশুনাকৈ, যি তেওঁলোকৰ সিদ্ধান্তৰ দ্বাৰা প্ৰভাৱিত হয়, কেতিয়াও বিশ্বজনীন নেতৃত্বৰ দাবী কৰিব নোৱাৰে। এই ক্ৰমত তেওঁ কয়, "জি-20ৰ ভাৰতৰ অধ্যক্ষতাই গ্লবেল ছাউথৰ কণ্ঠ উপস্থাপনৰ প্ৰয়াস কৰিছে।"

প্ৰধানমন্ত্ৰীয়ে ৰেখাপাত কৰে যে আজিৰ বৈঠক গভীৰ বিশ্বজনীন পৰিঘটনাৰ সময়ত হৈ আছে আৰু বিদেশ মন্ত্ৰী হোৱা বাবে সকলোৰে বাবে স্বাভাৱিক যে আলোচনাত আজিৰ ভূ-ৰাজনৈতিক দুশ্চিন্তাত প্ৰভাৱ পৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, "আমি সকলোৰে নিজৰ নিজৰ দৃষ্টি আৰু পৰিপ্ৰেক্ষ আছে যে কেনেকৈ এই দুশ্চিন্তা দূৰ কৰিব পাৰি।" তেওঁ জোৰ দিয়ে যে যিসকল লোক এই কক্ষত উপস্থিত নাই, আৰু পৃথিৱীৰ অগ্ৰণী অৰ্থব্যৱস্থা হোৱা বাবে তেওঁলোকৰ দায়িত্ব আমাৰ ওপৰত আছে। প্ৰধানমন্ত্ৰীয়ে কয়, "পৃথিৱীয়ে প্ৰগতি, বিকাশ, অৰ্থনৈতিক সমায়োজন, দুৰ্যোগ প্ৰতিৰোধ ক্ষমতা, বিত্তীয় স্থিৰতা, সীমাৰ সিপাৰৰ অপৰাধ, ভ্ৰষ্টাচাৰ, সন্ত্ৰাসবাদ আৰু খাদ্য আৰু ইন্ধনৰ সুৰক্ষাৰ প্ৰত্যাহ্বান সমাধান কৰিবলৈ জি-20ৰ ফালে চাই আছে।" এই ক্ৰমত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সাধাৰণ সহমত গঠন কৰা আৰু এই সকলো ক্ষেত্ৰত বিশেষ পৰিণাম দিয়াত জি-20 ক্ষমতাশালী। তেওঁ জোৰ দিয়ে যে আমি সেই বিষয়বোৰক অনুমতি দিয়া উচিত নহয়, যাৰ সমাধান আমি একত্ৰিত হৈ কৰিব নোৱাৰো, যাতে সেয়া সমাধানযোগ্য বিষয়ৰ আওতালৈ আহিব নোৱাৰে। এই বৈঠক গান্ধী তথা বুদ্ধৰ ভূমিত হৈ আছে, ইয়াৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মহামহিমসকলক আহ্বান জনায় যে তেওঁলোকে ভাৰতৰ সভ্যতামূলক চেতনাৰ পৰা প্ৰেৰণা গ্ৰহণ কৰি সেই বিন্দুবোৰত মনোযোগ কেন্দ্ৰীভূত কৰক, যি আমাক সকলোকে একত্ৰিত কৰে, আমাৰ মাজত যাতে বিভাজন সৃষ্টি নকৰে।

প্ৰাকৃতিক দুৰ্যোগ আৰু সংকটপূৰ্ণ মহামাৰীত হাজাৰ হাজাৰ মানুহৰ প্ৰাণ হানি হোৱা ঘটনাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সংকট আৰু সংঘাতৰ সময়ত কেনেকৈ বিশ্বজনীন যোগান শৃংখলা ভাগি গ'ল। স্থিৰ অৰ্থব্যৱস্থা কেনেকৈ হঠাত ঋণ আৰু বিত্তীয় সংকটত আৱদ্ধ হৈ পৰিল, ইয়াৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে যে এয়া আমাৰ সমাজ, অৰ্থব্যৱস্থা, স্বাস্থ্য সুবিধা প্ৰণালী আৰু আন্তঃগাঁথনিত স্থিতি দেখুওৱাৰ সময়। প্ৰধানমন্ত্ৰীয়ে কয়, "এফালে বিকাশ আৰু দক্ষতাৰ মাজত সঠিক সন্তুলন বজাই ৰাখিবলৈ আৰু আনফালে প্ৰতিৰোধ-ক্ষমতাৰ বাবে জি-20ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।" তেওঁ পৰামৰ্শ দিয়ে যে একেলগ হৈ কাম কৰিলে এই সন্তুলন সহজে আহৰণ কৰিব পাৰি। নিজৰ বক্তব্য সমাপ্ত কৰি প্ৰধানমন্ত্ৰীয়ে সামূহিক বুদ্ধিমত্তা আৰু ক্ষমতাৰ ওপৰত বিশ্বাস ব্যক্ত কৰে আৰু আশা প্ৰকাশ কৰে যে আজিৰ বৈঠক মহত্বাকাংক্ষী আৰু সমাৱেশী তথা কামকাজৰ প্ৰতি তৎপৰ হিচাপে প্ৰতিপন্ন হ'ব, য'ত মতভেদৰ পৰা ঊৰ্ধত উঠি সমাধান উলিওৱা হ'ব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian scientists break a century-old limit on turning heat into electricity

Media Coverage

Indian scientists break a century-old limit on turning heat into electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"