মান্যবৰ,

ব্ৰিকছ ব্যৱসায়িক সমুদায়ৰ নেতবৃন্দ,

নমস্কাৰ!

মই আনন্দিত যে আমি দক্ষিণ আফ্ৰিকাৰ ভূমিত ভৰি দিয়াৰ লগে লগে ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ জৰিয়তে আমাৰ কাৰ্যসূচীৰ আৰম্ভণি কৰা হৈছে।

প্ৰথমে ৰাষ্ট্ৰপতি ৰামাফোছাক তেওঁৰ আমন্ত্ৰণৰ বাবে আৰু এই বৈঠকৰ আয়োজন কৰাৰ বাবে ধন্যবাদ জনাইছো।

ব্ৰিকছ ব্যৱসায়িক পৰিষদৰ দশম বৰ্ষপূৰ্তি উপলক্ষে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বিগত দহ বছৰত ব্ৰিকছ ব্যৱসায়িক পৰিষদে আমাৰ অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

২০০৯ চনত যেতিয়া প্ৰথমখন ব্ৰিকছ সন্মিলন অনুষ্ঠিত হৈছিল, তেতিয়া বিশ্বই এক বৃহৎ অৰ্থনৈতিক সংকটৰ পৰা ওলাই আহিছিল।

সেই সময়ত ব্ৰিকছক বিশ্ব অৰ্থনীতিৰ বাবে আশাৰ কিৰণ হিচাপে দেখা গৈছিল।

বৰ্তমান সময়তো ক’ভিড মহামাৰী, উত্তেজনা, সংঘাতৰ মাজতে বিশ্বই অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সৈতে যুঁজি আছে।

এনে সময়ত পুনৰবাৰ ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ এক উল্লেখযোগ্য ভূমিকা আছে।

বন্ধুসকল,

বিশ্ব অৰ্থনীতিত অস্থিৰতাৰ মাজতো ভাৰত বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি।

অতি সোনকালে ভাৰত পাঁচ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ পৰিণত হ’ব।

আগন্তুক বছৰবোৰত ভাৰত বিশ্বৰ বিকাশৰ ইঞ্জিন হৈ পৰিব।

কাৰণ ভাৰতে প্ৰতিকূলতা আৰু প্ৰত্যাহ্বানৰ সময়ক অৰ্থনৈতিক সংস্কাৰৰ সুযোগলৈ ৰূপান্তৰিত কৰিছে।

বিগত কেইবছৰমানৰ পৰা আমি মিছন মোডত যি সংস্কাৰ হাতত লৈছো, তাৰ ফলত ভাৰতত ব্যৱসায়ৰ সহজতাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে উন্নতি ঘটিছে।

আমি অনুপালনৰ বোজা হ্ৰাস কৰিছো।

আমি ৰঙা ফিটাৰ ঠাইত ৰঙা দলিচা পাৰিছো।

জিএছটি (সামগ্ৰী আৰু সেৱা কৰ) আৰু দেউলীয়া আৰু দেউলীয়াপন সংহিতা ৰূপায়ণে বিনিয়োগকাৰীৰ আস্থা বৃদ্ধি কৰিছে।

পূৰ্বে নিষিদ্ধ হৈ থকা প্ৰতিৰক্ষা আৰু মহাকাশৰ দৰে খণ্ডসমূহ এতিয়া ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰা হৈছে।

আমি বিশেষকৈ ৰাজহুৱা সেৱা প্ৰদান আৰু সুশাসনৰ ওপৰত গুৰুত্ব দিছো।

প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ভাৰতে বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য উত্থান লাভ কৰিছে।

ইয়াৰ সৰ্বাধিক লাভ আমাৰ গ্ৰাম্য মহিলাসকলে লাভ কৰিছে।

আজি ভাৰতৰ লাখ লাখ লোকে মাত্ৰ এটা ক্লিকতে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে চৰকাৰৰ সুবিধা লাভ কৰে।

এতিয়ালৈকে ৩৬০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক মূল্যৰ ধন এনেদৰে হস্তান্তৰ কৰা হৈছে।

ইয়াৰ ফলত সেৱা প্ৰদানৰ ক্ষেত্ৰত স্বচ্ছতা বৃদ্ধি পাইছে, দুৰ্নীতি হ্ৰাস পাইছে, মধ্যভোগী কম হৈছে।

ভাৰতত প্ৰতি গিগাবাইট ডাটাৰ মূল্য আটাইতকৈ সুলভ।

আজি পদপথৰ পৰা আৰম্ভ কৰি বৃহৎ শ্বপিং মললৈকে লেনদেনৰ বাবে ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) ব্যৱহাৰ কৰা হয়।

আজি ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক ডিজিটেল লেনদেন কৰা দেশ হিচাপে থিয় দিছে।

ইউএই, ছিংগাপুৰ, ফ্ৰান্সৰ দৰে দেশসমূহেও এই মঞ্চত যোগদান কৰিছে।

ব্ৰিকছ দেশসমূহৰ সৈতেও ইয়াৰ ওপৰত কাম কৰাৰ অসংখ্য সম্ভাৱনা আছে।

ভাৰতৰ আন্তঃগাঁথনিত বৃহৎ পৰিসৰৰ বিনিয়োগে দেশৰ পৰিৱেশ সলনি কৰিছে।

 

এই বছৰৰ বাজেটত আমি আন্তঃগাঁথনিৰ বাবে প্ৰায় ১২০ বিলিয়ন মাৰ্কিন ডলাৰ আবণ্টন দিছো।

এই বিনিয়োগৰ জৰিয়তে আমি ভৱিষ্যতৰ এখন নতুন ভাৰতৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিছো।

ৰে’ল, স্থল পথ, জলপথ, আকাশীপথত দ্ৰুতগতিত পৰিৱৰ্তন ঘটিছে।

ভাৰতত বছৰি দহ হাজাৰ কিলোমিটাৰ গতিৰে নতুন ঘাইপথ নিৰ্মাণৰ কাম চলি আছে।

বিগত ৯ বছৰত বিমানবন্দৰৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে।

বিনিয়োগ আৰু উৎপাদন বৃদ্ধিৰ বাবে আমি উৎপাদনভিত্তিক উদ্গনি আঁচনি প্ৰৱৰ্তন কৰিছো।

লজিষ্টিক খৰচ হ্ৰাস পোৱাৰ ফলত ভাৰতৰ উৎপাদন খণ্ডক অধিক প্ৰতিযোগিতামূলক কৰি তুলিছে।

নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ।

সৌৰশক্তি, বায়ু শক্তি, বৈদ্যুতিক বাহন, সেউজ হাইড্ৰ’জেন আৰু সেউজ এমোনিয়া আদি খণ্ডত ভাৰতক বিশ্ব উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আমি সক্ৰিয়ভাৱে পদক্ষেপ গ্ৰহণ কৰিছো।

ইয়াৰ দ্বাৰা ভাৰতত নবীকৰণযোগ্য প্ৰযুক্তিৰ যথেষ্ট বজাৰ সৃষ্টি হোৱাটো স্বাভাৱিক।

আজি ভাৰতত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম আছে।

ভাৰতত এশৰো অধিক ইউনিকৰ্ণ আছে।

তথ্য প্ৰযুক্তি, দূৰসংযোগ, ফিনটেক, কৃত্ৰিম বুদ্ধিমত্তা আৰু অৰ্ধপৰিবাহীৰ দৰে খণ্ডত আমি "মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড"ৰ দৃষ্টিভংগীক প্ৰচাৰ কৰিছো।

এই সকলোবোৰ প্ৰচেষ্টাই সাধাৰণ মানুহৰ জীৱনত প্ৰত্যক্ষ ইতিবাচক প্ৰভাৱ পেলাইছে।

বিগত ৯ বছৰত মানুহৰ আয় প্ৰায় তিনিগুণ বৃদ্ধি পাইছে।

ভাৰতৰ অৰ্থনৈতিক বিকাশত মহিলাসকলে উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।

তথ্য প্ৰযুক্তিৰ পৰা মহাকাশলৈকে, বেংকিঙৰ পৰা স্বাস্থ্যসেৱালৈকে মহিলাসকলে পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই দেশৰ প্ৰগতিৰ দিশত অৰিহণা যোগাইছে।

ভাৰতৰ জনসাধাৰণে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ গঢ়াৰ প্ৰতিশ্ৰুতি দিছে।

বন্ধুসকল,

আপোনালোক সকলোকে ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশ হ'বলৈ আমন্ত্ৰণ জনাইছো।

ক’ভিড মহামাৰীয়ে আমাক সুস্থিৰ আৰু সৰ্বাংগীন যোগান শৃংখলৰ গুৰুত্বক শিকাইছে৷

ইয়াৰ বাবে পাৰস্পৰিক বিশ্বাস আৰু স্বচ্ছতা অতি গুৰুত্বপূৰ্ণ।

ইজনে সিজনৰ শক্তিক একত্ৰিত কৰি আমি সমগ্ৰ বিশ্বৰ বিশেষকৈ গ্ল’বেল ছাউথৰ মংগলৰ বাবে যথেষ্ট অৰিহণা যোগাব পাৰো।

মান্যবৰ,

আকৌ এবাৰ ব্ৰিকছৰ ব্যৱসায়িক সমাজৰ নেতাসকলক তেওঁলোকৰ অৱদানৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ।

এই অসাধাৰণ অনুষ্ঠানটো আয়োজন কৰাৰ বাবে মোৰ বন্ধু ৰাষ্ট্ৰপতি ৰামাফোছাকো কৃতজ্ঞতা জ্ঞাপন কৰিছো।

ধন্যবাদ৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits L&T complex at Hazira, Gujarat
June 05, 2026

Prime Minister Shri Narendra Modi today visited the Larsen & Toubro (L&T) complex at Hazira, Gujarat, where he witnessed pioneering innovations being developed by the company across various sectors.

The Prime Minister highly commended the significant role played by L&T in furthering self-reliance in India's defence sector. Sharing glimpses from the visit, Shri Modi appreciated the engineering achievements and advancements being spearheaded at the facility.

In a series of posts on X, the Prime Minister shared:

"This afternoon, went to the L&T complex at Hazira. Witnessed some of their pioneering innovations across different sectors. The role played by L&T in furthering self-reliance in the defence sector is commendable.
@larsentoubro"

"Here are some more glimpses from the visit to the L&T complex in Hazira, Gujarat."